কি হৈছে ভ্ৰাম্যমাণত? এইবাৰ থিয়েটাৰৰ দৃশ্যত ব্যৱহাৰ কৰা ফটকা বিস্ফোৰণত আঘাতপ্ৰাপ্ত দৰ্শক!

ইতিহাস, ৰাজতিলৰ পাছত এইবাৰ আগশাৰীৰ নাট্যদল আহৱান থিয়েটাৰৰ প্ৰেক্ষাগৃহত ভয়ংকৰ ঘটনা। আহৱান থিয়েটাৰৰ নাটকত ব্যৱহাৰ কৰা ফটকাৰ বিস্ফোৰণৰ ফলত আঘাতপ্ৰাপ্ত হ'ল দৰ্শক। ‘মেডাম মেনকা’ নাটকৰ মাজতেই আতচবাজীৰ ফিৰিঙতি পৰি আঘাতপ্রাপ্ত হয় এগৰাকী মহিলা, এজন যুৱক।

কি হৈছে ভ্ৰাম্যমাণত? এইবাৰ থিয়েটাৰৰ দৃশ্যত ব্যৱহাৰ কৰা ফটকা বিস্ফোৰণত আঘাতপ্ৰাপ্ত দৰ্শক!

থিয়েটাৰৰ দৃশ্যত ব্যৱহাৰ কৰা ফটকা বিস্ফোৰণত আঘাতপ্ৰাপ্ত দৰ্শক!

Published: 

01 Sep 2024 09:56 AM

পুনৰ এবাৰ অসমত ভ্ৰাম্যমাণ জগতত বিতৰ্কৰ সৃষ্টি হৈছে। এখনৰ পাছত আন এখন মঞ্চত সংঘটিত হৈছে অঘটন। ইতিহাস, ৰাজতিলৰ পাছত এইবাৰ আগশাৰীৰ নাট্যদল আহৱান থিয়েটাৰৰ প্ৰেক্ষাগৃহত ভয়ংকৰ ঘটনা। আহৱান থিয়েটাৰৰ নাটকত ব্যৱহাৰ কৰা ফটকাৰ বিস্ফোৰণৰ ফলত আঘাতপ্ৰাপ্ত হ’ল দৰ্শক। ‘মেডাম মেনকা’ নাটকৰ মাজতেই আতচবাজীৰ ফিৰিঙতি পৰি আঘাতপ্রাপ্ত হয় এগৰাকী মহিলা, এজন যুৱক।

পাঠশালাত আৱাহন থিয়েটাৰৰ মঞ্চত সংঘটিত হয় এই অঘটন। পাঠশালাৰ ভগৱতীক্ষেত্ৰত ৬ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছে ২০২৪-২৫ নাট্যবৰ্ষৰ যাত্ৰা আৰম্ভ কৰিছে আহৱান থিয়েটাৰে। কিন্তু ৪৫ তম মঞ্চ যাত্ৰাৰ প্ৰথম পেণ্ডেলতে অঘটন আহৱান থিয়েটাৰৰ প্ৰেক্ষাগৃহত। পঞ্চম নিশাৰ দ্বিতীয় দৰ্শনীয় নাট মনস্থ কৰাৰ সময়তে সংঘটিত হয় ভয়ংকৰ অঘটনা। এটা দৃশ্যত ব্যৱহাৰ কৰা ফটকাত আঘাতপ্ৰাপ্ত হয় দৰ্শক। জোনালী কলিতা আৰু নিশান্ত দাস নামৰ দুজন লোক আঘাতপ্ৰাপ্ত হয়। দুয়োগৰাকীকে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আহৱান থিয়েটাৰত ‘মেডাম মেনকা’ নাটখন মঞ্চস্থ কৰাৰ সময়ত প্ৰস্তুতি পৰাশৰে বুলেট চলাই মঞ্চত প্ৰৱেশ কৰিছিল আৰু তেনে সময়তে দৰ্শকৰ মাজতে বিস্ফোৰণ ঘটাইছিল ফটকা। সেই ফটকাৰ বিস্ফোৰণত এগৰাকী মহিলা আৰু এজন যুৱক আঘাত প্ৰাপ্ত হয়। ততাতৈয়াকৈ আহত মহিলাগৰাকীক সতীশ শৰ্মা মেমৰিয়েল চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আহত মহিলাগৰাকীৰ নাম জোনালী কলিতা (৩৬) বুলি জানিব পৰা গৈছে। আঘাতপ্ৰাপ্ত যুৱকজনৰ নাম নিশান্ত দাস বুলি জানিব পৰা গৈছে।

ইয়াৰ কিছুদিন পূৰ্বেও ভ্ৰাম্যমাণৰ মঞ্চত সংঘটিত হৈছিল এনে অনাকাংশিত ঘটনা। ‘মহাৰাজ’ নাটকত দৰ্শকৰ মাজেৰে মটৰ চাইকেল চলাওতে বাগৰি পৰিছিল অভিনেতা যতীন বৰা। যাৰ বাবে কেইবাগৰাকীও দৰ্শক আঘাতপ্ৰাপ্ত হৈছিল। তথ্যনুসৰি গেলেৰীৰ পৰা মঞ্চলৈ দৰ্শকৰ মাজেৰে বাইক চলাই আহোঁতেই বাইকসহ দৰ্শকৰ ওপৰত বাগৰি পৰিছিল অভিনেতাজন। বাইক দুৰ্ঘটনাত কিছু পৰিমানে যতীন বৰা আহত হোৱাৰ উপৰিও শিশু-মহিলাসহ ৭ গৰাকী লোক আহত হয়। ইফালে যতীন বৰাৰ সৈতে আহত হয় থিয়েটাৰৰ আন এগৰাকী লোকো। আহত দুগৰাকী শিশুক চেঙা স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালয়লৈ প্ৰেৰণ কৰে।

তাৰ পাছত সেই দিনটোতে নলবাৰীত ৰাজতিলক থিয়েটাৰৰ মঞ্চত অঘটন৷ বিদ্যুৎস্পৃষ্ট হৈ মঞ্চৰ পৰা বাগৰি পৰিছিল অভিনেত্ৰী শ্যামন্তিকা শৰ্মা৷ ‘ৰাজপথৰ ৰাজকুমাৰী’ নাটকৰ প্ৰথম গীতটোতে ঘটিছিল এই অঘটন৷ নলবাৰীৰ ভদ্ৰাত চলি আছিল দৰ্শনী৷ ‘ৰাজপথৰ ৰাজকুমাৰী’ নাটকৰ প্ৰথম গীতটোতে ঘটিল অঘটন৷ ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে অভিনেত্ৰীগৰাকীক।

এই ঘটনাক লৈ সামাজিক মাধ্যমত বিভিন্নজনে থিয়েটাৰৰ লগতে নাট্যকাৰ আৰু অভিনেতা-অভিনেত্ৰীক সমালোচনা কৰা দেখা গৈছে। । পূৰ্বেও মঞ্চত বহু অভিনেতা-অভিনেত্ৰীৰ সৈতে বহু অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে।

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!