শিল্পী হোৱাটো সহজ নহয়! থিয়েটাৰৰ অভিনেতা-অভিনেত্ৰীৰো থাকে এখন হৃদয়
কিছুদিনৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰত ঘটা কিছুমান ঘটনাৰ ফলত শিল্পীসকলৰ ব্যক্তিগত জীৱনৰ দিশটো চৰ্চালৈ আহিছে। শেহতীয়াকৈ মৃদুল ভূঞাৰ মাতৃৰ মৃত্যুৰ পিছত সামাজিক মাধ্যমত একাংশই লিখিছে- "থিয়েটাৰৰ শিল্পীসকলৰো এখন হৃদয় আছে।"

ভ্ৰাম্যমাণ থিয়েটাৰ চাই সকলোৱে ভাল পায়। কিন্তু থিয়েটাৰৰ এজন অভিনেতা বা অভিনেত্ৰী হোৱাটো ইমান সহজ নহয়। থিয়েটাৰ এজন শিল্পী হ’বলৈ বহুখিনি সাধনা ত্যাগ আৰু জ্ঞানৰ অধিকাৰী হোৱাটো বাঞ্চনীয়।
ভ্ৰাম্যমাণৰ নাট্য দলসমূহে এখন ঠাইৰপৰা আন এখন ঠাইলৈ নাটক প্ৰদৰ্শন কৰি ফুৰে। নাটকৰ লগত জড়িত অভিনেতা-অভিনেত্ৰী, কলা-কুশলীৰ লগতে সমগ্ৰ মঞ্চ, প্ৰেক্ষাগৃহ আৰু দৰ্শকৰ বাবে চকী আদিও ভ্ৰাম্যমাণ থিয়েটাৰে নিজেই মজুত ৰাখি পৰিবহণ কৰে। কোনো অনুষ্ঠান-প্ৰতিষ্ঠানৰ আমন্ত্ৰণ মৰ্মে সাধাৰণতে চাৰিটা নিশাৰ বাবে নাট্য-প্ৰদৰ্শন কৰা হয়। বিভিন্ন অঞ্চলৰ বিভিন্ন প্ৰতিষ্ঠানৰ লগত যোগাযোগ কৰি নাটক প্ৰদৰ্শনৰ তাৰিখ ঠিক কৰি থোৱা হয়। বহু কষ্টৰ পিছত এখন সৰ্বাংগ সুন্দৰ নাটক চাব পাৰে দৰ্শকে।
কিছুদিনৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰত ঘটা কিছুমান ঘটনাৰ ফলত শিল্পীসকলৰ ব্যক্তিগত জীৱনৰ দিশটো চৰ্চালৈ আহিছে। শেহতীয়াকৈ মৃদুল ভূঞাৰ মাতৃৰ মৃত্যুৰ পিছত সামাজিক মাধ্যমত একাংশই লিখিছে- “থিয়েটাৰৰ শিল্পীসকলৰো এখন হৃদয় আছে।”
শিল্পীৰ জীৱন
২০২৪ বৰ্ষৰ নবেম্বৰ মাহত পিতৃৰ মৃত্যুৰ খবৰৰ পিছতো, একমাত্ৰ দৰ্শকৰ বাবেই বুকুত এসাগৰ দুখ লৈ অভিনয় কৰিছিল ৰাজলক্ষ্মী থিয়েটাৰৰ অভিনেতা চন্দন ডেকাই। বিষাদৰ চকুপানীবোৰ ধৰি ৰাখি হাঁহি হাঁহি হ’লেও সংলাপ প্ৰক্ষেপণ কৰিছিল অভিনেতাজনে। সেই মুহূর্তত ইমান সুন্দৰ অভিনয় কৰাটো সহজ নাছিল যদিও যিমান সহজ ভাবে তেখেতে ইমান সুন্দৰ অভিনয়েৰে দৰ্শকৰ মন জয় কৰে। আজিলৈকে এনেকুৱা কাহিনী বহুত শুনিবলৈ পাইছোঁ। ইয়াৰ পূৰ্বে অভিনেত্ৰী অমৃতা গগৈয়ো পিতৃৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতো হাঁহি হাঁহি মঞ্চত অভিনয় কৰিবলৈ বাধ্য হৈছিল। কিছুদিন পূৰ্বে হাত ভগাৰ পিছতো ভগা হাতখনৰ সৈতেই উৎপল দাস আনফালে কহিনুৰ থিয়েটাৰৰ জেৰিণা বৰুৱাই অভিনয় কৰিবলৈ বাধ্য হৈছিল। ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পীৰ জীৱন,ত্যাগ, কষ্ট আৰু দায়বদ্ধতাৰ ভিতৰত থাকে। এয়াই ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পীৰ জীৱন।
কিন্তু মৃদুল ভূঞাৰ মাতৃৰ মৃত্যুৰ পিছত থিয়েটাৰত শিল্পীৰ জীৱন যে সহজ নহয়, তাক লৈ পুনৰ চৰ্চা চলিছে সামাজিক মাধ্যমত। মাতৃৰ মৃত্যু হলেও নাটক কৰিবই লাগিব কিয়নো তেওঁ চুক্তিবদ্ধ ।
বিভিন্নজনে ইয়াক বিভিন্ন প্ৰকাৰে ক’ব বিচাৰে। কিছুমানে সামাজিক মাধ্য়ম ব্যৱহাৰকাৰীয়ে লিখিছে “মানৱতা নোহোৱা কিয় ভ্ৰাম্যমাণৰ পৰিচালনা কমিটি? পইচা দিলে বুলিয়েই, চুক্তিবদ্ধ হ’ল বুলিয়েই মানুহ মৰি গ’লেও কাম কৰিব লাগিব নেকি! একো বেকআপ প্লেন নাথাকে কিয় ভ্ৰাম্যমাণৰ!”
আন এজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে লিখিছে- “নাটকখন আৰম্ভ কৰাৰ কেই মুহূর্ত মানৰ আগতে তেখেতৰ মাতৃৰ মৃত্যু হৈছিল । এফালে সুন্দৰ অভিনয়েৰে দৰ্শকক মনোৰঞ্জন আনফালে মাতৃ বিয়োগৰ শোকত বুকত এজাক ধুমুহা….. এয়ই জীৱন।”
এই ক্ষেত্ৰত কেৱল পৰিচালনা কমিটিয়েই নহয় দৰ্শকেও বুজা উচিত। কিয়নো বিভিন্ন সময়ত আমি দেখি আহিছি পইচা দি টিকট কটা একাংশ দৰ্শকে অভিনেতা-অভিনেত্ৰীক অভিনয়ৰ মাজতে অশ্লীল বাক্য প্ৰয়োগ কৰি গালি দিয়ে। বহুতে আকৌ চকী ভাঙি উপদ্ৰৱ কৰে, তেনেক্ষেত্ৰত এনেধৰণৰ কথা মানি ল’ব পাৰে নে নোৱাৰে সেয়া লক্ষণীয় হ’ব।