5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

প্ৰেমিকাৰ হৃদয় জয় কৰিবলৈ ছলমান খানৰ পিতৃক ভাবুকি! আৰক্ষীৰ জিম্মাত অজ্ঞাত মহিলা

Salman khan Father Salim Khan: লৰেন্স বিষ্ণোইৰ নামত এগৰাকী অজ্ঞাত মহিলাই ভাবুকি প্ৰদান কৰিছে ছলমান খানৰ পিতৃ চেলিম খানক । ৰাতিপুৱা খোজ কাঢ়িবলৈ যোৱা চেলিম খানৰ ওচৰলৈ আহি মহিলাগৰাকীয়ে এই ভাবুকি দিছিল। বৰ্তমান মহিলাগৰাকীৰ বিৰুদ্ধে মুম্বাইৰ বান্দ্ৰা আৰক্ষী থানাত অভিযোগ দাখিল কৰা হৈছিল। তাৰ পাছত মহিলাগৰাকীক আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে।

প্ৰেমিকাৰ হৃদয় জয় কৰিবলৈ ছলমান খানৰ পিতৃক ভাবুকি! আৰক্ষীৰ জিম্মাত অজ্ঞাত মহিলা
ছলমান খানৰ পিতৃ চেলিম খানক ভাবুকি!
Follow Us
trishna-kalita
Trishna Kalita | Updated On: 19 Sep 2024 19:24 PM

Salman khan Father Salim Khan: বলীউডৰ ভাইজান ছলমান খানে বহুবাৰ লৰেন্স বিষ্ণোই দলৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰিছে। কেইদিনমান আগতে তেওঁৰ গ্যালাক্সি এপাৰ্টমেণ্টত গুলীবৰ্ষণ হৈছিল। এতিয়া কেইমাহমানৰ পাছত অভিনেতাগৰাকীৰ পিতৃ চেলিম খানক এগৰাকী বোৰ্খা পৰিহিত মহিলাই ভাবুকি প্ৰদান কৰিছে। ১৮ ছেপ্টেম্বৰত যেতিয়া চেলিম খান ৰাতিপুৱা খোজ কাঢ়িবলৈ ওলাইছিল। এগৰাকী অজ্ঞাত মহিলা তেওঁৰ ওচৰলৈ আহিছিল আৰু ভাবুকি দি কৈছিল: লৰেন্স বিষ্ণোইক পঠিয়াব লাগে নেকি?

ঘটনাটো সংঘটিত হৈছিল ১৮ ছেপ্টেম্বৰত । যেতিয়া ছলমান খানৰ পিতৃ চেলিম খানে ৰাতিপুৱা খোজ কাঢ়িবলৈ গ্যালাক্সি এপাৰ্টমেণ্টৰ পৰা বাহিৰলৈ ওলাই গৈছিল। এই সময়ছোৱাত স্কুটাৰ চলাই থকা মহিলাগৰাকী চেলিম খানৰ ওচৰলৈ আহিছিল আৰু তেওঁক ভাবুকি দি পলাই গৈছিল। মহিলাগৰাকীয়ে বোৰ্খা পিন্ধি আছিল। বৰ্তমান মুম্বাইৰ বান্দ্ৰা আৰক্ষী থানাত মহিলাগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে। চিচিটিভিৰ সহায়ত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ছলমানৰ পিতৃ চেলিম খানক ভাবুকি দিয়া মহিলাগৰাকী অকলশৰীয়া নাছিল। স্কুটিত মহিলাগৰাকীৰ সৈতে আন এজন লোক আছিল। দুয়ো বান্দ্ৰাৰ বেণ্ড ষ্টেণ্ড এলেকালৈ স্কুটি এখনত আহিছিল। এই সময়ছোৱাত মহিলাগৰাকীয়ে লৰেন্স বিষ্ণোইৰ নামত চেলিম খানক ভাবুকি দিছিল। বোৰ্খা পিন্ধা মহিলাগৰাকীয়ে এইদৰে কৈছিল: ” লৰেন্স বিষ্ণোইক পঠিয়াব লাগে নেকি?”

আৰক্ষীয়ে জনোৱা অনুসৰি, য’ত চেলিম খানে ৰাতিপুৱা খোজ কাঢ়ি আছিল। স্কুটি এখনত উঠি থকা দুজন মানুহ পিছফালৰ পৰা আহিছিল। তেওঁলোকৰ এজনে বোৰ্খা পিন্ধি আছিল। অনুসন্ধানত প্ৰকাশ পাইছিল যে বোৰ্খা পিন্ধাজন এগৰাকী মহিলা আছিল। চেলিম খানৰ ওচৰত স্কুটিখন ৰোৱাৰ লগে লগে মহিলাগৰাকীয়ে ছলমান খানৰ দেউতাকক ভাবুকি দি কয়: লৰেন্স বিষ্ণোইক পঠিয়াব লাগে নেকি? চেলিম খানে একো বুজিপোৱা বা কাৰোবাক কোৱাৰ আগতে দুয়োজনে তাৰ পৰা পলাই গৈছিল। ঘটনাটোৰ খবৰ তৎক্ষণিকভাৱে বান্দ্ৰা আৰক্ষীক দিয়া হৈছিল। ঘটনা সন্দৰ্ভত CCTV ৰ সহায়ত এজন ব্যক্তি গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, গ্ৰেপ্তাৰ কৰা অভিযুক্তজন এজন সৰু অপৰাধী। লগতে, মুম্বাই আৰক্ষীয়ে বোৰ্খা পিন্ধা মহিলাগৰাকীক জিম্মাত লৈছে। প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পাইছে যে
বোৰ্খা পিন্ধা মহিলাগৰাকী স্কুটি চলাই থকা ব্যক্তিজনৰ প্ৰেমিকা । আৰু এক প্ৰভাৱ পেলোৱাৰ তেওঁ বলীউডৰ চুলতানক ভাবুকি দিয়াৰ পৰিকল্পনা কৰিছিল। বৰ্তমান আৰক্ষীয়ে প্ৰতিটো দিশ চালি-জাৰি চাই সোধা-পোছা আব্যাহত ৰাখিছে। দুয়োকে মুখামুখিকৈ প্ৰশ্ন কৰা হৈছে। ইয়াৰ আগতে লৰেন্স বিষ্ণোই দলটোৱে ছলমান খানৰ ঘৰত গুলীচালনা কৰিছিল।

Latest News