5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

এটা সময়ত জেপত আছিল মাত্ৰ ১৮ টকা! এতিয়া ইমান কোটি টকা সম্পত্তিৰ মালিক ৰাজকুমাৰ ৰাও

বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ ৰাও। আজিৰ এই স্থিতি পাবলৈ ৰাজকুমাৰে যথেষ্ঠ কষ্ট কৰিবলগীয়া হৈছিল। পৰিস্থিতি ইমানেই বেয়া আছিল যে তেওঁৰ ওচৰত আছিল মাত্ৰ ১৮ টকা। কিন্তু আজি তেওঁ সফল অভিনেতা।

এটা সময়ত জেপত আছিল মাত্ৰ ১৮ টকা! এতিয়া ইমান কোটি টকা সম্পত্তিৰ মালিক ৰাজকুমাৰ ৰাও
ৰাজকুমাৰ ৰাও
barasha-sarma
Barasha Sarma | Published: 19 Aug 2024 14:59 PM

মানুহৰ ভাগ্য সলনি হওতে বেছি সময় নালাগে! তাৰ বাবে প্ৰয়োজন কেৱল কষ্ট, চেষ্টা আৰু নিজৰ ওপৰত বিশ্বাস। আজি যদি আপোনাৰ বেয়া দিন চলিছে কাইলৈ ভাল দিন আহিব। কেৱল জীৱন যুদ্ধত হাৰ নামানি প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰি যাব লাগে।দুনীয়াত এনে বহু মানুহ আছে যিয়ে আমাক অনুপ্ৰেৰণা যোগায়। বলিউডৰ অভিনেতা ৰাজকুমাৰ ৰাওৱো তেনে এগৰাকী অভিনেতা যি নিজৰ প্ৰতিভাৰ আধাৰত বলিউডত জিলিকি আছে। কিছুদিন পূৰ্বে ৰাজকুমাৰ ৰাও আৰু শ্ৰদ্ধা কাপুৰৰ ছবি ”স্ত্ৰী-২” য়ে মুক্তি লাভ কৰিছে।

মুক্তিৰ পাছতেই বক্স অফিচত এই ছবিখনে খলকনিৰ সৃষ্টি কৰিছে। বিশেষকৈ ৰাজকুমাৰ ৰাওৰ অভিনয়ে সকলোকে আকৰ্ষিত কৰিছে।  বলিউডত ৰাজকুমাৰ ৰাওৰ আজিৰ যি স্থিতি সেই পৰ্যায়লৈ আহিবলৈ তেওঁ যথেষ্ঠ সংগ্ৰাম কৰিবলগীয়া হৈছিল। তেওঁৰ সংগ্ৰামৰ কথা উল্লেখ কৰি শেহতীয়াকৈ তেওঁ কয় যে, কেৰিয়াৰৰ এটা পৰ্যায় তেওঁৰ বাবে বহু কঠিন আছিল। এনে এক সময় আছিল যেতিয়া তেওঁৰ বেংক একাউন্টত মাত্ৰ ১৮ টকা আছিল। মুম্বাইৰ দৰে চহৰত চলা অতি কঠিন আছিল তেওঁৰ বাবে। আনকি খোৱা বোৱা, থকা আদিৰ ক্ষেত্ৰত হোৱা সমস্যাৰ বাবে তেওঁ ‘পাৰলে জী’ আৰু ফল খাই জীয়াই আছিল।

আছিল মাত্ৰ ১৮ টকা

এক সাক্ষাৎকাৰৰ সময়ত তেওঁ কয় যে, ২০০৮ চনত তেওঁ মুম্বাইলৈ গৈছিল আৰু সেই সময়ত তেওঁৰ ওচৰত ধন নাছিল। তেওঁৰ বেংক একাউন্টত ১৮ টকা আৰু বন্ধুৰ বেংক একাউন্টত ২১ টকা আছিল। গতিকে তেওঁলোকে চিন্তা কৰিবলগীয়া হৈছিল যে খাদ্য কেনেকৈ খাব। সেই বেয়া সময়ত তেওঁক FTII ৰ বন্ধুসকলে যথেষ্ঠ সহায় কৰিছিল।

প্ৰথম আয়

ৰাজকুমাৰে কয় যে ‘লাভ চেক্স ঔৰ ধোখা’ৰ ছবিখনৰ পূৰ্বে তেওঁ বহু অডিচন দিছিল। প্ৰথমখন ছবিত অভিনয় কৰাৰ বাবদ তেওঁ পাইছিল মাত্ৰ ১১ হাজাৰ টকা। ইয়াৰ পৰৱৰ্তী ছবি ‘ৰাগিনী এম এম এছ’ৰ বাবে তেওঁ ১ লাখ টকা লাভ কৰে। তেওঁ কয় যে, সেই সময়ত তেওঁ তিনিজন মানুহৰ লগত ফ্লেট শ্বেয়াৰ কৰিছিল। কেতিয়াবা বিজ্ঞাপনৰ পৰা প্ৰায় ৮-৯০০০ টকা লাভ কৰিছিল।

শিক্ষকে দিছিল মাচুল

ৰাজকুমাৰ ৰাওৰ জন্ম হৈছিল হাৰিয়ানাৰ গুৰুগ্ৰামত। তেওঁৰ পিতৃ সত্য প্ৰকাশ যাদৱে হাৰিয়ানাৰ ৰাজহ বিভাগত কাম কৰিছিল আৰু মাতৃ কমলেশ যাদৱ আছিল এগৰাকী গৃহিণী। তেওঁ কয় যে, স্কুলত পঢ়ি থকাৰ সময়ত কিবা কাৰণত পৰিয়ালৰ অৱস্থা অতি বেয়া হৈ পৰিছিল, মাচুল দিবলৈও তেওঁৰ হাতত টকা নাছিল। সেই সময়ত তেওঁৰ দুবছৰৰ মাচুল তেওঁৰ এজন শিক্ষকে দিছিল।

বৰ্তমান সম্পত্তি

ৰাজকুমাৰ ৰাওৱে এতিয়া সফলতা লাভ কৰিছে। তেওঁ কষ্ট, সাধনাই তেওঁৰ উন্নতিৰ উচ্চ শিখৰত উপনীত কৰাইছে। বৰ্তমান  তেওঁৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৮১ কোটি টকা। মুম্বাইত তেওঁৰ নিজা ঘৰো আছে। তেওঁ এটা বিজ্ঞাপনৰ বাবে ১ৰ পৰা ২ কোটি টকা লয়। আনহাতে এখন ছবিৰ বাবে ৫-৬ কোটি টকা লয়।

 

Latest News