বিজয় বাৰ্মা-তমন্না ভাটিয়াৰ সম্পৰ্কত ফাঁট! কেনেকৈ আৰম্ভ হৈছিল দুয়োৰে প্ৰেম কাহিনী…

Tamannah-Vijay Varma Love Story:  তমন্না ভাটিয়া আৰু বিজয় বাৰ্মাৰ যুটি অনুৰাগীৰ প্ৰিয় আছিল। ইয়াৰ কাৰণ আছিল তেওঁলোক দুয়োজনে। দুয়ো সম্পৰ্ক লুকুৱাই ৰখাৰ পৰিৱৰ্তে তেওঁ মুকলিকৈ নিজৰ প্ৰেম প্ৰকাশ কৰিছিল। ইয়াৰ মাজতে  আহিছে বিচ্ছেদৰ খবৰ। জানিব পৰা মতে বহু দিন আগতে শেষ হৈ গৈছে এই সম্পৰ্ক। কিন্তু তেওঁলোকৰ সম্পৰ্ক কেনেকৈ আৰম্ভ হৈছিল জানেনে?

বিজয় বাৰ্মা-তমন্না ভাটিয়াৰ সম্পৰ্কত ফাঁট! কেনেকৈ আৰম্ভ হৈছিল দুয়োৰে প্ৰেম কাহিনী...

তমন্না ভাটিয়া আৰু বিজয় বাৰ্মা

Updated On: 

05 Mar 2025 08:05 AM

চলচ্চিত্ৰ জগতত এনে বহু প্ৰেমীক যুটী আছে যিসকল অনুৰাগীৰ পচন্দ হোৱাৰ উপৰিও প্ৰায়ে চৰ্চাত থাকে। ইয়াৰে মাজৰ এটা যুটী তমন্না ভাটিয়া আৰু বিজয় বাৰ্মা। দুয়োটাৰে যুটীটোক সকলোৱে পচন্দ কৰে। কিন্তু ইয়াৰ মাজতে খবৰ আহিল যে দুয়োৰে বছৰ বছৰ ধৰি চলি থকা সম্পৰ্কৰ অন্ত পৰিছে। ইয়াৰ আঁৰৰ কাৰণ কি, এতিয়াও সেই কথা জানিব পৰা হোৱা নাই। কিন্তু এসপ্তাহ আগতে দুয়োৰে বিচ্ছেদ হৈছিল। বৰ্তমান তেওঁলোক নিজ নিজ কামত ব্যস্ত। প্ৰেমৰ সম্পৰ্ক শেষ হৈ গ’ল, কিন্তু এটা সম্পৰ্ক আছে যিটো হয়তো আগলৈও থাকিব – সেয়া হৈছে  বন্ধুত্বৰ। বাৰু আজি আপোনাক ক’ম তেওঁলোকৰ প্ৰেম কাহিনী কেনেকৈ আৰম্ভ হৈছিল?

২০২৩ চনত ‘লাষ্ট ষ্ট’ৰীছ ২’ৰ সময়ত তেওঁলোকৰ সম্পৰ্কৰ কথা ৰাজহুৱা কৰিছিল তমন্না ভাটিয়া আৰু বিজয় বাৰ্মাই। প্ৰায়ে পাৰ্টি আৰু বঁটা প্ৰদান অনুষ্ঠানত একেলগে দেখা পোৱা গৈছিল দুয়োকে। বেছিভাগ মানুহে ভাবে যে দুয়োজনে ‘লাষ্ট ষ্ট’ৰীজ ২’ৰ চেটত লগ পাইছিল। কিন্তু সেয়া নহয়। প্ৰথমবাৰৰ বাবে তেওঁলোক ক’ত লগ হৈছিল সেই কথা বিজয় বাৰ্মাই নিজেই কৈছিল।

কেনেকৈ আৰম্ভ হ’ল প্ৰেম কাহিনী?

বিজয় বাৰ্মাই কৈছিল যে, তেওঁ এটা ৰেপ আপ পাৰ্টি কৰিব বিচাৰিছিল। য’ত মাত্ৰ ৪ জন মানুহ আহিছিল। এই দিনটোতে প্ৰথমবাৰৰ বাবে বিজয় বাৰ্মাই তান্ন্মাক কৈছিল যে, তেওঁৰ লগত কথা পাতিব বিচাৰে। কিন্তু ইয়াৰ লগে লগে সকলো আৰম্ভ হোৱা নাছিল। তেওঁলোকৰ প্ৰথম ডেটৰ বাবে ২০-২৫ দিন সময় লাগিছিল। দুয়োৰে প্ৰেম কাহিনী ইয়াৰ পৰাই আৰম্ভ হৈছিল।

তামান্নাৰ বাবে বিজয় বাৰ্মা কি আছিল?

তমান্না ভাটিয়া আৰু বিজয় বাৰ্মাই কেতিয়াও নিজৰ প্ৰেম প্ৰকাশৰ সুযোগ হেৰুৱাব বিচৰা নাছিল। তেওঁ বিজয় বাৰ্মাক নিজৰ সুখৰ স্থান বুলি অভিহিত কৰিছিল। লগতে কয় যে, বিজয়ে কোনো  অন্তৰ্ভাৱ নোহোৱাকৈয়ে তেওঁৰ কাষ চাপিছিল। বহু পাৰ্টিত বিজয় বাৰ্মাক তমন্নাৰ বেগ হাতত লোৱা দেখা গৈছে। কিন্তু এতিয়া দুয়োজনে ইজনে সিজনৰ পৰা পৃথক হোৱাৰ সিদ্ধান্ত লৈছে।

অৱশ্যে এই খবৰক লৈ এতিয়ালৈকে তমন্না ভাটিয়া আৰু বিজয় বাৰ্মাই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। কিন্তু ব্ৰেকআপৰ খবৰ নিশ্চিত কৰিছে পিংকভিলাই। ইয়াৰ কাৰণ জানিব পৰা হোৱা নাই যদিও দুয়োজনে এতিয়াও ছ’চিয়েল মিডিয়াত ইজনে সিজনক ফ’ল’ কৰি আছে। আন যুটীৰ দৰে তেওঁলোকে ইনষ্টাগ্ৰামত কোনো ধৰণৰ ৰহস্যজনক পোষ্ট শ্বেয়াৰ কৰা নাই। অৱশ্যে বহু খবৰ অনুসৰি ফটোসমূহ ডিলিট কৰা হৈছে। তেওঁলোকৰ কিছুমান ফটো এতিয়া দেখা নাযায়। আনহাতে কিছুমানে এতিয়াও একাউণ্টত দেখা পোৱা গৈছে।

একেৰাহে এমাহ গাখীৰৰ সৈতে জালুক মিহলাই খালে কি হয় জানেনে?
অনন্ত আম্বানীৰ বনতাৰাত কি কি আৰু কিমান জীৱ-জন্তু আছে?
মাহেকীয়াৰ সময়ত মন্দিৰলৈ যোৱাটো পাপ নেকি? জয়া কিশোৰীয়ে দিলে ইয়াৰ উত্তৰ
খালী পেটত গ্ৰীণ টি খাই নেকি? তেন্তে জানক ইয়াৰ ফলত কি হ'ব পাৰে...