আজি অসমীয়া চলচ্চিত্ৰ জগতৰ মহান নায়ক বিজু ফুকনৰ মৃত্যুবাৰ্ষিকী, বিজু ফুকনৰ প্ৰকৃত নাম কি আছিল জানেনে?

১৯৭০ চনত এখেতে প্ৰথমে ব্ৰজেন বৰুৱা পৰিচালিত ব্যৱসায়িকভাৱে সফল চলচ্চিত্ৰ ডাঃ বেজবৰুৱাত এটা গানৰ দৃশ্যত ভূমুকি মাৰিছিল বিজু ফুকনে। একেটা বছৰতে নিপ বৰুৱাৰ পৰিচালিত চলচ্চিত্ৰ বৰুৱাৰ সংসাৰত নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰে। তেওঁৰ মৃত্যুবাৰ্ষিকীৰ দিনটোত জানো আহক জীৱনৰ বহু কথা।

আজি অসমীয়া চলচ্চিত্ৰ জগতৰ মহান নায়ক বিজু ফুকনৰ মৃত্যুবাৰ্ষিকী, বিজু ফুকনৰ প্ৰকৃত নাম কি আছিল জানেনে?

বিশিষ্ট অভিনেতা বিজু ফুকনৰ আজি মৃত্যু বাৰ্ষিকী

Updated On: 

22 Nov 2024 13:57 PM

বিজু ফুকন অসমীয়া চলচ্চিত্ৰ জগতৰ এজন খ্যাতনামা অভিনেতা আছিল। বিজু ফুকনৰ জন্ম হয় ১৯৪৭ চনত ডিব্ৰুগড় জিলাত। বিজু ফুকনৰ জন্মগত নাম আছিল বিজয় ফুকন। চলচ্চিত্ৰজগতলৈ অহাৰ পাছত তেওঁক ঘৰত মতা নাম ‘বিজু’-ৰে নিজৰ চিনাকি দিয়ে। এখেতৰ পিতৃ অতুল চন্দ্ৰ ফুকন। এগৰাকী সামৰিক বিষয়া আছিল ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ত এখেতে পঢ়া-শুনা কৰিছিল।

তেওঁ চলচ্চিত্ৰ পৰিচালক ৰূপেও অৱতীৰ্ণ হৈছে। খ্যাতনামা অসমীয়া কথাচলচ্চিত্ৰ ডাঃ বেজবৰুৱাত এটা তেনেই সৰু চৰিত্ৰত প্ৰথমে ভুমুকি কৰা এই গৰাকী অভিনেতাই প্ৰথমে বৰুৱাৰ সংসাৰ চলচ্চিত্ৰত নায়কৰ ৰূপত অভিনয় কৰে আৰু পাছলৈ অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় নায়কত পৰিণত হয়। বিজু ফুকনে অভিনয় কৰা আজলী নবৌ, বোৱাৰী আদি সৰ্বকালৰ সফল অসমীয়া চলচ্চিত্ৰ বুলি পৰিগণিত। ২০১৭ চনৰ ২২ নৱেম্বৰ তাৰিখে গুৱাহাটীৰ এপল’ হস্পিটেলত ৭০ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

অভিনয় আৰম্ভ

১৯৭০ চনত এখেতে প্ৰথমে ব্ৰজেন বৰুৱা পৰিচালিত ব্যৱসায়িকভাৱে সফল চলচ্চিত্ৰ ডাঃ বেজবৰুৱাত এটা গানৰ দৃশ্যত ভূমুকি মাৰে। একেটা বছৰতে নিপ বৰুৱাৰ পৰিচালিত চলচ্চিত্ৰ বৰুৱাৰ সংসাৰত নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰে। ইয়াৰ পাছতে তেওঁ কেবাখনো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি তাৰকা অভিনেতা ৰূপে চিহ্নিত হয়। ৭০ আৰু ৮০-ৰ দশকত তেখেতে প্ৰায় চল্লিছখন চলচ্চিত্ৰত নায়কৰ চলচ্চিত্ৰত অভিনয় কৰিছিল।

মূলতঃ ব্যৱসায়িক চলচ্চিত্ৰৰ জড়িত হ’লেও বিজু ফুকনে কেবাখনো সমান্তৰাল চলচ্চিত্ৰতো অভিনয় কৰিছে। ভবেন্দ্ৰ নাথ শইকীয়া, জাহ্নু বৰুৱাৰ চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও এখেতে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰটো অভিনয় কৰিছে। আৱাহন থিয়েটাৰ আৰু ভাগ্যদেৱী থিয়েটাৰত এখেতে অভিনয় কৰিছিল। দূৰদৰ্শনৰ বিভিন্ন ছিৰিয়েল, টেলি-নাটক আদিতো বিজু ফুকনে অভিনয় কৰিছে।

৮০-ৰ দশকতে বিজু ফুকনে চলচ্চিত্ৰ পৰিচালনাত হাত দিয়ে। তেখেতৰ দ্বাৰা পৰিচালিত ‘ভাই-ভাই’ ব্যৱসায়িক ভাৱে সফল চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছিল। তেখেতৰ দ্বাৰা পৰিচালিত শিশু চলচ্চিত্ৰ ‘অতিক্ৰম’ অদ্যাপি মুক্তি নাপালে।

বিজু ফুকনে গুৱাহাটী দূৰদৰ্শনৰ কেন্দ্ৰৰ বাবে ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা ৰচনা কৰা গল্পৰ আধাৰত দেউতা নামে এখন ধাৰাবাহিক পৰিচালনা কৰিছিল। এখেতে ‘ঘাটক’ নামে এখন ভিডিঅ’ চলচ্চিত্ৰ প্ৰযোজনা কৰে।

ৰাজনৈতিক জগততো খোজ দিছিল অভিনেতাজনে

বিজু ফুকনে ১৯৯৯ চনৰ লোকসভা নিৰ্বাচনত অসম গণ পৰিষদ দলৰ টিকটত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু এই নিৰ্বাচনত তেখেত পৰাজিত হৈছিল।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস