Ravi Sarma: আজি অভিনেতা ৰবি শৰ্মাৰ জন্মদিন, জানক কোনখন ছবিৰে অভিনয় জগতত প্ৰৱেশ কৰিছিল... | Today is actor Rabi Sharma's birthday, know about Ravi Sarma's acting journey Assam news - Assam Tv9

Ravi Sarma: আজি অভিনেতা ৰবি শৰ্মাৰ জন্মদিন, জানক কোনখন ছবিৰে অভিনয় জগতত প্ৰৱেশ কৰিছিল…

Published: 

19 Sep 2024 12:34 PM

কেৱল ফিটনেছেই নহয়, স্পষ্টবাদিতাৰ বাবেও সকলোৱে ভাল পায় ৰবি শৰ্মাক। সকলো কথা স্পষ্টভাৱে ক’বলৈ সাহস কৰে অভিনেতাজনে। আজি এই বিশেষ দিনটোত সামাজিক মাধ্যমত শুভেচ্ছাৰে উপচাই পেলাইছে অনুৰাগীয়ে।

Ravi Sarma: আজি অভিনেতা ৰবি শৰ্মাৰ জন্মদিন, জানক কোনখন ছবিৰে অভিনয় জগতত প্ৰৱেশ কৰিছিল...

আজি অভিনেতা ৰবি শৰ্মাৰ জন্মদিন

Follow Us On

অসমীয়া চলচ্চিত্ৰ জগতৰ এজন জনপ্ৰিয় অভিনেতা। আজি এই জনপ্ৰিয় অভিনেতাজনৰ ওপজা দিন। সামাজিক মাধ্যমত নিশাৰে পৰা অনুৰাগীয়ে শুভেচ্ছাৰে ওপচাই পেলাইছে। ৰাইজে অভিনয়ৰ লগতে তেওঁৰ চিন্তাধাৰাক যথেষ্ঠ ভাল। আনতকৈ সদায় পৃথক ৰূপত উপস্থাপন কৰিবলৈ চেষ্টা কৰে ৰবি শৰ্মাই। নিজৰ ফিটনেছৰ বাবেও অতি জনপ্ৰিয় ৰবি শৰ্মা। নিজৰ স্বাস্থ্যক লৈ যথেষ্ঠ সচেতন অভিনেতাজন। ৰবি শৰ্মাৰ ফিটনেছ বহুতৰ বাবে প্ৰেৰণা।

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰসমূহতো তেখেতে নিয়মিতভাৱে অভিনয় কৰি আহিছে। ৰবি শৰ্মাৰ জন্ম ১৯৭২ চনৰ ১৯ ছেপ্টেম্বৰত গুৱাহাটীত হয়। তেখেতে ডি এ ভি স্কুল আৰু ফেকাল্টী হাই স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰে। তাৰ পিছত তেখেতে আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁৰ মাতৃ বন্দনা শৰ্মাও এগৰাকী অভিনেত্ৰী আছিল।

অভিনয় যাত্ৰা

ৰবি শৰ্মাই বিশিষ্ট পৰিচালক মুনিন বৰুৱাৰ ২০০০ চনত মুক্তিপ্ৰাপ্ত চুপাৰ হিট ছবি হিয়া দিয়া নিয়াৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। চলচ্চিত্ৰৰ লগতে তেওঁ অসমৰ কেইবাখনো ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰিছে। তেওঁ অভিনয় কৰা চলচ্চিত্ৰসমূহ হ’ল-অন্য এক যাত্ৰা,ককাদেউতাৰ ঘৰজোঁৱাই,উজনীৰ দুজনী গাভৰু,বাৰুদ, ব্লেক এন হোৱাইট, শ্ৰী ৰঘুপতি ইত্যাদি

প্ৰথম ছবি ‘হিয়া দিয়া নিয়া’

