Holo Loloৰ জোৱাৰ, মুক্তিৰ পিছতেই নচুৱালে ১৩ মিলিয়নতকৈ অধিক লোকক, সামাজিক মাধ্যমত অংগৰাগ পাপন মহন্তই দিলে বিশেষ পোষ্ট

পৰম্পৰাগত থলুৱা গীতক সদায় অগ্রাধিকাৰ দিছে ক’ক ষ্টুডিঅ’ই। এই গীতটি ৰাজ্যখনৰ ভিতৰতে এক অন্যতম থলুৱা গীত হিচাপে চিহ্নিত হৈছে । তিনিচুকীয়াৰ ফিল’বাৰীৰ বিখ্যাত হাতী ফান্দী শৰৎ মৰাণৰ এটি হাতী শিকোৱা গীতৰ আধাৰত কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰে মুম্বাইস্থিত ক’ক ষ্টুডিঅ’ত গীতটি বাণীবদ্ধ কৰে । গীতটিত দৰ্শকৰ সঁহাৰি দেখি সকলো আনন্দিত হৈ পৰিছে।

Holo Loloৰ জোৱাৰ, মুক্তিৰ পিছতেই নচুৱালে ১৩ মিলিয়নতকৈ অধিক লোকক, সামাজিক মাধ্যমত অংগৰাগ পাপন মহন্তই দিলে বিশেষ পোষ্ট

‘হলো লোলো’ গীতটিৰ বাবে সামাজিক মাধ্যমত পাপনৰ বিশেষ পোষ্ট

Updated On: 

19 Apr 2025 11:08 AM

ছ’চিয়েল মিডিয়াত ‘Holo Lolo’ৰ চৰ্চা। ৰঙালী বিহুৰ সময়ত সকলোৱে এই গীতটোক যথেষ্ঠ মৰম দিছে। মুক্তিৰ পিছতেই সকলোকে নচুৱাইছে ‘Holo Lolo’ শীৰ্ষক গীতটোৱে। বিশ্বজুৰি শ্ৰোতাই শুনিছে অসমৰ মাটিৰ সুৰৰ এই বিশেষ গীতটো ৷ ২৬ মাৰ্চত মুক্তি পাইছিল শংকুৰাজ আৰু বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী শালমালী খোলগাড়েৰ কণ্ঠত ‘Holo Lolo’ । ক’ক ষ্টুডিঅ’ত বাণীবদ্ধ হোৱা গীতটোলৈ চৌদিশে আৰম্ভ হৈছিল চৰ্চা ৷

‘Holo Lolo’ গীতটো অসমৰ এটা প্ৰাচীন জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ হাতী শিকোৱা গীত ৷ ক’ক ষ্টুডিঅ’ৱে তেওঁলোকৰ নীতি অনুসৰি উক্ত গীতটি বিশ্বৰ প্ৰায় ১৮ টা ভাষাত প্ৰচাৰ কৰিব ।

মুক্তিৰ পিছতে এই গীতটোৱে ১০ মিলিয়নতকৈ অধিক লোকক নচুৱাইছে। অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত বিপুল সমাদৰ লাভ কৰিছে শংকুৰাজ কোঁৱৰ আৰু শালমালী খোলগাড়েৰ কণ্ঠৰ গীতটোৱে। এই গীতটোৰ সফলতাকলৈ সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট দিছে পাপনে। পাপনে লিখিছে- ‘যথেষ্ঠ সুন্দৰ, পুনৰ কোক ষ্টুডিঅ’ই বিহু ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে!বহুত ভাল কাম কৰিছা ভাই।’

পৰম্পৰাগত থলুৱা গীতক সদায় অগ্রাধিকাৰ দিছে ক’ক ষ্টুডিঅ’ই। এই গীতটি ৰাজ্যখনৰ ভিতৰতে এক অন্যতম থলুৱা গীত হিচাপে চিহ্নিত হৈছে । তিনিচুকীয়াৰ ফিল’বাৰীৰ বিখ্যাত হাতী ফান্দী শৰৎ মৰাণৰ এটি হাতী শিকোৱা গীতৰ আধাৰত কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰে মুম্বাইস্থিত ক’ক ষ্টুডিঅ’ত গীতটি বাণীবদ্ধ কৰে । গীতটিত দৰ্শকৰ সঁহাৰি দেখি সকলো আনন্দিত হৈ পৰিছে।

হাতী শিকোৱা গীত

এই গীত মৰাণ জনগোষ্ঠীৰ হাতী শিকোৱা প্ৰথাৰ সৈতে জড়িত। শংকুৰাজ মুকলিৰ লগতে গীতটো বিশ্বত সমাদৃত হৈছে। হাতী শিকোৱা গীতক ফান্দী গীতও বোলা হয়। এই গীতত হাতীৰ সৈতে মাউতৰ সম্পৰ্ক স্থাপন কৰা হয়। হাতীক ধৰি প্ৰশিক্ষণৰ সময়ত হাতীক যথেষ্ট মৰম চেনেহৰ মাজেৰে ৰাখিব লাগে। ফান্দীয়ে সকলো চিন্তা পাহৰি একমাত্ৰ হাতীটোতে মনপুতি লাগিব লাগে৷ মানুহৰ কণ্ঠস্বৰ আৰু নিৰ্দেশ চিনি পাবলৈ হাতীৰ লগত একাত্ম হৈ থাকিব লাগে। তেনে সময়তে ফান্দীৰ মুখেৰে নিজৰ মনৰ কথা গীত আকাৰে ওলাই বহুতো মূল্যবান লোকগীতৰ জন্ম হয়।

এইসকল লোকে নাখাব নেমুপানী! হ’ব পাৰে ভয়ংকৰ বিপদ
অসমৰ কোনবোৰ অঞ্চল সোণালী বান্দৰৰ বাসস্থান হিচাপে পৰিচিত? জানক
গ্ৰীষ্ম কালত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰাতিপুৱা সেৱন কৰক এই পাঁচ বিধ ডিটক্স পানীয়
ঘৰৰ এইসমূহ স্থানত কেতিয়াও নাৰাখিব ধন! হ'ব আৰ্থিক সংকট