কেতিয়াবা আৱেগিক হৈ পৰো…! মঞ্চতে চকুপানী টুকিলে কণ্ঠশিল্পী চনু নিগমে, অনুৰাগীৰ ওচৰত বিচাৰিলে ক্ষমা

কণ্ঠশিল্পী চনু নিগমে ২০২৪ চনত 'মেৰে ধোলনা' গীতটি গাই আৱেগিক কৰি তুলিছিল সকলোকে। এই গীতটো আছিল কাৰ্তিক আৰিয়ানৰ ছবি ভূল ভূলীয়া ৩ ৰ। শেহতীয়াকৈ ২০২৫ চনত   প্ৰথমবাৰৰ বাবে মঞ্চত এই গীতটি গাইছিল চনু নিগমে। এই সময়ছোৱাত আৱেগিক হৈ পৰিছিল কণ্ঠশিল্পীগৰাকী। ইয়াৰ বাবে অনুৰাগীৰ ওচৰত ক্ষমা বিচাৰিছে চনু নিগমে।

কেতিয়াবা আৱেগিক হৈ পৰো...! মঞ্চতে চকুপানী টুকিলে কণ্ঠশিল্পী চনু নিগমে, অনুৰাগীৰ ওচৰত বিচাৰিলে ক্ষমা

চনু নিগম

Updated On: 

25 Feb 2025 10:32 AM

কণ্ঠশিল্পী চনু নিগমে ২০২৪ চনত ‘মেৰে ধোলনা’ গীতটি গাই আৱেগিক কৰি তুলিছিল সকলোকে। এই গীতটো আছিল কাৰ্তিক আৰিয়ানৰ ছবি ভূল ভূলীয়া ৩ ৰ। শেহতীয়াকৈ ২০২৫ চনত   প্ৰথমবাৰৰ বাবে মঞ্চত এই গীতটি গাইছিল চনু নিগমে। এই সময়ছোৱাত আৱেগিক হৈ পৰিছিল কণ্ঠশিল্পীগৰাকী। ইয়াৰ বাবে অনুৰাগীৰ ওচৰত ক্ষমা বিচাৰিছে চনু নিগমে।

বলীউডৰ প্ৰবীণ কণ্ঠশিল্পী চনু নিগমে নিজৰ কেৰিয়াৰত বহুতো ছুপাৰহিট গীতত কণ্ঠদান কৰিছে। বৰ্তমান সময়ত ৰফি আৰু কিশোৰ কুমাৰৰ দৰে সৈতে জনপ্ৰিয় কণ্ঠশিল্পীৰ  ভিতৰত তেওঁৰ নাম লোৱা হয়। ২০২৪ চনত চনু নিগমে কাৰ্তিক আৰিয়ানৰ ছবি ভূল ভুলীয়ায়া ৩ৰ ‘মেৰে ধোলনা’ শীৰ্ষক  গীতটি গাইছিল। মেৰে ধোলনা ৩.০ গীতটোত চনু নিগমৰ কণ্ঠই আৱেগিক কৰি তুলিছিল সকলোকে। শেহতীয়াকৈ প্ৰথমবাৰৰ বাবে বেংগালুৰুৰ মঞ্চত মেৰে ধোলনা গীত গাইছিল সোণু নিগমে। তেতিয়া তেওঁ অনুৰাগীৰ লগতে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰি কান্দি উঠিছিল। তাৰ পাছতে এতিয়া সোণু নিগমে ছ’চিয়েল মিডিয়াত ভিডিঅ’ শ্বেয়াৰ কৰি অনুৰাগীৰ ওচৰত ক্ষমা বিচাৰিছে।

সোনু নিগমে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি এই বিষয়ে জনাইছে। তেওঁ ক’লে- এনে এক পৰিবেশৰ সৃষ্টি হয় যে মানুহেও ইয়াৰ লগত সংযোগ স্থাপন কৰে। আজি প্ৰথমবাৰৰ বাবে মঞ্চত  মেৰে ধোলনা গোৱাত সৃষ্টি হোৱা পৰিবেশে মোক আৱেগিক কৰি তুলিলে। কান্দিবলৈ মন গ’ল। কিন্তু ভাবিলোঁ সুযোগটো লও। কিন্তু আৰু গান গাব পৰা নাছিলোঁ। মঞ্চত ইমান কান্দিছোনে কেতিয়াবা? পাৰিলে মাজভাগত গানটো বন্ধ কৰি দিলোহেঁতেন, কিন্তু তেনে কৰিলে দৰ্শকে ভাবিলেহেঁতেন যে মই হৃদয়ৰ পৰা গান গোৱা নাই।

ভিডিঅ’টোত চনু নিগমে জনতাক সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। এই কথা কৈ তেওঁ জনসাধাৰণৰ ওচৰত ক্ষমাও বিচাৰি। তেওঁ কয় যে, তেওঁ এজন মানুহ আৰু কেতিয়াবা আৱেগিক হৈ পৰে। মেৰে ধোলনা গীতটোৰ কথা ক’বলৈ গ’লে ২০২৪ চনত ছবিগৃহত মুক্তি পাইছিল এই ছবিখন। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল কাৰ্তিক আৰিয়ানে। ইয়াৰ বাহিৰেও মাধুৰী দীক্ষিত, বিদ্যা বালান, তৃপ্তী ডিমৰিৰ দৰে অভিনেত্ৰীয়ে ছবিখনত কাম কৰিছিল।

বক্স অফিচত ছুপাৰ হিট হৈছিল ছবিখন। ইয়াৰ মাজতে কণ্ঠশিল্পীগৰাকী লগতে কয় যে এতিয়ালৈকে তেওঁৰ কেৰিয়াৰত গান গোৱাৰ সময়ত যি দুটা গীতত তেওঁ আৱেগিক হৈ পৰিছে, তাৰ ভিতৰত প্ৰথমটো গীত হৈছে অগ্নিপথৰ অভি মুঝ মে কহী। দ্বিতীয়টো গীত হৈছে ভূল ভুলাইয়া ৩ ৰ মেৰে ধোলনা।  যিটো গীত গোৱাৰ পিছত মঞ্চত আৱেগিক হৈ পৰিছিল আৰু কান্দি থকা দেখা গৈছিল কণ্ঠশিল্পী চনু নিগমক।

আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..
লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...