আজি জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ জন্মদিন, বিশেষ দিনটোত স্বামী ভাস্কৰে ক’লে এইদৰে... | Today is the birthday of assamese popular actress Barsha Rani bishaya Assam news - Assam Tv9

আজি জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ জন্মদিন, বিশেষ দিনটোত স্বামী ভাস্কৰে ক’লে এইদৰে…

Published: 

20 Sep 2024 13:18 PM

আজি অসমীয়া ছবিজগতৰ মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ ওপজা দিন৷ বৰষাৰ এই বিশেষ দিনটোত সামাজিক মাধ্যমযোগে স্বামী ভাস্কৰে জনাইছে শুভেচ্ছা।

আজি জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ জন্মদিন, বিশেষ দিনটোত স্বামী ভাস্কৰে ক’লে এইদৰে...

বৰষা আৰু ভাস্কৰ

Follow Us On

আজি অভিনেত্ৰী বৰষা ৰাণী বিষয়াই খোজ দিলে জীৱনৰ নতুন এটা বৰ্ষত। জন্মদিন উপলক্ষে সামাজিক মাধ্যমত শুভেচ্ছা আৰু আশীৰ্বাদেৰে উপচাই পেলাইছে অনুৰাগীয়ে। অসমীয়া ছবিজগতৰ লগতে সাংস্কৃতিক দিশত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে বৰষাই। এগৰাকী সুদক্ষ অভিনেত্ৰীৰ লগতে বিহু(Bihu) নৃত্যশিল্পীও বৰষা,এসময়ত অসমীয়া ভিচিডি সমূহতো খলকনি তুলিছিল ৷

ওপজা দিনটো বেছি বিশেষ বনাবলৈ সামাজিক মাধ্যমত বিশেষ ধৰেণে শুভেচ্ছা জনাইছে স্বামী ভাস্কৰে। বৰ্তমান অসমৰ সৰ্বাধিক চৰ্চিত দম্পতী হৈছে বৰষা আৰু ভাস্কৰ বৰুৱা।ইনষ্টাগ্ৰামৰ এটা মেছেজেৰে কেনেকৈ বৰষাৰ জীৱনলৈ আহিছিল ভাস্কৰ! ২২ ফেব্ৰুৱাৰী ২০২১ত বৰষাৰ জীৱনসংগী হিচাপে আহে ভাস্কৰ। অনুৰাগীৰ পৰা স্বামীলৈ ভাস্কৰ বৰুৱা। দুয়োৰে মৰম দেখি অনুৰাগীয়ে যথেষ্ঠ ভাল পায়। প্ৰায়ে ভাস্কৰে পত্নী বৰষাৰ সৈতে ফটো শ্বেয়াৰ কৰি থাকে।

বৰষাৰ ওপজা দিন উপলক্ষে ভাস্কৰে সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি লিখিছে- Happy Birthday to the love of my life , my best friend, and the woman who makes every day brighter. Here’s to celebrating you today and always! Every day with you is a beautiful adventure, and you are the heart of our home and the light of my world. I love you more than words can express, today and always ❤️

বৰষাৰ যাত্ৰা

বৰষাই বৰ্তমানলৈ বহুতো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰটো অভিনয় কৰি আহিছে। চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেখেতে বিহু নৃত্যটো তেওঁৰ যথেষ্ট সুনাম আছে।

বৰষা ৰাণী বিষয়াই জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ যৌৱনে আমনি কৰে চলচিত্ৰৰ জৰিয়তে অসমীয়া ছবিজগতত খোজ দিয়ে । এতিয়ালৈ বহুটো ছবিত অভিনয় কৰিছে বৰষা ৰাণী বিষয়াই।। তেওঁ অভিনীত চলচ্চিত্ৰ বসুন্ধৰাই ৫৭-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰে। চেনাই মোৰ ঢুলীয়া,উজনিৰ দুজনী গাভৰু,মাঘত মামণিৰ বিয়া আদি বৰষাৰ অন্যতম জনপ্ৰিয় ছবি।

বৰষাৰ প্ৰথম অসমীয়া ছবি যৌৱনে আমনি কৰে ১৯৯৮ চনৰ ১৯মেত মুক্তি পোৱা, অশোক কুমাৰ বিষয়া পৰিচালিত আৰু প্ৰযোজিত এখন ৰঙীন ৰোমাণ্টিক অসমীয়া ছবি। বহুদিন ধৰি অসমীয়া ছবি জগতত চলা এক মণ্ডাৱস্থাৰ অন্তত এই ছবিখন অতি জনপ্ৰিয় হৈছিল আৰু অসমীয়া দৰ্শকসকলক অসমীয়া ছবিৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল। ছবিৰ নামটো পৰিচালক-প্ৰযোজক অশোক বিষয়াৰ পিতৃ ক্ষীৰদাকান্ত বিষয়াই লাচিত বৰফুকন ছবিৰ বাবে লিখা ‘আবেগৰ বোকোচা বব মই নোৱাৰো, যৌৱনে আমনি কৰে’ শীৰ্ষক এটা গীতৰ পৰা লোৱা হৈছিল আৰু এই গীতটো পুনঃৰেকৰ্ডিং কৰি এই ছবিখনত টাইটেল চং হিচাপে ব্যৱহাৰ কৰা হৈছিল। অশ্লীল নামকৰণ কৰা বুলি ছবিৰ নামটোক লৈ ছবিখনৰ নিৰ্মাণৰ সময়ত এক বিতৰ্ক হৈছিল। অশোক কুমাৰ বিষয়াই এটা টিভি সাক্ষাৎকাৰত কৈছিল যে এই বিতৰ্ক চলাত প্ৰযোজকপক্ষও পৰিকল্পিতভাৱে জড়িত হৈ পৰিছিল।

বৰ্তমান বৰষা ৰাণী ব্যস্ত হৈ আছে আহিবলগীয়া ছবি ‘যৌৱনে আমনি কৰে-২’ ত। ১৯৯৮ চনৰ এখন জনপ্ৰিয় ছবি হিচাপে পৰিগণিত হৈছিল “যৌৱনে আমনি কৰে”। ছবিখনে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ শুভক্ষণত চিকুৱেলৰ কথা ঘোষণা হৈছিল। পিতৃ অশোক কুমাৰ বিষয়াৰ পৰিচালনাৰে নিৰ্মাণ কৰা হ’ব “যৌৱনে আমনি কৰে ২”।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version