'স্ত্ৰী ২'ৰ পাছত এইবাৰ আহিব 'স্ত্ৰী ৩'! কোনে কৰিব মূল চৰিত্ৰত অভিনয়? | stree 2 will be in upcoming sequel Assam news - Assam Tv9

‘স্ত্ৰী ২’ৰ পাছত এইবাৰ আহিব ‘স্ত্ৰী ৩’! কোনে কৰিব মূল চৰিত্ৰত অভিনয়?

Updated On: 

30 Aug 2024 13:21 PM

বক্স অফিচত 'স্ত্ৰী ২'ৰ আশ্চৰ্যজনক প্ৰদৰ্শনৰ পাছত, ইয়াৰ আগন্তুক চিকুৱেলৰ বাবে অপেক্ষা কৰাটো যুক্তিসংগত। নিৰ্মাতাসকলে এই চলচ্চিত্ৰখনৰ বিষয়ে দিয়া আপডেট সমূহলৈ চাই আহিবলগীয়া চিকুৱেলৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে। এতিয়া আহিবলগীয়া চিকুৱেল বা প্ৰিকুৱেলত কোন অভিনেতাক দেখা যাব সেয়া দৰ্শনীয় বিষয় হ'ব।

স্ত্ৰী ২ৰ পাছত এইবাৰ আহিব স্ত্ৰী ৩! কোনে কৰিব মূল চৰিত্ৰত অভিনয়?
Follow Us On

‘স্ত্ৰী ২’ৰ সফলতাই দেশজুৰি এক আলোড়নৰ সৃষ্টি কৰিছে। সকলো ঠাইতে চলচ্চিত্ৰখনৰ গীত, সংলাপ আৰু অন্যান্য বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে। ‘স্ত্ৰী ২’ এই বছৰৰ আটাইতকৈ সফল চলচ্চিত্ৰ। যিয়ে ৪০০ কোটিৰ ক্লাব প্ৰৱেশ কৰিছে। চলচ্চিত্ৰখনৰ উপাৰ্জনে সকলোকে আচৰিত কৰি তুলিছে। শ্ৰদ্ধা কাপুৰ আৰু ৰাজকুমাৰ অভিনীত ‘স্ত্ৰী ২’য়ে বহুতো ডাঙৰ ছবিক পৰাস্ত কৰিছে।

নতুন অভিলেখ গঢ়াৰ ক্ষেত্ৰত পিছ পৰি থকা নাই ‘স্ত্ৰী ২’। যেতিয়া ‘স্ত্ৰী’ৰ প্ৰথম অংশ অহাৰ পাছৰে পৰা মানুহে ইয়াৰ পৰৱৰ্তী অংশৰ বাবে অপেক্ষা কৰিবলৈ আৰম্ভ কৰিছিল। যিখন ৬ বছৰৰ পাছত অৰ্থাৎ চলি বৰ্ষৰ ১৫ আগষ্টত মুকলি কৰা হৈছিল। ছবিগৃহলৈ অহাৰ লগে লগে ছবিখনে দৰ্শকৰ পৰা যথেষ্ট ভাল সঁহাৰি লাভ কৰে। যাৰ বাবে একেলগে মুক্তি প্ৰাপ্ত বাকী ছবিবোৰে বক্স অফিচত পিছ পৰি ৰয়। ‘স্ত্ৰী ২’ৰ বহুতো ৰহস্য এতিয়াও বাকী আছে। যাক জানিবলৈ মানুহে ইয়াৰ চিকুৱেলৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰিছে। অৱশ্যে আহিবলগীয়া ছবিখনৰ বিষয়ে নিৰ্মাতাসকলে যিধৰণে আপডেট দিছে সেই অনুসৰি অপেক্ষা কৰাটো যুক্তিসংগত।

