Singham Again Collection Day 2: সিংঘমৰ গৰ্জনত কঁপি উঠিছে বক্স অফিচ, পিছ পেলালে প্ৰভাস-ছলমান খানক!
Singham Again:দ্বিতীয় দিনাও অব্যাহত আছে অজয় দেৱগনৰ 'সিংঘম এগেইন' জয়যাত্ৰা। বক্স অফিচত নিৰন্তৰভাৱে সফলতাৰ দিশে গতি কৰিছে ছবিখনে। অৱশ্যে, প্ৰথম দিনৰ তুলনাত শনিবাৰে ছবিখনৰ উপাৰ্জন হ্ৰাস পাইছে। তথাৰিও অজয় দেৱগনে গঢ়িছে এটা ডাঙৰ অভিলেখ।
যি উদ্দেশ্য আগত লৈ ৰোহিত চেট্টীয়ে দীপাৱালীত ‘সিংঘম এগেইন’ (Singham Again) মুক্তি দিয়াৰ সিদ্ধান্ত লৈছিল সেই পৰিকল্পনা এতিয়ালৈকে সফল হৈছে। প্ৰথম দিনৰ পৰা বক্স অফিচৰ ওলোৱা সিংঘমৰ গৰ্জন সমগ্ৰ বিশ্বতে শুনা গৈছে। সকলোতে এতিয়া এটা নামে প্ৰতিধ্বনি হৈ আছে। প্ৰথম দিনাই অজয় দেৱগণে তেওঁৰ ১০ বছৰ পুৰণি অভিলেখ ভংগ কৰে। এতিয়া দ্বিতীয় দিনাও গঢ়িছে আন এটা ডাঙৰ অভিলেখ।
৩৫০ কোটিৰ বৃহৎ বাজেটত নিৰ্মাণ কৰা হৈছে এই ছবিখন। বৰ্তমান ছবিখনে বিশ্বব্যাপী ১০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰিছে। কিন্তু দ্বিতীয় দিনা উপাৰ্জন হ্ৰাস হোৱাটো এটা ভাল লক্ষণ নহয়। সপ্তাহৰ অন্তত, য’ত আশা কৰা হয় যে ছবিখনে প্ৰথম দিনতকৈ অধিক উপাৰ্জন কৰিব, তেনস্থলত ছবিখনৰ উপাৰ্জন হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।। চেকনিলকৰ প্ৰতিবেদন অনুসৰি, ছবিখনে দ্বিতীয় দিনা ৪১.৫০ কোটি টকা সংগ্ৰহ কৰিছে।
প্ৰথম দিনটোত কিমান কোটি উপাৰ্জন কৰিছিল?
অজয় দেৱগনৰ ছবিখনে উদ্বোধনী দিনা ৪৩.৫ কোটি টকা উপাৰ্জন কৰিছিল। একে সময়তে, দ্বিতীয় দিনটোৰ সংগ্ৰহ হৈছে ৪১.৫০ কোটি টকা। সামগ্ৰিকভাৱে, ছবিখনে দুদিনত ভাৰতৰ পৰা ৮৫ কোটি টকা উপাৰ্জন কৰিছে। দ্বিতীয় দিনা ছবিগৃহত ৬০.৪০ শতাংশ দখল আছিল। নিশাৰ প্ৰদৰ্শনীত সৰ্বাধিক শতাংশ দৰ্শক আছিল। নিশাৰ শ্ব’ত প্ৰায় ৭৪.৬৫ শতাংশ ছবিগৃহ হাউচফুল আছিল। একে সময়তে ছবিখনে বিশ্বব্যাপী ১০০ কোটি টকা উপাৰ্জন কৰিছে।
পিছ পেলালে প্ৰভাস আৰু ছলমানৰ ছবিক
দ্বিতীয় দিনা সৰ্বাধিক উপাৰ্জন কৰা ছবিব তালিকাত ‘সিংঘম এগেইন’ সাত নম্বৰত আছে। পাঠান এই তালিকাৰ প্ৰথম স্থানত আছে, যিয়ে দ্বিতীয় দিনা ৬৮ কোটি টকা উপাৰ্জন কৰিছিল। ৰণবীৰ কাপুৰৰ এনিমেল দ্বিতীয় স্থানত আছে, যাৰ দ্বিতীয় দিনাৰ সংগ্ৰহ আছিল ৫৮.৩৭ কোটি টকা।
দ্বিতীয় দিনাৰ উপাৰ্জনৰ তালিকা
- পাঠান- ৬৮ কোটি টকা
- এনিমেল -৫৮.৩৭ কোটি টকা
- টাইগাৰ 3- ৫৮ কোটি টকা
- কেজিএফ 2- ৪৬.৭৯ কোটি টকা
- জৱান- ৪৬.২৩ কোটি টকা
- গদৰ 2- ৪৩.০৮ কোটি টকা
- সিংঘম এগেইন- ৪১.৫ কোটি টকা
উল্লেখ্য যে, অজয় দেৱগনৰ ছবিখনে প্ৰভাসৰ ‘বাহুবলী: দ্য কনক্লুচন’ক অতিক্ৰম কৰিছে। ছবিখনৰ দ্বিতীয় দিনা হিন্দীত ৪০.৫ কোটি টকাৰ উপাৰ্জন আছিল। একে সময়তে, চলমান খানৰ ‘চুলতান’ আৰু ‘বজৰংগী ভাইজান’ ও এই তালিকাত যথেষ্ট পিছ পৰি আছে। প্ৰকৃততে, ‘সিংঘম এগেইন’ অজয় দেৱগনৰ কেৰিয়াৰৰ দ্বিতীয় দিনৰ সৰ্বোচ্চ উপাৰ্জন কৰা ছবি হৈ পৰিছে।