ভুল ধৰণেৰে ব্যৱহাৰ কৰা হৈছে ‘জেহাদ’ শব্দটো… শ্বাহৰুখ খানে বুজালে প্ৰকৃত অৰ্থ
কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ মাজতে ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে বলীউডৰ কিং শ্বাহৰুখ খানৰ এটা পুৰণি ভিডিঅ’। এই ভিডিঅ’টোত অভিনেতাগৰাকীয়ে সকলোকে জেহাদৰ অৰ্থ সৰল ভাষাত বুজাই দিছে, যাৰ প্ৰায়ে অপব্যৱহাৰ কৰা হয়।

২২ এপ্ৰিলত কাশ্মীৰৰ পহলগামত ৰচনা হৈছিল ইতিহাসৰ এক ক’লা অধ্যায়। য’ত প্ৰকৃতিৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ যোৱা পৰ্যটকসকলক তেওঁলোকৰ ধৰ্মৰ বিষয়ে সুধি ২৬ জন লোকক গুলীয়াই হত্যা কৰা হৈছিল। এই আক্ৰমণে জোঁকাৰি গৈছে সমগ্ৰ দেশ। এই ঘটনাৰ পিছত সমগ্ৰ দেশৰ ডাঙৰ ডাঙৰ ব্যক্তিত্বই শোক প্ৰকাশ কৰিছে আৰু লগতে তেওঁলোকে ক্ষোভ উজাৰিছে। এইবোৰৰ মাজতে ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে বলীউডৰ কিং খানৰ এটা পুৰণি ভিডিঅ’ । এই ভিডিঅ’টোত অভিনেতাজনে ৰাইজক জেহাদ শব্দটোৰ অৰ্থ বুজোৱা দেখা গৈছে।
পহলগাম আক্ৰমণৰ পিছত প্ৰকাশ পোৱা ভিডিঅ’ত ভুক্তভোগীসকলে কয় যে প্ৰথমে মানুহক তেওঁলোকৰ ধৰ্মৰ বিষয়ে সোধা হৈছিল, তাৰ পিছত তেওঁলোকক কালিমা পাঠ কৰিবলৈ কোৱা হৈছিল। অৱশ্যে এই সময়ছোৱাত বহুবাৰ জেহাদ শব্দটো মানুহে ব্যৱহাৰ কৰা শুনিবলৈ পোৱা গৈছে। আনহাতে বহুতে হয়তো ইয়াৰ অৰ্থও নাজানে। ইয়াৰ পাছতে শ্বাহৰুখ খানৰ এই পুৰণি ভিডিঅ’টো ৰাইজৰ মাজত দ্ৰুতগতিত প্ৰচাৰ হৈছে। এই ভিডিঅ’টোত ইছলামত জেহাদৰ প্ৰকৃত অৰ্থ বুজাইছে অভিনেতাগৰাকীয়ে ।
জেহাদৰ অৰ্থ কি?
পুৰণি ভিডিঅ’টোত শ্বাহৰুখ খানে কৈছে, “মই ইছলাম ধৰ্মৰ অন্তৰ্গত, মই এজন মুছলমান। আমাৰ ধৰ্মত এটা শব্দ আছে যিটো ভুলকৈ ব্যৱহাৰ কৰা হয় আৰু সেয়া হ’ল ‘জেহাদ’। জেহাদৰ চিন্তা প্ৰক্ৰিয়াটো ঠিক তেনেকুৱা, যেনে নিজৰ ভিতৰৰ কু-চিন্তাবোৰক জয় কৰা, তাৰ বাবে যুঁজ কৰা, ইয়াকে জেহাদ বোলা হয়। বাহিৰত ৰাজপথত মানুহক হত্যা কৰাটো জেহাদ বুলি কোৱা নহয়।” অভিনেতাগৰাকীৰ এই ভিডিঅ’টোক লৈ বহুতে ইতিবাচক প্ৰতিক্ৰিয়া দিছে।
What is real mean of Zihad By Dr.Shah Rukh Khan.
Take 20 Seconds to know his answer.
Max Rt if you really appreciate his kind word, Spraed max.👇#StopFakeNewsAgainstSRK pic.twitter.com/ycWzBrdWsn
— ARhan (@arhan4srk) February 18, 2019
শ্বাহৰুখ খানৰ এই ভিডিঅ’টোৱে প্ৰমাণ কৰে যে মানুহে তেওঁক ছবিতকৈও ওপৰত বুলি কিয় গণ্য কৰে। বহু সময়ত তেওঁ জনতা কণ্ঠ হৈ আগবাঢ়ি আহে। কামৰ কথা ক’বলৈ গ’লে কিং খানক অতি সোনকালে কন্যা চুহানা খানৰ সৈতে এখন ছবিত দেখা যাব। তথ্য অনুসৰি এই ছবিখন ২০২৬ চনৰ শেষৰ ফালে মুক্তি পাব।বৰ্তমান এই ছবিখনৰ শিৰোনাম কিং ৰখা হৈছে। এই ছবিখনৰ খলনায়ক হিচাপে দেখা যাব অভিষেক বচ্চনক।