ছবিখনৰ সকলো চৰিত্ৰই ইমান আমোদজনক যে ইয়াৰ সফলতাৰ সম্পূৰ্ণ কৃতিত্ব কেৱল মুখ্য চৰিত্ৰটোক দিয়াটো ভুল হ’ব। এই ছবিখন অমৰ কৌশিকৰ দ্বাৰা পৰিচালিত আৰু কাহিনী নীৰেন ভট্টৰ। ছবিখনত পৱন সিঙৰ গীতৰ পৰা আৰম্ভ কৰি তামান্না ভাটিয়াৰ আইটেম চঙলৈ গীতবোৰ লুপত বজোৱা হৈছে। এই ছবিখনত এটা নিচুকনি গীতো আছিল। যিটো মানুহে বহুত ভাল পাইছে। ছবিখনত অপাৰশক্তি খুৰানা ওৰফে বিট্টুৱে তেওঁৰ প্ৰেমিকাৰ বাবে “Soft Chitti Warm Chitti” গাই থকা শুনা গৈছে। মানুহে এই দৃশ্যটোত যথেষ্ট উপভোগ কৰিছিল। কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে এই নিচুকনি গীতটো আহিবলগীয়া অংশত শুনা যাব নে? যাৰ বাবে সকলোৰে চকু বিট্টুৰ প্ৰেমিকা চিট্টিৰ ওপৰত স্থিৰ হৈ আছে।

‘স্ত্ৰী ২’ৰ কাহিনী চিট্টিৰ পৰা আৰম্ভ হয়। যাৰ চৰিত্ৰটো আন্য সিঙে অভিনয় কৰিছে। ছবিখনত মানুহে তেওঁক চন্দ্ৰীৰ কেটৰিনা কাইফ বুলি কয়। শেহতীয়াকৈ আন্য সিঙে জুমৰ সৈতে হোৱা এটা সাক্ষাৎকাৰ ছবিখনৰ সফলতাৰ বিষয়ে কৈছিল। ‘স্ত্ৰী ২’ত তেওঁ অপাৰশক্তি খুৰানাৰ অনস্ক্ৰীণ প্ৰেমিকাৰ অভিনয় কৰিছে। সাক্ষাৎকাৰৰ সময়ত যেতিয়া তেওঁক সোধা হৈছিল যে মানুহে আগন্তুক অংশত চিট্টিক দেখা যাবনে? আন্যই উত্তৰ দিছিল যে তেওঁ আশা কৰে যে মানুহে ‘স্ত্ৰী ৩’ত তেওঁৰ চৰিত্ৰটো দেখা পাব। তেওঁ এই কথা সম্পূৰ্ণৰূপে সন্মত হোৱা বা অস্বীকাৰ কৰা নাই।

 

লগতে ছবিখনৰ বিষয়ে কথা পাতি আন্যই কয়, “এই ছবিখন ভৌতিক-কৌতুক আধাৰিত। কিন্তু ইয়াত মানুহৰ বাবে এটা বাৰ্তাও আছে। ছবিখনৰ এটা দৃশ্যত য’ত চিৰকাটাক শেষ কৰা হয়, চহৰৰ বাকী ঘৰবোৰত বন্দী হৈ থকা মহিলাসকলে বাহিৰলৈ ওলাই পূজা কৰিবলৈ যায়, য’ত স্ত্ৰীক শক্তিশালী ৰূপত দেখুওৱা হয়। এই দৃশ্যটোৱে একো নোকোৱাকৈ মানুহৰ সন্মুখত এটা ডাঙৰ বিষয় উপস্থাপন কৰিছে। ‘স্ত্ৰী ২’য়ে দৰ্শকক আকৰ্ষণীয় কাহিনীৰ লগতে বিশেষ বাৰ্তা প্ৰদান কৰিছে।” তেওঁ কয়, “মই ছবিখনত কাম কৰিবলৈ নিজকে বহুত ভাগ্যৱান বুলি বিবেচনা কৰোঁ। দৰ্শক হিচাপে মই এই ছবিখন বহুত ভাল পাইছোঁ।”

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version