বলিউডৰ বিখ্যাত বচ্চন পৰিয়ালৰ শিক্ষাগত অৰ্হতা কিমান জানেনে? | The Educational Qualification Of Amitabh Bachchan Family Members Assam news - Assam Tv9

কোটি-কোটি সম্পত্তি, বিশ্বজুৰি খ্যাতি ! বলিউডৰ বিখ্যাত বচ্চন পৰিয়ালৰ শিক্ষাগত অৰ্হতা কিমান জানেনে?

Updated On: 

26 Jun 2024 19:24 PM

Bachchan Family Educational Qualification: বিশ্ববিখ্যাত বলিউডৰ বচ্চন পৰিয়াল । এই পৰিয়ালটোৰ আছে কোটি-কোটি টকাৰ সম্পত্তি । কিন্তু এই পৰিয়ালটোৰ সদস্য সকলৰ শৈক্ষিক অৰ্হতা কিমান জানেনে ?

1 / 8বলীউডৰ

বলীউডৰ বিখ্যাত পৰিয়ালটো হ’ল বচ্চন পৰিয়াল। পৰিয়ালটোৰ অন্যতম ছুপাৰষ্টাৰ অমিতাভ বচ্চন। ইয়াৰ পিছতে আছে-তেওঁৰ পত্নী জয়া বচ্চন, পুত্ৰ অভিষেক বচ্চন, বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চন, কন্যা শ্বেতা বচ্চন নন্দা । শ্বেতাৰ কন্যা নব্য নভেলী নন্দা আৰু শ্বেতাৰ পুত্ৰ অগস্ত্য নন্দা।

2 / 8

সকলোৱে জানে ঐশ্বৰ্য ৰায় বচ্চন সৰুৰে পৰা পঢ়াত ভাল আছিল। কিন্তু পৰিয়ালৰ বাকী সকলৰ শৈক্ষিক অৰ্হতা কিমান আপুনি জানেনে ?

3 / 8

অমিতাভ বচ্চন: অমিতাভ বচ্চন আছিল বিজ্ঞানৰ ছাত্ৰ। তেওঁ ১৯৬২ চনত কিৰোৰী মাল কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ আগতে তেওঁ নৈনিতালৰ শ্বেৰউড কলেজত পঢ়িছিল। এলাহাবাদৰ বয়জ হাইস্কুল এণ্ড কলেজৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।

4 / 8

জয়া বচ্চনঃ জয়া বচ্চনে ভূপালৰ ছেইণ্ট জোচেফ কনভেণ্ট স্কুলত পঢ়িছিল। পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট (এফটিআইআই)ৰ পৰা স্নাতক।

5 / 8

অভিষেক বচ্চনঃ তেওঁ মুম্বাইৰ স্কটিছ স্কুলৰ ছাত্ৰ আছিল। তাত কেইবছৰমান পঢ়া-শুনা কৰাৰ পিছত চুইজাৰলেণ্ডৰ আইগলন কলেজৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে । লগতে যমুনাবাই নাৰ্চী স্কুল আৰু দিল্লীৰ মৰ্ডান স্কুলত পঢ়িছিল। পিছত উচ্চ শিক্ষা লাভৰ বাবে বষ্টনলৈ গুচি যায়। বষ্টন বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্য শাখাত অধ্যয়ন কৰিছিল।

6 / 8

শ্বেতা বচ্চন নন্দাঃ অমিতাভ আৰু জয়াৰ কন্যা শ্বেতাই নতুন দিল্লীৰ মৰ্ডান স্কুলৰ পৰা স্কুলীয়া শিক্ষা লৈছিল । ডেৰাডুনৰ দুন স্কুলতো পঢ়িছিল। শ্বেতাই এম বি এ ডিগ্ৰীও গ্ৰহণ কৰে ।

7 / 8

নব্য নভেলী নন্দাঃ শ্বেতাৰ কন্যা নব্যই নিউয়ৰ্ক চহৰত শিক্ষা সমাপ্ত কৰে। ফৰ্ডম বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ডিজিটেল টেকন’লজি আৰু ইউএক্স ডিজাইনৰ উচ্চ শিক্ষা গ্ৰহণ কৰে ।

8 / 8

অগস্ত্য নন্দাঃ কিছু মাহ পূৰ্বে মুক্তি লাভ কৰিছিল অগস্ত্য নন্দাৰ ছবি ‘দ্য আৰ্চিজ’। অগস্ত্যই লণ্ডনৰ চেভেন’কছ স্কুলৰ পৰা অধ্যয়ন কৰিছিল।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?