হিয়া দিয়া নিয়া হৈছে ২০০০ চনত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ ৰোমাণ্টিক ছবি। পূজা মোশ্যন পিকচাৰ্ছৰ বেনাৰত মেৰী লস্কৰে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা বিশিষ্ট পৰিচালক মুনিন বৰুৱাৰ। সংগীত পৰিচালনা আছিল জুবিন গাৰ্গৰ। মুখ্য চৰিত্ৰত অভিনয় কৰে যতীন বৰা, ৰবি শৰ্মা, লুনা লহকৰ, গীতাৱলী ৰাজকুমাৰী, প্ৰাঞ্জল শইকীয়া আৰু মৃদুলা বৰুৱাই। চলচ্চিত্ৰখনে বহুল জনপ্ৰিয়তা লাভ কৰি সমগ্ৰ অসমতে আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। এই চলচ্চিত্ৰখনৰ যোগেদিয়েই অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰিছিল জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গেও।

শ্ৰী ৰঘুপতিৰে অসমীয়া ছবিজগতত নতুন ধাৰাৰ সৃষ্টি

২০২৩ চনত মুক্তি লাভ কৰা এখন অপৰাধভিত্তিক-একশ্যনধৰ্মী অসমীয়া চলচ্চিত্ৰ। মণিৰত্ন এণ্টাৰটেইনমেণ্টে নিবেদন কৰা এই চিনেমাখনৰ চিত্ৰনাট্য আৰু পৰিচালনা সুব্ৰত কাকতিৰ। ছবিখন শৈলেন শৰ্মাই প্ৰযোজনা কৰিছে। ছবিখনৰ মুখ্য চৰিত্ৰত ৰবি শৰ্মায়ে অভিনয় কৰিছে। নাৰী সৰবৰাহৰ বিষয়ক লৈ নিৰ্মিত ক্ৰাইম থ্ৰিলাৰ ছবিখনে ২০২৩ চনৰ ৫ জুন তাৰিখে অসমৰ লগতে অসমৰ বাহিৰৰ কিছু চহৰত মুক্তি লাভ কৰে। ছবিখনৰ সংলাপ আৰু কাহিনী ৰবি শৰ্মাৰ আৰু সংগীত প্ৰণয় দত্তৰ।ছবিখনৰ এটা এটা সংলাপে দৰ্শকৰ মনত সাঁচ বহুৱাই। ছবিখন ছবিগৃহত প্ৰায় দহ সপ্তাহজুৰি চলে আৰু ১৩.৮১ কোটিৰ ব্যৱসায় কৰি অসমীয়া ছবিৰ ইতিহাসত অভিলেখ ৰচে ৷

উল্লেখ্য যে, ৰবি শৰ্মা ৰঘুপতিত ৰায় বৰুৱাৰ চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখনৰ কাহিনী ৰাইজে যথেষ্ঠ ভাল পাইছিল। এজন উচ্চপদস্থ চৰকাৰী চাকৰিয়াল ৰঘুপতিৰ পৰিয়াল, ভগ্নী আৰু প্ৰেয়সীক কেন্দ্ৰ কৰি ছবিখনৰ কাহিনীভাগ আগবাঢ়ে। আন্তৰিকতা আৰু অধ্যৱসায়ৰ বাবে পৰিচিত এ চি এছ বিষয়া ৰঘুপতি ৰায় বৰুৱাক কেন্দ্ৰ কৰি ছবিখন আবদ্ধ। নিৰুদ্দেশ হোৱা নাৰী উদ্ধাৰৰ বাবে ৰঘুপতিয়ে এক তীব্ৰ যাত্ৰাত নামি পৰে। তদন্তৰ গভীৰতালৈ নামি যোৱাৰ লগে লগে তেওঁ অঞ্চলটোত চলি থকা নাৰী সৰবৰাহৰ এটা ৰেকেট উন্মোচন কৰে। কাহিনীয়ে সময়ে সময়ে বিভিন্ন মোৰ লয়। প্ৰত্যাশিত আৰু অপ্ৰত্যাশিত দুয়ো ধৰণৰ ঘটনাৰ মেৰপাকত ছবিখন আগবাঢ়ে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version