শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Stree 2 Box Office Day 13: ‘স্ত্ৰী ২’য়ে দীপিকা, আলিয়া আৰু কৰিণাক হৰুৱাইছে, এইবাৰ যাদু দেখুৱাইছে শ্ৰদ্ধা কাপুৰে

উপাৰ্জনৰ ক্ষেত্ৰত বক্স অফিচত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে শ্ৰদ্ধা কাপুৰ আৰু ৰাজকুমাৰ ৰাওৰ ‘স্ত্ৰী ২’য়ে। এই ছবিখনক লৈ সকলোতে চৰ্চা পূৰ্ণ গতিত চলি আছে। ‘স্ত্ৰী ২’ৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ কোনো সুৰুঙায়ে নাই। মুক্তিৰ ত্ৰয়োদশ দিনতো এই ছবিখনে দীপিকা-আলিয়াৰ ছবিকো পৰাস্ত কৰি যথেষ্ঠ উপাৰ্জন কৰিছে।

Stree 2 Box Office Day 13: ‘স্ত্ৰী ২’য়ে দীপিকা, আলিয়া আৰু কৰিণাক হৰুৱাইছে, এইবাৰ যাদু দেখুৱাইছে শ্ৰদ্ধা কাপুৰে
Stree 2 ৰ ধুমুহা!
barasha-misra
Barasha Misra | Updated On: 28 Aug 2024 14:46 PM

বক্স অফিচত ‘স্ত্ৰী ২’ৰ সংকলনে সকলোতে আলোড়নৰ সৃষ্টি কৰিছে। মুক্তিৰ দ্বিতীয় সপ্তাহত প্ৰৱেশ কৰাৰ লগে লগে ই আন এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। এই নতুন অভিলেখত দীপিকা, আলিয়া আৰু কৰিণা সকলো পিছ পৰি ৰৈছে। শ্ৰদ্ধা কাপুৰ আৰু ৰাজকুমাৰ ৰাও অভিনীত ‘স্ত্ৰী ২’ ছবিখন চলিত বৰ্ষৰ ছুপাৰহিট ছবি হিচাপে পৰিগণিত হৈছে।

শ্ৰদ্ধা কাপুৰৰ ‘স্ত্ৰী ২’ ছবিয়ে ডাঙৰ তাৰকাৰ ছবিকো পৰাস্ত কৰিছে। বক্স অফিচত ভাল ফলাফল দেখুৱাইছে ‘স্ত্ৰী ২’ই। সকলোৱে যেন এই ছবিখনৰ বিষয়ে আলোচনা কৰি আছে। শ্ৰদ্ধা কাপুৰৰ উপৰিও ছবিখনত ৰাজকুমাৰ ৰাও, পংকজ ত্ৰিপাঠী, অপৰশক্তি খুৰানা আৰু অভিষেক বেনাৰ্জীৰ কামকো সকলোৱে প্ৰশংসা কৰিছে। নাৰীকেন্দ্ৰীক এই ছবিখনে আনকি দীপিকা পাডুকন, আলিয়া ভাট আৰু কৰিণা কাপুৰৰ ছবিকো পৰাস্ত কৰিছে। ‘স্ত্ৰী ২’ৰ উপাৰ্জনে যেন প্ৰতিদিনে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

মুক্তিৰ ত্ৰয়োদশ দিনতো ‘স্ত্ৰী ২’ৰ উৎকৃষ্ট উপাৰ্জনৰ ধাৰা অব্যাহত আছে। এই ছবিখনে ভাৰততো ৪০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে। Sacnilk ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ‘স্ত্ৰী ২’ই ১৩ তাৰিখে বক্স অফিচত ১১.৫ কোটি টকা উপাৰ্জন কৰিছে। ইয়াৰ লগে লগে ভাৰতত এই ছবিখনৰ মুঠ সংগ্ৰহ হৈছে ৪১৪.৫৫। কেৱল এয়াই নহয়, শ্ৰদ্ধা কাপুৰৰ ‘স্ত্ৰী ২’ ছবিখনে ১৩ তাৰিখে উপাৰ্জনৰ ক্ষেত্ৰত দীপিকা-আলিয়াৰ নাৰীকেন্দ্ৰীক ছবি বহু পিছ পৰি ৰৈছে।

