মুছলমান হৈয়ো কিয় গো-মাংস স্পৰ্শ নকৰে চলমান খানে? কাৰণ জানিলে আচৰিত হ’ব আপুনি?
বেছিভাগ সময়তে চলমানৰ ব্যক্তিগত জীৱন আৰু কৰ্মজীৱনৰ লৈ আলোচনা হোৱা দেখা যায়। ২০১৭ চনত "আপ কি আদালত" অনুষ্ঠানটোক দিয়া এক সাক্ষাৎকাৰত ছলমানে তেওঁৰ প্ৰিয় খাদ্য আৰু ধৰ্মীয় বিশ্বাসৰ বিষয়ে কয়। তাত চলমানে উল্লেখ কৰে যে তেওঁ গো-মাংস নাখায়। লগতে ইয়াৰ আঁৰৰ কাৰণো বাখ্যা কৰে অভিনেতাগৰাকীয়ে।

বলীউডৰ ছুপাৰষ্টাৰ চলমান খান। নামেই যাৰ পৰিচয়। তেওঁৰ পৰিচয় আৰু বেলেগকৈ দিয়াৰ প্ৰয়োজন নাই। হাজাৰ হাজাৰ অনুৰাগীৰ হৃদয় ধুমুহা সৃষ্টি কৰিছে চলমান খানে। ৫৯ বছৰ বয়সতো নিজকে ফিট কৰি ৰাখিছে ভাইজানে। চলমান খান খাদ্যপ্ৰেমী। বিৰিয়ানী-কবাবৰ অবিহনে অসম্পূৰ্ণ তেওঁৰ জীৱন। বহিঃৰাজ্যলৈ গ’লেও তেওঁ খাদ্য লগত লৈ যায়। আপুনি জানেনে সেইগৰাকী চলমানে গো-মাংস স্পৰ্শ নকৰে। কিন্তু কিয়?
এবাৰ নিজেই তেওঁৰ গোপন কথা প্ৰকাশ কৰিছে। বেছিভাগ সময়তে চলমানৰ ব্যক্তিগত জীৱন আৰু কৰ্মজীৱনৰ লৈ আলোচনা হোৱা দেখা যায়। ২০১৭ চনত “আপ কি আদালত” অনুষ্ঠানটোক দিয়া এক সাক্ষাৎকাৰত ছলমানে তেওঁৰ প্ৰিয় খাদ্য আৰু ধৰ্মীয় বিশ্বাসৰ বিষয়ে কয়। তাত চলমানে উল্লেখ কৰে যে তেওঁ গো-মাংস নাখায়। লগতে ইয়াৰ আঁৰৰ কাৰণো বাখ্যা কৰে অভিনেতাগৰাকীয়ে।
চলমানৰ ভাষাত “মই সকলো খাওঁ, গো-মাংস আৰু গাহৰিৰ মাংসৰ বাহিৰে।” তাৰ পাছত তেওঁক সোধা হ’ল, তেওঁ কিয় এই মাংস খাই ভাল নাপায়? উত্তৰত চলমানে কয়, “মই সকলো ধৰ্মকে সন্মান কৰো। গৰু আমাৰ মা। মোৰ বিশ্বাস গৰু মোৰ মাৰ দৰেই, কাৰণ মোৰ মা হিন্দু, মোৰ পিতৃ মুছলমান, আৰু মোৰ দ্বিতীয় মা খ্ৰীষ্টান। আমাৰ পৰিয়ালৰ প্ৰতিজন ব্যক্তি বেলেগ বেলেগ ধৰ্মৰ, আৰু আমি সকলো ধৰ্মকে সন্মান কৰো।”
চলমান খানৰ এই বক্তব্যই তেওঁৰ ধৰ্মীয় আৰু সাংস্কৃতিক প্ৰতি থকা সন্মানক প্ৰকাশ কৰিছে। সেইদিনা তেওঁ সকলোৰে সন্মুখত উপস্থাপন কৰা তেওঁৰ ব্যক্তিগত জীৱন আৰু বিশ্বাসৰ ছবিখন এক কথাত সন্মানজনক আছিল। চলমান খানৰ পৰিয়ালৰ লোকে একেলগে থাকি ভাল পায়। চলমানৰ দুগৰাকীৰ মাতৃৰ সৈতে একেটা ঘৰতে থাকে চেলিম খান। চলমানেও বিভিন্ন অনুষ্ঠান, উৎসৱ-পাৰ্বনত পৰিয়ালৰ সৈতে গেলেক্সিতে সময় কটায়। কেতিয়াবা তেওঁক ভগ্নি অৰ্পিতাৰ ফাৰ্ম হাউচলৈ যোৱা দেখা যায়।
আহিবলগীয়া ছবি
বৰ্তমান আহিবলগীয়া ছবি ‘চিকন্দৰক’ লৈ ব্যস্ত আছে ছলমান খান। চিকন্দৰকলৈ অনুৰাগীৰ মনতো সৃষ্টি হৈছে বহু জল্পনা-কল্পনাৰ। ঈদৰ দিনটোতে মুক্তি লাভ কৰিব ছবিখনে। যাৰ বাবে অনুৰাগীসকল অতিশয় উৎসাহিত হৈ পৰিছে। যদিও ছবিখনৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই, অতি সোনকালে ইয়াৰ সম্পূৰ্ণ হ’ব। ছবিখনত অভিনয় কৰিছে চলমান খান আৰু ৰশ্মিকা মাণ্ডন্নাই। ছবিখন পৰিচালনা কৰিছে এ. আৰ মুৰুগাদাসে। প্ৰযোজনা ছাজিদ নাদিয়াদৱালাৰ।