ছলমানৰ পিছত এইবাৰ শ্বাহৰুখ খানলৈ মৃত্যুৰ ভাবুকি, দাবী কৰিলে ৫০ লাখ টকা! | Shah Rukh Khan Receives Death Threat after salman khan Assam news - Assam Tv9

ছলমানৰ পিছত এইবাৰ শ্বাহৰুখ খানলৈ মৃত্যুৰ ভাবুকি, দাবী কৰিলে ৫০ লাখ টকা!

ছলমান খানৰ পিছত এইবাৰ বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানে লাভ কৰিছে মৃত্যুৰ ভাবুকি। শ্বাহৰুখ খানক ফোনযোগে হত্যাৰ ভাবুকি দুৰ্বৃত্তৰ। সূত্ৰ অনুসৰি, ফোনটো ফৈজান নামৰ এজন ব্যক্তিয়ে কৰিছিল। যাক ৰায়পুৰৰ বাসিন্দা বুলি কোৱা হৈছে। বৰ্তমান, ফৈজানক ক্ৰাইম বান্সে নিজৰ জিম্মাত লৈছে।

ছলমানৰ পিছত এইবাৰ শ্বাহৰুখ খানলৈ মৃত্যুৰ ভাবুকি, দাবী কৰিলে ৫০ লাখ টকা!

ছলমানৰ পিছত শ্বাহৰুখ খানলৈ মৃত্যুৰ ভাবুকি

Updated On: 

07 Nov 2024 18:49 PM

ছলমান খানৰ পিছত এইবাৰ মৃত্যুৰ ভাবুকি প্ৰদান কৰা হৈছে বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানক। এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। এফালে যদি ছলমান খানক লৰেন্স বিষ্ণই নিৰন্তৰভাৱে ভাবুকি দি আহিছে, আনফালে এতিয়া শ্বাহৰুখ খানেও লাভ কৰিছে মৃত্যুৰ ভাবুকি । সূত্ৰ অনুসৰি, ফৈজান নামৰ এজন ব্যক্তিয়ে ফোনযোগে ভাবুকি প্ৰদান কৰিছিল। যাক ৰায়পুৰৰ বাসিন্দা বুলি কোৱা হৈছে।

ইতিমধ্যে আৰক্ষীয়ে ট্ৰেচ কৰিছে দুৰ্বৃত্তৰ ফোনৰ লোকেচন। ৰায়পুৰৰ পৰা ফোনযোগে শ্বাহৰুখক ভাবুকি দিয়াৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।তাৰ পাছতে ৰায়পুৰলৈ ৰাওনা হৈছে আৰক্ষীৰ দলটো।ফোন কৰা ব্যক্তিজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০৮ (৪) আৰু ৩৫১ (৩) (৪) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। ‘পাঠান’ আৰু ‘জৱান’ৰ সফলতাৰ পাছতো তেওঁ মৃত্যুৰ ভাবুকি লাভ কৰিছিল শ্বাহৰুখ খানে। তাৰ পিছত বৃদ্ধি কৰা হৈছিল শ্বাহৰুখ খানৰ নিৰাপত্তা।

লৰেন্স বিষ্ণইৰ নামত দীৰ্ঘদিন ধৰি ভাবুকি লাভ কৰি আহিছে ছলমান খানে। ইয়াৰ মাজতে ফৈজান নামৰ এজন ব্যক্তিয়ে শ্বাহৰুখ খানক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে। আৰক্ষীয়ে ব্যক্তিজনৰ সন্ধানত ৰায়পুৰলৈ ৰাওনা হৈছে। তথ্য অনুসৰি বান্দ্ৰা আৰক্ষী থানালৈ আহিছিল ভাবুকিৰ ফোনটো। ফোনযোগে ৫০ লাখ টকা দাবী কৰা হৈছিল।

৫০ লাখ টকা দিবলৈ অস্বীকাৰ কৰাত, শ্বাহৰুখ খানক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে। এই গোচৰটোক লৈ ৫ নৱেম্বৰত এখন এজাহাৰ দাখিল কৰা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি, ভাবুকি দিয়া ব্যক্তিজনে ফোনত কৈছিল, “বেণ্ড ষ্টেণ্ডৰ শ্বাহৰুখ খানক হত্যা কৰিম।” যেতিয়া তেওঁক তেওঁৰ নাম সোধা হৈছিল, কৈছিল যে, “মোৰ বাবে এইবোৰ গুৰুত্বপূৰ্ণ নহয়, মোৰ নাম হিন্দুস্তানী”। প্ৰকৃততে, শ্বাহৰুখ খানৰ ঘৰ ‘মান্নাত’ মুম্বাইৰ বান্দ্ৰা বেণ্ড ষ্টেণ্ড এলেকাত আছে।

শ্বাহৰুখ খানৰ নিৰাপত্তা বৃদ্ধি

এই বিষয়টো গুৰুত্বসহকাৰে লৈছে মুম্বাই আৰক্ষীয়ে। বৰ্তমান, ধনৰ বাহিৰে আন কোনো দাবী কৰা হৈছে নে নাই জানিব পৰা নাই। অৱশ্যে, শ্বাহৰুখ খানৰ বৰ্তমান ৱাই প্লাছ নিৰাপত্তা আছে। একে সময়তে, তেওঁৰ নিজৰ দেহৰক্ষীও আছে, যি সকলো সময়তে শ্বাহৰুখ খানৰ সৈতে ছাঁৰ দৰে।

দেশত বন্ধ হৈছে ৩৫০০ৰো অধিক ATM, ইয়াৰ কাৰণ কি?
সূৰ্যাস্তৰ পিছত বা নিশা গা ধোৱাটো কিয় অশুভ বুলি কোৱা হয়?
তুলসী গছত আগবঢ়াওক এইসমূহ সামগ্ৰী, কেতিয়াও নহ'ব ধনৰ অভাৱ!
পুৱা উঠিয়েই ফোন চোৱাৰ অভ্যাস আছে নেকি? তেন্তে সাৱধান!