ক্ষমা অথবা ৫ কোটি টকা দাবী : ছলমান খানক ভাবুকি প্ৰদান কৰা ব্যক্তিক গ্ৰেপ্তাৰ

ছলমান খানৰ সুৰক্ষা এই সময়ত এটা ডাঙৰ সমস্যা হৈ পৰিছে। চলমান খানে দীৰ্ঘদিন ধৰি মৃত্যুৰ ভাবুকি লাভ কৰি আহিছে। শেহতীয়াকৈ, তেওঁক এটা বাৰ্তাৰ জৰিয়তে ৫ কোটি টকা দাবী কৰা হৈছিল। আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছে যিয়ে ছলমানক ভাবুকি দিছিল।

ক্ষমা অথবা ৫ কোটি টকা দাবী : ছলমান খানক ভাবুকি প্ৰদান কৰা ব্যক্তিক গ্ৰেপ্তাৰ

ছলমান খানক ভাবুকি প্ৰদান কৰা ব্যক্তিক গ্ৰেপ্তাৰ

Updated On: 

07 Nov 2024 11:37 AM

যোৱা কেইবা মাহ ধৰি এটাৰ পিছত আনটো ভাবুকি লাভ কৰি আহিছে ছলমান খানে । বাবা চিদ্দিকীৰ হত্যাৰ পিছৰ পৰা ছলমান খানক ভাবুকি প্ৰদান কৰাটো নৈমিত্তিক ঘটনা হৈ পৰিছে। কেতিয়াবা যদি বাৰ্তাৰ জৰিয়তে আৰু কেতিয়াবা মেইলৰ জৰিয়তে, ছলমানক নিৰন্তৰভাৱে হত্যা কৰাৰ ভাবুকি দিয়া হৈছে। ইয়াৰ মাজতে ছলমান খানক ভাবুকি দিয়া এজন অভিযুক্তক কৰ্ণাটকৰ পৰা গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে।

শেহতীয়াকৈ, মুম্বাই ট্ৰেফিক আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ এটা বাৰ্তা প্ৰেৰণ কৰা হৈছিল। য’ত ছলমান খানক মন্দিৰৰ ওচৰত ক্ষমা বিচাৰিবলৈ কোৱা হৈছিল। লগতে ৫ কোটি টকা দাবী কৰা হৈছিল। এই বাৰ্তা লাভৰ পাছত আৰক্ষীয়ে অভিযুক্তজনক বিচাৰিবলৈ আৰম্ভ কৰে। তাৰ পাছতে কৰ্ণাটকৰ হাভেৰীৰ পৰা ছলমান খানক ভাবুকি দিয়া ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ কৰা অভিযুক্তজনৰ নাম বিকাৰাম জলাৰাম বিষ্ণই।

অভিযুক্ত বিকাৰাম জলাৰাম বিষ্ণই ৰাজস্থানৰ জালোৰ জিলাৰ বাসিন্দা। গ্ৰেপ্তাৰৰ পাছত মুম্বাই আৰক্ষীয়ে অভিযুক্তজনক কৰ্ণাটকৰ পৰা মুম্বাইলৈ লৈ আহিছে। প্ৰেৰণ কৰা ভাবুকি বাৰ্তাৰ ওপৰত আধাৰিত কৰি, মুম্বাইৰ ৱৰ্লি আৰক্ষী থানাত এজন অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল। বিষয়টো অনুসন্ধান কৰি, এই বাৰ্তাটো কৰ্ণাটকৰ পৰা প্ৰেৰণ কৰাৰ তথ্য পোৱাৰ পাছত মুম্বাই আৰক্ষীৰ দলটো কৰ্ণাটকত উপস্থিত হৈ স্থানীয় আৰক্ষীৰ সহায়ত অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছিল।

লৰেন্স বিষ্ণইৰ ভাতৃ

ভাবুকি বাৰ্তাৰ প্ৰেৰণ কৰা ব্যক্তিজনে দাবী কৰিছিল যে তেওঁ কাৰাগাৰত থকা গেংষ্টাৰ লৰেন্স বিষ্ণইৰ ভাতৃ। লগতে দাবী কৰিছিল যে ছলমানে হয়তো তেওঁলোকৰ মন্দিৰ দৰ্শন কৰিব আৰু ক্ষমা বিচাৰক অথবা ৫ কোটি টকাৰ মুক্তিপণ দিয়ক। লগতে আন এটা ভাবুকি আছিল যে যদি ছলমান খানে তেওঁৰ কথা নুশুনে, তেন্তে তেওঁক হত্যা কৰা হ’ব। অভিযুক্ত বিকাৰামে এটা নিৰ্মাণ ক্ষেত্ৰত কাম কৰিছিল আৰু হাভেৰীৰ গৌদাৰ অঞ্চলত আন শ্ৰমিকৰ সৈতে এটা কোঠাত বাস কৰি আছিল। বিকাৰামৰ অৱস্থানৰ বিষয়ে তথ্য পোৱাৰ পিছত, মুম্বাই আৰক্ষীয়ে হাভেৰী আৰক্ষীক অৱগত কৰে। তাৰ পাছত লগে লগে তেওঁক আটক কৰা হয়। এতিয়া আৰক্ষীৰ অনুসন্ধানৰ অন্তত হে প্ৰকৃত সত্য পোহৰলৈ আহিব।

 

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস