শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Roi Roi Binale Movie: জুবিন গাৰ্গৰ নতুন ছবি ৰৈ ৰৈ বিনালেৰ প্ৰথম পোষ্টাৰ মুকলি, ছবিখনে দৰ্শকৰ মন জয় কৰিব পাৰিবনে?

Zubeen Garg New Movie: খানাপাৰাৰ ৰঙালীৰ অনুষ্ঠানত জুবিনে প্ৰথমটো লুক দৰ্শকক দেখুৱাইছিল। ইয়াৰ  পিছতে ভাইলে হৈ পৰে জুবিন গাৰ্গ। ছবিখন সংগীতৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। তথ্যনুসৰি ছবিখনৰ শ্বুটিং শ্ৰীলংকা আৰু অৰুণাচল প্ৰদেশত কৰিছে।

Roi Roi Binale Movie: জুবিন গাৰ্গৰ নতুন ছবি ৰৈ ৰৈ বিনালেৰ প্ৰথম পোষ্টাৰ মুকলি, ছবিখনে দৰ্শকৰ মন জয় কৰিব পাৰিবনে?
জুবিন গাৰ্গৰ নতুন ছবি ৰৈ ৰৈ বিনালেৰ প্ৰথম পোষ্টাৰ মুকলি
barasha-misra
Barasha Misra | Published: 08 Apr 2025 16:31 PM

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। প্ৰায়ে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে জুবিনৰ মন্তব্য বা ফটো। নিজৰ মনৰ কথাখিনি ক’বলৈ কাকো ভয় নকৰে জুবিনে। নিজৰ কাম আৰু কণ্ঠৰে সদায় চৰ্চাত থাকে হাৰ্টথ্ৰ’ৱ।

১৯৯২ চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকা মুক্তি পায়। ইয়াৰ লগে লগেই জুবিন পেছাদাৰী সংগীত জগতখনত জড়িত হৈ পৰে। জুবিনে ঢোল, দোতাৰা, মেণ্ডলিনৰ দৰে বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও এজন কৃতী কীবৰ্ড প্লেয়াৰ। বঙালী চিনেমা শুধু তুমিৰ কাৰণে জুবিনে ২০০৫ চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। হিন্দীৰ য়া আলি গীতটোৰ বাবে জুবিনে ২০০৭ চনত গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড (GIFA) আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী (পুৰুষ) বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি Echoes of Silence (ইংৰাজী-খাচী) ছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰিছিল। আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাব ২০১৪ চনত জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হয়।

কেৱল সংগীততে সীমাৱদ্ধ হৈ থকা নাই জুবিন। তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতাও। জুবিনে কাঞ্চনজংঘাৰ পৰা আৰম্ভ কৰি চিকাৰলৈ, ইখনৰ পিছত সিখন ছবি দৰ্শকক উপহাৰ দি আছে। এইবাৰ জুবিন গাৰ্গক দেখিব আন এখন নতুন ছবি ৰৈ ৰৈ বিনালেত।

পূৰ্বৰ দৰে এইবাৰো জুবিন গাৰ্গৰ এটা ব্যতিক্ৰমী চৰিত্ৰ দেখিব ৰাইজে। ৰৈ ৰৈ বিনালেত ‘ৰাউল’ এজন অন্ধশিল্পী হিচাপে দেখা যাব জুবিনক, যি হ’ব এগৰাকী অন্ধ ৰকষ্টাৰ। জিল ক্ৰিয়েচন আৰু আই ক্ৰিয়েচনৰ যুটীয়া প্ৰযোজনাৰে নিৰ্মিত ছবিখনৰ পৰিচালনা ৰাজেশ ভূঞাৰ। ছবিখনত ৰাহুল গৌতম শৰ্মাই সংলাপ দিছে আৰু সাজ-সজ্জা কৰিছে গৰিমা গাৰ্গে।

খানাপাৰাত অনুষ্ঠিত ৰঙালী মহোৎসৱৰ অনুষ্ঠানত জুবিন গাৰ্গে তেওঁৰ আহিবলগীয়া ছবি “ৰৈ ৰৈ বিনালে” ৰ লুক দৰ্শকৰ ওচৰত দেখুওৱায়। এইবাৰ ছবিখনৰ প্ৰথমখন পোষ্টাৰো মুকলি কৰি দিছে ৰাইজৰ মাজত। জুবিন গাৰ্গৰ এই লুকটো দেখাৰ পিছত প্ৰতিগৰাকী দৰ্শক অপেক্ষাৰত ছবিখনৰ বাবে।

জুবিনে প্ৰতিখন ছবিতে নিজৰ লুক সলনি কৰে। কেতিয়াবা যদি কৰ্ণেল, কেতিয়াবা চিকাৰী ৰূপত, আৰু এইবাৰ দেখিব এজন অন্ধ ব্যক্তি হিচাপে। অতি শীঘ্ৰে নতুন ছবি ‘ৰৈ ৰৈ বিনালে’ দৰ্শকক উপহাৰ দিব জুবিনে।

উল্লেখ্য যে, ৰঙালীৰ অনুষ্ঠানত জুবিনে প্ৰথম লুকটো দৰ্শকক দেখুৱাইছিল। ইয়াৰ  পিছতে ভাইলে হৈ পৰে জুবিন গাৰ্গ। ছবিখন সংগীতৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। তথ্যনুসৰি ছবিখনৰ শ্বুটিং শ্ৰীলংকা আৰু অৰুণাচল প্ৰদেশত হৈছে।