৯ বছৰৰ পাছত পুনৰ ছবিগৃহত মুক্তি পালে ‘চনম তেৰী কছম’, প্ৰথম দিনাই ভংগ কৰিলে নিজৰ ৰেকৰ্ড…

হৰ্ষবৰ্ধন ৰাণে আৰু পাকিস্তানী অভিনেত্ৰী মাউৰা হুছেইনৰ বলীউডৰ ছবি ‘চনম তেৰী কচম’ক লৈ দৰ্শকৰ মাজত স্পষ্টভাৱে দেখা গৈছে উন্মাদনা। ৯ বছৰৰ পাছত পুনৰ মুক্তি পোৱা প্ৰথম দিনাই বক্স অফিচত বিপুল পৰিমাণৰ ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এই ছবিখনে।

৯ বছৰৰ পাছত পুনৰ ছবিগৃহত মুক্তি পালে ‘চনম তেৰী কছম’, প্ৰথম দিনাই ভংগ কৰিলে নিজৰ ৰেকৰ্ড...

৯ বছৰৰ পাছত পুনৰ ছবিগৃহত মুক্তি পালে ‘চনম তেৰী কছম’

Updated On: 

08 Feb 2025 20:04 PM

২০১৬ চনত পৰিচালক ৰাধিকা ৰায় আৰু বিনয় সপ্ৰুৰ পৰিচালনাত  মুক্তি লাভ কৰিছিল ‘চনম তেৰী কছম’ ছবিখন। তেতিয়া নতুন অভিনেতা-অভিনেত্ৰীৰ বাবেই ছবিখন নাকচ কৰিছিল দৰ্শকে। বক্স অফিচত ছবিখন ফ্লপ হ’লেও পিছলৈ ইয়াৰ জনপ্ৰিয়তা ইমানেই বৃদ্ধি পালে যে এই ছবিখনক লৈ সকলোৱে উন্মাদ হৈ পৰিল। এতিয়া ৯ বছৰৰ পাছত এই ছবিখনে ধামাকাৰ সৃষ্টি কৰিছে।

অনুৰাগীৰ বিপুল দাবীৰ অন্তত ৭ ফেব্ৰুৱাৰীত ভেলেণ্টাইন উইক উপলক্ষে নিৰ্মাতাসকলে ছবিখন পুনৰ মুক্তি দিয়ে। মুক্তি পোৱাৰ লগে লগে ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। ২০১৬ চনত ছবিখনে যি মৰম নাপালে, সেই মৰম এতিয়া লাভ কৰা দেখা গৈছে।

‘চনম তেৰী কছম’ বক্স অফিচ সংগ্ৰহ

‘চনম তেৰী কছম’য়ে বক্স অফিচত নিজস্ব অভিলেখ ভংগ কৰিছে। ২০১৬ চনত এই ছবিখনে প্ৰথম দিনা মাত্ৰ ১.৩০ কোটি টকা উপাৰ্জন কৰিছিল। অৱশ্যে মুকলি দিনৰ সংগ্ৰহৰ ক্ষেত্ৰত পুনৰ মুক্তিৰ সংস্কৰণটো মূল সংস্কৰণতকৈ আগবাঢ়ি আছে। চাকনিলকৰ মতে এইবাৰ মুকলিৰ দিনা অৰ্থাৎ শুকুৰবাৰে ছবিখনে প্ৰায় ৪.২৫-৪.৫০ কোটি টকা উপাৰ্জন কৰিছে।

মূল সংস্কৰণৰ মুঠ উপাৰ্জন

পুনৰ মুক্তি পোৱা এখন ছবিয়ে প্ৰথম দিনাই ৪ কোটিতকৈ অধিক ধন সংগ্ৰহ কৰাটো এটা ডাঙৰ কথা। ২০১৬ চনত ভাৰতত ছবিখনৰ মুঠ উপাৰ্জন আছিল ৯.১০ কোটি টকা। অৱশ্যে এতিয়া প্ৰথম দিনাই ইয়াৰ আধা সংগ্ৰহ কৰিছে ছবিখনে। এনে পৰিস্থিতিত শনিবাৰৰ উপাৰ্জনৰ পৰিসংখ্যা প্ৰকাশ পোৱাৰ পিছত এই ছবিখনে নিজৰ মূল সংস্কৰণৰ মুঠ সংগ্ৰহক পিছ পেলাব বুলি ধাৰণা কৰা হৈছে। অৰ্থাৎ ছবিখনে মাত্ৰ দুদিনতে ৯ কোটি টকাৰো অধিক ব্যৱসায় কৰিব পাৰে।

এই দুখন নতুন ছবিক পৰাস্ত কৰে

‘চনম তেৰী কছম’ৰ সমান্তৰালকৈ শুকুৰবাৰে মুক্তি লাভ কৰিছে আন দুখন নতুন ছবি। প্ৰথমখন হ’ল হিমেশ ৰেশমিয়াৰ ‘Badass Ravi Kumar’ আৰু দ্বিতীয়খন হৈছে আমিৰ খানৰ পুত্ৰ জুনেইদ খান আৰু খুছি কাপুৰৰ ‘Loveyapa’। ‘চনম তেৰী কছম’য়ে এই দুই নতুন ছবিক পৰাস্ত কৰিছে। ‘Badass Ravi Kumar’-এ প্ৰথম দিনাই ২.৭৫ কোটি টকা আৰু ‘Loveyapa’-এ মাত্ৰ ১.২৫ কোটি টকা সংগ্ৰহ কৰিছে।

হাজাৰজনৰ হিয়া ভাঙি কোন কোন অভিনেতা-অভিনেত্ৰীয়ে মাঘতে ঘঁহিলে মাহ-হালধি?
ছোৱালীসকলে খুব ভাল পায় প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ এইবোৰ পদ্ধতি
Propose Day ত কিদৰে আপোনাৰ প্ৰিয়জনক নিজৰ ফালে আকৰ্ষিত কৰিব? কেনেকৈ দিব প্ৰেমৰ প্ৰস্তাৱ
লতা মংগেশকাৰে প্ৰথম কোনখন ছবিত কণ্ঠদান কৰিছিল, জানক সবিশেষ