5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

১৯ বছৰৰ পাছত পুনৰ প্ৰতিযোগিতাত নামিব শ্বাহৰুখ খান আৰু ৰণবীৰ কাপুৰ! কোনে জয় কৰিব দৰ্শকৰ মন?

ৰণবীৰ কাপুৰ, বিকি কৌশল আৰু আলিয়া ভাট অভিনীত ছবি 'লাভ এণ্ড ৱাৰ'ৰ মুক্তিৰ তাৰিখ শেহতীয়াকৈ ঘোষণা কৰা হৈছে।অৱশ্যে মুক্তিৰ তাৰিখ ঘোষণাৰ পাছত এটা নতুন বিষয়ক লৈ চৰ্চা আৰম্ভ হৈছে। প্ৰকৃততে এই ছবিখনৰ জৰিয়তে ৰণবীৰে বক্স অফিচত শ্বাহৰুখ খানৰ সৈতে প্ৰতিযোগিতাত কৰিব।

১৯ বছৰৰ পাছত পুনৰ প্ৰতিযোগিতাত নামিব শ্বাহৰুখ খান আৰু ৰণবীৰ কাপুৰ! কোনে জয় কৰিব দৰ্শকৰ মন?
শ্বাহৰুখ খান আৰু ৰণবীৰ কাপুৰ
Follow Us
trishna-kalita
Trishna Kalita | Updated On: 14 Sep 2024 19:27 PM

এটা সময় আছিল যেতিয়া ৰণবীৰ কাপুৰে আত্মপ্ৰকাশ কৰা ছবি ‘চাৱাৰিয়া’, শ্বাহৰুখ খানৰ ছবি ‘ওম শান্তি ওম’ৰ মাজত প্ৰতিযোগিত হৈছিল। সেই সময়ত শ্বাহৰুখৰ ছবিখন আগবাঢ়ি গৈছিল। এতিয়া ১৯ বছৰৰ পাছত ২০২৬ চনত ঈদ উপলক্ষে সেই ঘটনাৰ পুনৰাবৃত্তি হ’বলৈ গৈ আছে। আকৌ এবাৰ দুয়োজন অভিনেতাৰ ছবিৰ মাজত প্ৰতিযোগিতা হ’ব। শেহতীয়াকৈ সঞ্জয় লীলা ভাঞ্চালীৰ নিৰ্দেশনাত নিৰ্মাণ কৰা ‘Love & War’ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে। যিখনে ২০ মাৰ্চ ২০২৬ত মুক্তি পাব। একে সময়তে শ্বাহৰুখৰ ছবি ‘কিং’য়ো আহি আছে। কোৱা হৈছে যে এই ছবিখনে ২০২৬ চনৰ ঈদত মুক্তি লাভ কৰিব

আগন্তুক বছৰত উৎসৱবোৰ অধিক বিশেষ হোৱাৰ কাৰণ হ’ল ডাঙৰ ছবিৰ মাজত সংঘৰ্ষ। ৰণবীৰ কাপুৰ, আলিয়া ভাট আৰু বিকি কৌশলক ‘Love & War’ত দেখা যাব। আনহাতে শ্বাহৰুখ আৰু তেওঁৰ জীয়ৰী সুহানাক প্ৰথমবাৰৰ বাবে ‘কিং’ত একেলগে দেখা যাব। অৱশ্যে দুয়োখন ছবিৰ দৃশ্যগ্ৰহণ এতিয়াও আৰম্ভ হোৱা নাই। কিন্তু খবৰ পোৱা গৈছে যে দুয়োখন ছবিৰ দৃশ্যগ্ৰহণ অহা বছৰৰ আৰম্ভণি মাহত আৰম্ভ কৰা হ’ব।

‘কিং’ত প্ৰথমবাৰৰ বাবে পিতৃ-কন্যাৰ যুটিটোক দেখা যাব। শ্বাহৰুখে সুহানাৰ গুৰুৰ চৰিত্ৰত অভিনয় কৰিব। এইখন সুহানাৰ ৰূপালী পৰ্দাৰ প্ৰথম ছবি। সুজয় ঘোষে এই এক্সন থ্ৰিলাৰ ছবিখন পৰিচালনা কৰিছে। অভিষেক বচ্চনক শ্বাহৰুখ আৰু সুহানাৰ সৈতে ‘কিং’ত খলনায়কৰ চৰিত্ৰত দেখা যাব। ছবিখনৰ কিছুমান দৃশ্য মুম্বাইত দৃশ্যগ্ৰহণ কৰা হ’ব আৰু বেছিভাগ দৃশ্য ইউৰোপৰ দৰ্শনীয় স্থানত কৰা হ’ব। ‘পাঠান’ ছবি পৰিচালক সিদ্ধাৰ্থ আনন্দো এই ছবিখনৰ সৈতে জড়িত। প্ৰকৃততে তেওঁ শ্বাহৰুখৰ কোম্পানী ৰেড চিলিজৰ সৈতে তেওঁ এই ছবিখন সহ-প্ৰযোজনা কৰি আছে। তেওঁৰ প্ৰযোজনা প্ৰতিষ্ঠানৰ নাম মাৰ্ফ্লিক্স পিকচাৰ্ছ। shah rukh khan king clash with ranbir kapoor love and war on eid 2026

এই ছবিখনক লৈ’মুঞ্জিয়া’ খ্যাত অভিনেতা অভয় বাৰ্মাৰ নামো চৰ্চালৈ আহিছে। কোৱা হৈছে যে তেওঁক এই ছবিখনতো দেখা যাব। শ্বাহৰুখৰ ঈদ মুক্তি পোৱা অন্তিমখন ছবি আছিল “চেন্নাই এক্সপ্ৰেছ”, যিখন ২০১৩ চনত মুক্তি পাইছিল। এই ছবিখনে বিশ্বব্যাপী ৪২২ কোটি উপাৰ্জন কৰিছিল। এতিয়া এয়াৱ লক্ষ্যণীয় হ’ব যে শ্বাহৰুখে ২০২৬ চনৰ ঈদত ‘কিং’ৰ জৰিয়তে কেনে প্ৰদৰ্শন কৰে?

বিকি কৌশল আৰু আলিয়াক ‘ৰাজী’, আলিয়া-ৰণবীৰক ‘ব্ৰহ্মাস্ত্ৰ’ত আৰু বিকি-ৰণবীৰক একেলগে ‘সঞ্জু’ত দেখা গৈছিল। কিন্তু তিনিওজনক কেতিয়াও এখন ছবিত একেলগে দেখা পোৱা নাছিল।
এইখন প্ৰথম ছবি হ’ব য’ত এই তিনিজন তাৰকাক একেলগে দেখা যাব। সঞ্জয় লীলা ভাঞ্চালী আৰু ৰণবীৰ কাপুৰে ‘Love & War’ৰ জৰিয়তে দ্বিতীয়বাৰৰ বাবে একেলগে কাম কৰিব। আগতে তেওঁলোক দুয়ো ‘চাৱাৰিয়া’ৰ সময়ত একেলগে কাম কৰিছিল। আলিয়াৰ বিষয়ে ক’বলৈ গ’লে, তেওঁ সঞ্জয় লীলা ভাঞ্চালীৰ সৈতে ২০২২ চনত ‘গংগুবাই কাঠিয়াৱাড়ী’ত কাম কৰিছে। তিনিওট তাৰকাক এটা পৰ্দাত দেখাটো অতি আকৰ্ষণীয় হ’ব।
এই ছবিখন এটা ত্ৰিকোণ প্ৰেমৰ লগতে যুদ্ধও দেখা যাব।

Latest News