সকলো ৰেকৰ্ড ভংগ কৰিবলৈ সাজু ছলমান! আহি আছে ৫ খনকৈ নতুন ছবি…
বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা ছলমান খান। বৰ্তমান ছবিগৃহত চলি আছে অভিনেতাগৰাকীৰ ছবি চিকন্দৰ। ইয়াৰ মাজতে ছবি অনুৰাগীসকলৰ বাবে আছে ভাল খবৰ। কিয়নো আৰু কেইবাখনো নতুন ছবি লৈ আহি আছে ছলমান খান।

বৰ্তমান সময়ত মনোৰঞ্জন জগতত বলীউডৰ অভিনেতা ছলমান থানৰ ছবি ‘চিকন্দৰ’ৰে বাতৰিৰ শিৰোনাম দখল কৰিছে। ঈদ উপলক্ষ্যে ২০২৫ চনৰ ৩০ মাৰ্চত ছলমান খান আৰু ৰশ্মিকা মাণ্ডন্নাৰ অভিনীত এই ছবিখন মুক্তি লাভ কৰে। অৱশ্যে কেৱল চিকন্দৰে নহয়, ছলমান খানৰ হাতত আছে আন কেইবাটাও ডাঙৰ প্ৰজেক্ট। অনাগত দিনত ভাইজান খ্যাত ছলমান খানৰ বহুকেইখন ছবি মুক্তি লাভ কৰিব।
কিক-২
‘চিকন্দৰ’ৰ পিছত ছলমান খানৰ আন এখন ছবি কিক-২ ৰাইজৰ মাজলৈ আহিব। ইতিমধ্য়ে সাজিদ নাদিয়াদৱালাৰ সৈতে ‘কিক ২’ ছবিৰ কাম কৰি আছে ছলমানে। অনুৰাগীসকলে ছলমান খানৰ ছুপাৰহিট ছবি ‘কিক’ৰ ছিকুৱেলৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। প্ৰথম ছবিখনৰ দৰে কিক-২ ত ছলমান খানৰ লগত দেখা যাব জেকলিন ফাৰ্নাণ্ডেজক।
বজৰংগী ভাইজান-২
ছলমান খানৰ ছবি ‘বজৰংগী ভাইজান’ বক্স অফিচত ব্লকবাষ্টাৰ হিচাপে প্ৰমাণিত হৈছিল। এই ছবিখনত ছলমান খানক সম্পূৰ্ণ বেলেগ ষ্টাইলত দেখা গৈছিল। কবীৰ খানে পৰিচালনা কৰা এই ছবিখনে যথেষ্ঠ জনপ্ৰিয়তা লাভ কৰিছিল। জানিব পৰা মতে, ৰাইজৰ মাজলৈ আহিব বজৰংগী ভাইজান-২। অৱশ্যে এই ছবিৰ কাম এতিয়াও আৰম্ভ হোৱা নাই।
ছুৰাজ বৰজাত্যৰ ছবি
ছলমান খান আৰু ছুৰাজ বৰজাত্য যুটিটোৱে আকৌ এবাৰ একেলগে কাম কৰিবলৈ সাজু হৈছে। সম্প্ৰতি ছবিৰ চিত্ৰনাট্যৰ কাম কৰি আছে ।
দবং-৪
এবছৰৰ পূৰ্বে ছলমান খানৰ ভাতৃ তথা দবং ফ্ৰেঞ্চাইজি পৰিচালক আৰবাজ খানে ‘ডাবাং ৪’ নিশ্চিত কৰিছিল। কিন্তু বৰ্তমান এই ছবিৰ কাম প্ৰাৰম্ভিক পৰ্যায়ত আছে।
এটলীৰ চিনেমা
এটলীৰ ছবিত দেখিবলৈ পোৱা যাব ছলমান খানক। অৱশ্য়ে এই ছবিৰ নাম বা কেতিয়া মুক্তি পাব ইয়াৰ কোনো তথ্য় প্ৰকাশ পোৱা নাই। বৰ্তমান পৰ্যন্ত আৰম্ভ হোৱা নাই ছবিৰ কাম।