5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আহি আছে আল্লু অৰ্জুনৰ ‘পুষ্পা ২’, ছবিখনৰ প্ৰথমটো গীত মুক্তিৰ পিছতে ভংগ কৰিলে ৰেকৰ্ড!

‘পুষ্পা ২’ক লৈ এতিয়া চৌদিশে চলিছে চৰ্চা। অহা ১৫ আগষ্টত ছবিগৃহত মুক্তি পাব ছবিখন। অহা ২৯ মে’ত মুক্তি পাব ছবিখনৰ দ্বিতীয়টো গীত। শেহতীয়াকৈ প্ৰথমটো গীত মুক্তি পাইছিল, যিটো আছিল- 'পুষ্পা পুষ্পা'। ছবিখনে মুক্তিৰ পূৰ্বেয়ে কোটি কোটি টকাৰ ব্যৱসায় কৰিছে। ইফালে প্ৰথমটো গীতে নিজৰ নামত ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

আহি আছে আল্লু অৰ্জুনৰ ‘পুষ্পা ২’, ছবিখনৰ প্ৰথমটো গীত মুক্তিৰ পিছতে ভংগ কৰিলে ৰেকৰ্ড!
আহি আছে আল্লু অৰ্জুনৰ ‘পুষ্পা ২’
barasha-misra
Barasha Misra | Published: 28 May 2024 21:27 PM

‘পুষ্পা ২’ৰ এটা গীতেহে এনে কৃতিত্ব অৰ্জন কৰিছে, কোনে জানে ছবিখনে কিমান ৰেকৰ্ড ভংগ কৰিব!

আল্লু অৰ্জুন আৰু ৰশ্মিকা মণ্ডন্নাৰ বহু প্ৰত্যাশিত ছবিখন অহা ১৫ আগষ্টত ছবিগৃহত মুক্তি পাবলৈ গৈ আছে। ছবিখনক লৈ চৌদিশে চৰ্চাৰ সৃষ্টি হৈছে। ছবিখনৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই। প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। পোষ্ট প্ৰডাকচনৰ কামৰ বাবে মেকাৰসকলে পৃথক ইউনিট স্থাপন কৰিছে। মাত্ৰ কেইদিনমানৰ আগতে মুক্তি লাভ কৰিছিল ছবিখনৰ প্ৰথমটো গীত। অৱশ্যে এইটো এটা সম্পূৰ্ণ গীত নাছিল, কেৱল গীতটিৰ লিৰিকেল সংস্কৰণহে আছিল। এতিয়া দ্বিতীয়টো গীত অহা ২৯ মে’ত আহিব। এইবাৰ পুষ্পৰাজ আৰু শ্ৰীৱাল্লীক একেলগে দেখা যাব। ইয়াৰ বাবে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে।

আল্লু অৰ্জুনৰ ‘পুষ্পা ২’ ছবিখন পৰিচালনা কৰিছে সুকুমাৰে। ছবিখনৰ প্ৰথমটো গীত ‘পুষ্পা-পুষ্পা’ৰ উত্তেজনা অনুৰাগীৰ মাজত শেষ নহওতে এইবাৰ দ্বিতীয়টো গীতৰ মুক্তি পাবলৈ কাম সম্পূৰ্ণ হৈছে। ছবিখন মুক্তি পাবলৈ আৰু দুমাহ বাকী আছে। ‘পুষ্পা ২’ ছবিগৃহত মুক্তিৰ পূৰ্বে ইতিমধ্যে বহু উপাৰ্জন কৰিছে, এতিয়া ছবিখনে নিজৰ নামত বহু ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

‘পুষ্পা-পুষ্পা’ গীতটিয়ে এটা ডাঙৰ অভিলেখ ভংগ কৰিলে!

শেহতীয়াকৈ তেলেগু ৩৬০ ডট কমত এটা প্ৰতিবেদন প্ৰকাশ পাইছে। জানিব পৰা মতে, আল্লু অৰ্জুনৰ ‘পুষ্পা ২’ৰ প্ৰথমটো একক গীতে ১০ কোটিৰো অধিক দৰ্শকে চাইছে। ইয়াৰ সমান্তৰালকৈ এই গীতটোৱে ২২.৬ কোটিতকৈ অধিক লাইকো লাভ কৰিছে। আল্লু অৰ্জুনৰ ‘পুষ্পা ২’ য়ে ৬টা ভাষাত অহা প্ৰথমটো একক গীত ‘পুষ্পা পুষ্পা’ৰে এই ডাঙৰ অভিলেখ অৰ্জন কৰিছে।

অহা ২৯ এপ্ৰিল তাৰিখে পুৱা ১১:০৭ বজাত মুক্তি পাব ‘পুষ্পা ২’ৰ দ্বিতীয়টো একক গীত ‘দ্য কাপল ছং’। ছবিখন মুক্তিৰ পূৰ্বে অনুৰাগীৰ বাবে এইটো হ’ব ডাবল ট্ৰিট। এই গীতটি শ্ৰেয়া ঘোষালে ৬ টা ভিন্ন ভাষাত কণ্ঠদান কৰিছে। অৱশ্যে প্ৰথম গীতটোৱে যথেষ্ঠ সঁহাৰি লাভ কৰিছিল। আনহাতে, হিন্দী সংস্কৰণটো শুনি একাংশই ক’লে যে প্ৰথমটোৰ সৈতে একে নহয়।

ছবিখনত আইটেম ছং এটা আহিব। কিন্তু ইয়াত কোনে অভিনয় কৰিব সেয়া এতিয়াও নিৰ্মাতাসকলে চূড়ান্ত কৰা নাই। জান্হৱী কাপুৰ আৰু তৃপ্তী ডিমৰীৰ নাম আহি আছে যদিও কেতিয়াৰ পৰা শ্বুটিং আৰম্ভ হ’ব সেই সন্দৰ্ভত কোনো তথ্য লাভ কৰা হোৱা নাই। অৱশ্যে এই বিশেষ গীতটোত ৰশ্মিকা মণ্ডন্নাই কণ্ঠদান কৰা দেখা যাব।

Latest News