Sikandar: অপেক্ষাৰ অন্ত! এই দিনটোতে মুক্তি লাভ কৰিব ছলমান খানৰ ‘চিকন্দৰ’

ভাৰতত ৩১ মাৰ্চ বা ১ এপ্ৰিলত উদযাপন কৰা হ'ব ঈদ । যেতিয়াই নিৰ্মাতাসকলে বিশেষ উৎসৱৰ এদিন বা দুদিন আগতে মুক্তি দিয়ে যাতে  বন্ধৰ সুবিধা লৈ ভাল টকা উপাৰ্জন কৰিব পাৰে। এনে পৰিস্থিতিত ‘চিকন্দৰ’ কেতিয়া মুক্তি পাব সেই লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছিল।

Sikandar: অপেক্ষাৰ অন্ত! এই দিনটোতে মুক্তি লাভ কৰিব ছলমান খানৰ ‘চিকন্দৰ’

এই দিনটোতে মুক্তি লাভ কৰিব ছলমান খানৰ ‘চিকন্দৰ’

Updated On: 

19 Mar 2025 09:45 AM

বৰ্তমান সময়ত সৰ্বাধিক চৰ্চাত থকা ছবিখন হ’ল ‘চিকন্দৰ’। ছবিখনত ছলমান খান আৰু ৰশ্মিকা মান্দানাক মুখ্য চৰিত্ৰত দেখা যাব। লগতে ‘বাহুবলী’ত কট্টপ্পাৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা সত্যৰাজে খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে। এতিয়া ছবিখনৰ মুক্তিৰ তাৰিখ সন্দৰ্ভত চলি বিভ্ৰান্তিৰ অৱসান ঘটিছে।

ইতিমধ্যে নিৰ্মাতাসকলে জনাইছিল যে, তেওঁলোকৰ ছবিখন ঈদ উপলক্ষে মুক্তি দিয়া হ’ব। ভাৰতত ৩১ মাৰ্চ বা ১ এপ্ৰিলত উদযাপন কৰা হ’ব ঈদ । যেতিয়াই নিৰ্মাতাসকলে বিশেষ উৎসৱৰ এদিন বা দুদিন আগতে মুক্তি দিয়ে যাতে  বন্ধৰ সুবিধা লৈ ভাল টকা উপাৰ্জন কৰিব পাৰে। এনে পৰিস্থিতিত ‘চিকন্দৰ’ কেতিয়া মুক্তি পাব সেই লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। ২৮ মাৰ্চ (শুকুৰবাৰ), ২৯ মাৰ্চ (শনিবাৰ) আৰু ৩০ মাৰ্চ (দেওবাৰ)ৰ তাৰিখ সন্দৰ্ভত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। কিয়নো নিৰ্মাতাসকলে এই তিনিদিনৰ যিকোনো এটা দিনতেহে ছবিখন মুক্তি দিব পাৰে।

এই দিনটোতে মুক্তি পাব ‘চিকন্দৰ’

এতিয়া যদি বলীউড হাংগামাৰ এক ৰিপৰ্ট অনুসৰি, ছবিখন ৩০ মাৰ্চ অৰ্থাৎ দেওবাৰে মুক্তি পাব। এক সূত্রৰ উদ্ধৃতিৰে প্রতিবেদনত প্রকাশ কৰা হৈছে যে এই ছবিখন মুক্তিৰ বাবে দেওবাৰেই উপযুক্ত দিন বুলি নিৰ্মাতাসকলে অনুভৱ কৰিছে৷ কাৰণ দেওবাৰ বন্ধৰ দিন, লগতে সেইদিনাই গুড়ি পড়ৱা আৰু তাৰ পিছদিনা ঈদ। তাৰ পিছতো দেখা যাব ঈদৰ প্ৰভাৱ।

ইয়াৰ পিছত ছবিখনে উইকেণ্ডৰ (৪-৬ এপ্ৰিল) সুবিধা পাব। অৰ্থাৎ এই ছবিখনৰ উপাৰ্জনৰ সময় আছে ৩০ মাৰ্চৰ পৰা ৬ এপ্ৰিললৈকে। ছবিখনে বক্স অফিচত যথেষ্ট উপাৰ্জনৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। অৱশ্যে ছবিখনৰ মুক্তিৰ সঠিক তাৰিখ এতিয়াও নিৰ্মাতাসকলে ঘোষণা কৰা নাই। অনুমান কৰা হৈছে যে অহা কেইদিনমানৰ ভিতৰত আনুষ্ঠানিকভাৱে মুক্তিৰ তাৰিখ ঘোষণা কৰিব পাৰিব।

ইতিমধ্যে এ আৰ মুৰুগাডোছৰ পৰিচালনাত নিৰ্মিত এই ছবিখনক লৈ তীব্ৰ চৰ্চা চলিছে। এতিয়ালৈকে ছবিখনৰ তিনিটা গীত মুক্তি পাইছে। প্ৰথমটো গীত ‘জোহৰা জাবিন’, দ্বিতীয়টো গীত ‘বাম বাম ভোলে’ আৰু তৃতীয়টো ‘চিকন্দৰ নাচে’। এই তিনিটা গীত মানুহে ভাল পাইছিল।

গৰমৰ দিনত দৈনিক কেঁচা পিয়াঁজ খালে কি হয় জানেনে?
কোনখন ধৰ্মগ্ৰন্থ আৰু কোনজন ভগৱানৰ মূৰ্তি লৈ সুনীতা মহাকাশত গৈছিল
৬৫০ গৰাকী যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা এইজন খেলুৱৈৰ সৈতে যুৱৰাজৰ কাজিয়া...
অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা