শিল্পা চেট্টী-ৰাজ কুন্দ্ৰাৰ বাসগৃহত EDৰ অভিযান, মুম্বাইৰ পৰা উত্তৰ প্ৰদেশলৈ চলিল তালাচী!
পৰ্ণগ্ৰাফীৰ গোচৰত অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ ঘৰ, কাৰ্যালয় আৰু বাসগৃহত তালাচী চলাই EDয়ে। অশ্লীল কণ্টেণ্ট নিৰ্মাণ আৰু প্ৰচাৰৰ সৈতে জড়িত থকা অভিযোগ।
বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী, প্ৰযোজক ৰাজ কুন্দ্ৰাৰ ঘৰত অভিযান চলাই EDয়ে। অভিনেত্ৰীগৰাকীৰ ছাণ্টা ক্ৰুজত বাসগৃহত চলোৱা হয় এই অভিযান। ইয়াকে লৈ ২৯ নৱেম্বৰৰ পুৱা ৬ বজাত শিল্পা চেট্টীৰ ঘৰত উপস্থিত হয় ইডি বিষয়াসকল। EDৰ এই অভিযান পৰ্ণগ্ৰাফীৰ ঘটনাৰ সৈতে সম্পৰ্কিত। অৱশ্যে, এয়া কেৱল ৰাজ কুন্দ্ৰাই নহয়, পৰ্ণগ্ৰাফী গোচৰৰ সৈতে জড়িত আন কেইবাজনো লোককো ইডিয়ে তালাচী চলাইছে৷ পূৰ্বেও পৰ্ণগ্ৰাফী গোচৰৰত শিল্পা চেট্টীৰ স্বামীক গ্ৰেপ্তাৰ কৰা হৈছিল৷
২০২১ চনত ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে পৰ্ণগ্ৰাফীৰ গোচৰত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল। তাৰ পাছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। ৰাজ কুন্দ্ৰাই ২ মাহ কাৰাগাৰৰ ভিতৰত কটাইছিল আৰু ২০২১ চনৰ ছেপ্টেম্বৰৰ পৰা জামিন লাভ কৰিছিল। মুম্বাইৰ এখন আদালতে পৰ্ণগ্ৰাফীৰ গোচৰত ৫০,০০০ টকাৰ বণ্ডত কুন্দ্ৰাক জামিন প্ৰদান কৰিছিল। ইয়াৰ পূৰ্বে, মুম্বাই আৰক্ষীয়ে পৰ্ণগ্ৰাফী গোচৰত ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰিছিল। ১৫০০ পৃষ্ঠাৰ অভিযোগপত্ৰখনত ৪৩ জন সাক্ষীৰ নাম উল্লেখ কৰা হৈছিল। EDৰ বিষয়াই জনোৱা মতে, ৰাজ কুন্দ্ৰাৰ ঘৰৰ লগতে তেওঁৰ কাৰ্যালয় আৰু তেওঁৰ সহযোগীসকলকো তালাচী চলোৱা হৈছে।
পৰ্ণগ্ৰাফী সম্পৰ্কীয় গোচৰ
সংবাদ সংস্থা টাইমছ অৱ ইণ্ডিয়াৰ মতে, অভিযোগ উত্থাপন কৰা হৈছে ষে, ৰাজ কুন্দ্ৰাই মোবাইল এপ হোৱাটছএপৰ জৰিয়তে এডাল্ট কণ্টেণ্ট ষ্ট্ৰীম কৰিছিল। ৰাজ কুন্দ্ৰাৰ ঘৰত অভিযানৰ কাৰণ হৈছে পৰ্ণগ্ৰাফীৰ প্ৰচাৰ। ইডিৰ এই মানি লণ্ডাৰিং অভিযান মোবাইল এপৰ জৰিয়তে অশ্লীল সমল নিৰ্মাণ আৰু প্ৰচাৰৰ অনুসন্ধানৰ সৈতে সম্পৰ্কিত।
১৫টা স্থানত অভিযান
মুম্বাইৰ লগতে উত্তৰ প্ৰদেশৰ প্ৰায় ১৫টা স্থানত তালাচী চলোৱা হৈছে। ম’বাইল এপৰ উপৰিও অন্বেষণ কৰা হৈছে আন আন মাধ্যম। অৱশ্যে, ৰাজ কুন্দ্ৰা ইয়াৰ আগতেই ইডিৰ কবলত পৰিছে।পৰ্ণগ্ৰাফীৰ উপৰিও, ৰাজ কুন্দ্ৰা বৰ্তমান অজয় ভৰদ্বাজৰ বিটকইন প্ৰৱঞ্চনাৰ গোচৰৰ সৈতেও জড়িত। এই ক্ষেত্ৰত, তেওঁৰ বিৰুদ্ধে পৃথক ধন ৰপ্তানিৰ তদন্ত চলি আছে। ইয়াৰ উপৰিও, শিল্পা চেট্টীৰ জুহু-আধাৰিত সম্পত্তিত অবৈধ ধনৰো এটা গোচৰ আছে।