পদ্মাৱত – ২০১৮ চনত দীপিকা পাডুকনৰ ‘পদ্মাৱত’ ছবিয়ে বক্স অফিচত টোকৰ মাৰিছিল। এই ছবিখনে যথেষ্ঠ উপাৰ্জন কৰি সকলোকে আপ্লুত কৰিছিল। দীপিকাৰ উপৰিও ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ৰণবীৰ সিং আৰু শ্বাহিদ কাপুৰে। কিন্তু এইখন নাৰীকেন্দ্ৰীক চিনেমা আছিল, গতিকে সমগ্ৰ কাহিনীটো যেন পদ্মাৱতীক কেন্দ্ৰ কৰিয়েই ঘূৰি ফুৰিছিল। ২১৫ কোটি টকাৰ বাজেটেৰে নিৰ্মিত এই ছবিখনে ৫৮৫ কোটি টকা সংগ্ৰহ কৰিছিল। মুক্তিৰ ত্ৰয়োদশ দিনটোত ‘পদ্মাৱত’ই মাত্ৰ ৬ কোটি টকা উপাৰ্জন কৰিছিল।

গংগুবাই কঠিয়াৱাড়ী – আলিয়া ভাট অভিনীত ‘গংগুবাই কঠিয়াৱাড়ী’ বক্স অফিচত যথেষ্ঠ ধন উপাৰ্জন কৰিছে। আলিয়া ভাটে নিজাববীয়াকৈ এই ছবিখনক ব্লকবাষ্টাৰ কৰি তুলিলে। আলিয়াৰ এই কামক সকলোৱে শলাগ লৈছিল। এই ছবিখনে ২১১.৫ কোটিতকৈও অধিক ব্যৱসায় কৰিছিল। মুক্তিৰ ত্ৰয়োদশ দিনটোত আলিয়া ভাটৰ ছবিখনে বক্স অফিচত মাত্ৰ ৩.০৭ কোটি টকাৰ ব্যৱসায় কৰিছিল, যিটো ‘স্ত্ৰী ২’তকৈ বহু কম।

ক্ৰু – কৰিণা কাপুৰ, টাবু আৰু কৃতি ছানন অভিনীত ছবি ‘ক্ৰু’ই বক্স অফিচত যথেষ্ট সঁহাৰি লাভ কৰে। এইখনো আছিল নাৰীকেন্দ্ৰীক ছবি। যোৱা বছৰ মুক্তি পোৱা এই ছবিখনে মুক্তিৰ ত্ৰয়োদশ দিনটোত মাত্ৰ ১.৭৫ কোটি টকা উপাৰ্জন কৰিছিল। ৭৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত কৰিণা কাপুৰৰ এই ছবিখনে বক্স অফিচত ১৫১ কোটিৰো অধিক ধন সংগ্ৰহ কৰিছিল। এই ছবিখন ছুপাৰহিট বুলি প্ৰমাণিত হ’ল।

গদৰ ২ – ‘গদৰ ২’ৰ জৰিয়তে ছানি দেউলে এক ডাঙৰ কামবেক কৰিছিল। এই ছবিখন অতি ভাগ্যৱান বুলি প্ৰমাণিত হ’ল। ‘গদৰ ২’ত তেওঁৰ সন্মান ঘূৰাই আনিলে। প্ৰায় ৮০ কোটি টকাৰ বাজেটেৰে নিৰ্মিত এই ছবিখনে মুক্তিৰ ত্ৰয়োদশ দিনটোত ১০ কোটি টকা উপাৰ্জন কৰিছিল। গদৰ ২য়ে বিশ্বজুৰি ৬৮৬ কোটি টকা উপাৰ্জন কৰিছিল।

Latest News