5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Salman Khan Threats: বাবা ছিদ্দিকীতকৈ ভয়াৱহ হ’ব ছলমান খানৰ অৱস্থা: শত্ৰুতাৰ অৱসান ঘটাবলৈ ৫ কোটি টকাৰ দাবীৰে ভাবুকি বাৰ্তা

মেছেজটোত উল্লেখ কৰা হৈছে- “এই বাৰ্তাক সহজভাৱে নল’ব। যদি চলমান খানে জীয়াই থাকিব বিচাৰে আৰু লৰেন্স বিষ্ণোইৰ সৈতে শত্ৰুতা শেষ কৰিব বিচাৰে তেন্তে তেওঁ ৫ কোটি দিব লাগিব । যদি ধন পৰিশোধ কৰা নহয়, তেন্তে ছলমান খানে বাবা ছিদ্দিকীতকৈও বেয়া অৱস্থা সন্মুখীন হ’ব লাগিব।”

Salman Khan Threats: বাবা ছিদ্দিকীতকৈ ভয়াৱহ হ’ব ছলমান খানৰ অৱস্থা: শত্ৰুতাৰ অৱসান ঘটাবলৈ ৫ কোটি টকাৰ দাবীৰে ভাবুকি বাৰ্তা
পুনৰ ছলমান খানলৈ ভাবুকি!
trishna-kalita
Trishna Kalita | Updated On: 18 Oct 2024 13:58 PM

বলীউডৰ অভিনেতা ছলমান খানৰ পৰা ৫ কোটি টকাৰ ধন দাবী কৰা এটা ভাবুকি ভৰা বাৰ্তা লাভ কৰিছে মুম্বাই ট্ৰেফিক পুলিচে। নিজকে বিষ্ণোই গেঙৰ ঘনিষ্ঠ বুলি দাবী মেছেজ প্ৰেৰণকাৰীৰ৷ লৰেন্স বিষ্ণোইৰে শত্ৰুতাৰ অৱসান ঘটাবলৈ মেছেজযোগে ৫ কোটি টকাৰ দাবী৷ বিষয়টো ছলমান খানক সহজভাৱে নল’বলৈ সকীয়নি মেছেজ প্ৰেৰণকাৰীৰ৷

মুম্বাই আৰক্ষীৰ মতে, মুম্বাই ট্ৰেফিক আৰক্ষীয়ে হোৱাটছএপযোগে এটা ভাবুকিবাৰ্তা লাভ কৰিছে। য’ত লৰেন্স বিষ্ণোইৰ সৈতে দীৰ্ঘদিনীয়া শত্ৰুতা সমাপ্ত কৰিবলৈ অভিনেতা ছলমান খানৰ পৰা ৫ কোটি টকা দাবী কৰা হৈছে। বাৰ্তা প্ৰেৰকে ইয়াক সহজভাৱে নল’লৈও কৈছে। যদি ছলমান খানে জীয়াই থাকিব বিচাৰে আৰু লৰেন্স বিষ্ণোইৰ সৈতে শত্ৰুতা সমাপ্ত কৰিব বিচাৰে, তেন্তে তেওঁ ৫ কোটি টকা দিব লাগিব। যদি টকা নিদিয়ে তেন্তে ছলমান খানৰ অৱস্থা বাবা ছিদ্দিকীতকৈ বেয়া হ’ব।

মেছেজটোত উল্লেখ কৰা হৈছে- “এই বাৰ্তাক সহজভাৱে নল’ব। যদি ছলমান খানে জীয়াই থাকিব বিচাৰে আৰু লৰেন্স বিষ্ণোইৰ সৈতে শত্ৰুতা শেষ কৰিব বিচাৰে তেন্তে তেওঁ ৫ কোটি দিব লাগিব। যদি ধন পৰিশোধ কৰা নহয়, তেন্তে ছলমান খানে বাবা ছিদ্দিকীতকৈও বেয়া অৱস্থা সন্মুখীন হ’ব লাগিব।”

মুম্বাই আৰক্ষীয়ে বিষয়টো অতি গুৰুত্বসহকাৰে লৈছে আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। ঘটনাটো এনচিপি নেতা বাবা ছিদ্দিকীৰ শেহতীয়া হত্যাকাণ্ডৰ পটভূমিত সংঘটিত হৈছে। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে মুম্বাই আৰক্ষীয়ে এনচিপি নেতা বাবা ছিদ্দিকীক গুলীচালনা কৰাৰ বাবে শিৱ কুমাৰ গৌতম আৰু জিশান আখটাৰৰ বিৰুদ্ধে এক লুকআউট চাৰ্কুলাৰ (এলঅ’চি) জাৰি কৰে।
মুম্বাই আৰক্ষীয়ে আগতে কেৱল শুভম লোনকাৰৰ বিৰুদ্ধে লুকআউট চাৰ্কুলাৰ জাৰি কৰিছিল আৰু এতিয়া তেওঁলোক দুয়োৰে বিৰুদ্ধেও লুকআউট চাৰ্কুলাৰ জাৰি কৰিছে। আৰক্ষীয়ে সন্দেহ কৰিছে যে দুয়োগৰাকী নেপাললৈ পলাই যোৱাৰ সম্ভাৱনা আছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্তৰ তথ্য প্ৰতিটো সীমান্ত অঞ্চল আৰু বিমানবন্দৰত দিয়া হৈছে আৰু অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত আছে। এনচিপি নেতা বাবা ছিদ্দিকীৰ পুত্ৰ জিশান চিদ্দিকীয়েও তেওঁৰ পিতৃ আৰু পৰিয়ালৰ বাবে ন্যায় দাবী কৰি পিতৃৰ মৃত্যুক লৈ ৰাজনীতি কৰা উচিত নহয় আৰু ইয়াৰ ব্যৰ্থ যাবলৈ দিব নালাগে বুলি আহ্বান জনায়। এতিয়ালৈকে মুম্বাই অপৰাধ শাখাই চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আনহাতে তিনিজন অভিযুক্ত এতিয়াও পলাতক আৰু আৰক্ষীয়ে তেওঁলোকক বিচাৰি আভিযান অব্যাহত ৰাখিছে। উল্লেখ্য যে, অভিনেতা ছলমান খানৰ এজন অন্তৰংগ বন্ধু এন চি পি নেতা বাবা ছিদ্দিকীক ১২ অক্টোবৰত তেওঁৰ বিধায়ক পুত্ৰ জীছান ছিদ্দিকৰ বান্দ্ৰাস্থিত কাৰ্যালয়ৰ সন্মুখত গুলীয়াই হত্যা কৰা হৈছিল।

Latest News