বিক্ৰান্ত মেছীয়ে অভিনয়ৰ জগতৰ পৰা সঁচাই বিদায় লৈছে নে এয়া প্ৰচাৰৰ অন্য এক কৌশল?
বলীউডৰ অভিনেতা বিক্ৰান্ত মেছীয়ে অভিনয়ৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি অনুৰাগীক আচৰিত কৰি তুলিছে। শেহতীয়া ছবি ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ লৈ শিৰোনাম দখল কৰিছে যদিও ছবিৰ পৰা অৱসৰ লোৱাৰ খবৰ পোৱাৰ পিছত সকলোৱে আচৰিত হৈছে।
‘দ্য সাবৰমতী ৰিপ’ৰ্ট, ‘12th Fail’, ‘ছেক্টৰ ৩৬’ৰ দৰে ডাঙৰ ডাঙৰ ছবি দৰ্শকক দৰ্শকক উপহাৰ দিছে অভিনেতা বিক্ৰান্ত মেছীয়ে। অভিনেতা বিক্ৰান্তে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত অভিনয় জগতক বিদায় জনোৱাৰ বিষয়ে পোষ্ট দিছিল। এই ঘোষণাই এতিয়া সকলোকে আচৰিত কৰি তুলিছে।
বিক্ৰান্ত মেছীয়ে অভিনয় এৰিছে আৰু ছবি নকৰে অভিনেতাজনে। এই খবৰটোৱে সকলোকে আচৰিত কৰি তুলিছে। চৌদিশে হুলস্থুলৰ সৃষ্টি হৈছে যে বিক্ৰান্তে এতিয়া ছবিৰ পৰা সচাঁকৈ অৱসৰ লৈছে নেকি? ৩৭ বছৰ বয়সৰ পৰা বহু অভিনেতাৰ কেৰিয়াৰ আৰম্ভ হয় আৰু বিক্ৰান্তে বিদায় লৈছে। কথাটো মানি ল’বলৈ কষ্ট পাইছে অনুৰাগীয়ে। কিয় এনেকুৱা কৰিছে? কি হ’ল যে তেওঁ অভিনয়ৰ পৰা বিদায় লৈছে? সঁচাকৈয়ে তেওঁ আৰু কেতিয়াও অভিনয় নকৰে নেকি? এইটো এটা প্ৰচাৰৰ ষ্টাণ্ট নে মানুহে তেওঁৰ কথা বুজি পাওতে ভুল কৰিছে।
বিক্ৰান্তে ২ ডিচেম্বৰত ইনষ্টাগ্ৰামত এটা পোষ্ট লিখিছিল। ইয়াৰ পিছত মানুহে ক’বলৈ ধৰিলে যে, তেওঁ অভিনয় এৰিছে। তেওঁ লিখিছে, যোৱা কেইবছৰমান অতি আনন্দময় ৰূপে পাৰ হৈছে। আপোনালোকৰ সকলো সহায়ৰ বাবে বহুত বহুত ধন্যবাদ। কিন্তু, আগবাঢ়ি যোৱাৰ লগে লগে মই উপলব্ধি কৰিছোঁ যে মই এজন স্বামী, পিতৃ, পুত্ৰ হিচাপে আৰু অভিনেতা হিচাপে এইটোৱেই হৈছে নিয়ন্ত্ৰণ পুনৰ লাভ কৰাৰ আৰু পিছলৈ যোৱাৰ সময়। ২০২৫ চনত শেষবাৰৰ বাবে লগ পাম, সঠিক সময় নহালৈকে। শেষৰ দুখন ছবি আৰু অগণন স্মৃতি, সকলোৰে বাবে ধন্যবাদ মই চিৰকৃতজ্ঞ হৈ থাকিম।
View this post on Instagram
বিক্ৰান্তে ৰাজনীতিত যোগদান কৰিব নেকি?
এতিয়া এই পোষ্টটোৰ পৰা মানুহে অনুমান কৰিলে যে বিক্ৰান্তই ছবি এৰিব। শেহতীয়াকৈ থলপথী বিজয়ে চলচ্চিত্ৰ জীৱনৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল। থলপতি৬৯ তেওঁৰ শেষ ছবি হ’ব। ইয়াৰ পিছত তেওঁ নিজকে সম্পূৰ্ণৰূপে ৰাজনীতিত সমৰ্পিত কৰিব। এতিয়া বিক্ৰান্ত মেছিয়েও চিনেমা এৰি ৰাজনীতিত যোগদান কৰিবলৈ ওলাইছে নেকি? তেওঁ তেনে কোনো ইংগিত দিয়া নাই। যদিও তেওঁৰ শেষৰখন ছবি ‘দ্য সাবৰমতী এক্সপ্ৰেছ’ নিশ্চিতভাৱে ৰাজনৈতিক ছবি আছিল। ইয়াৰ প্ৰচাৰৰ সময়তো তেওঁৰ মতাদৰ্শগত পৰিৱৰ্তন দেখা গৈছিল। এতিয়ালৈকে মানুহে তেওঁক বাওঁপন্থী বুলি গণ্য কৰিছিল। এই ছবিখনৰ প্ৰচাৰৰ সময়ত তেওঁ দিয়া বক্তব্যৰ পিছত মানুহে তেওঁক ৰাইট উইংগাৰ বুলি গণ্য কৰিবলৈ ধৰিলে।
আগতে তেওঁ বৰ্তমানৰ চৰকাৰক সমালোচনা কৰা দেখা গৈছিল, এতিয়া তেওঁক প্ৰশংসা কৰা দেখা গৈছে। ইয়াৰ পিছত তেওঁ বহুতো প্ৰতিক্ৰিয়াৰ সন্মুখীন হ’বলগীয়া হৈছিল। ছচিয়েল মিডিয়াত মানুহে তেওঁৰ বিৰুদ্ধে দীঘলীয়া পোষ্ট লিখিছিল। তেওঁৰ বহু অনুৰাগীও আঘাত পাইছিল। অনুৰাগীয়ে কৈছিল বিক্ৰান্ত এনেকৈ কেনেকৈ সলনি হ’ল। আমাৰ নিউজ ৰুমৰ বহুতেই কৈছে যে বিক্ৰান্ত এতিয়া ৰাজনীতিত যোগদান কৰিব। কিন্তু অচিৰেই কোনো সময়ত ৰাজনীতিত সোমাব যেন নালাগে। কিন্তু ভৱিষ্যতৰ কথা কোনেও নাজানে?
অভিনয় এৰি দিয়াটো প্ৰচাৰৰ ষ্টাণ্ট নেকি?
বিক্ৰান্ত মেছীয়ে অভিনয় এৰি দিয়াটো এটা প্ৰচাৰৰ ষ্টাণ্ট নেকি? কিয় মানুহে কয় যে যোৱা এ-দুমাহ ধৰি তেওঁ যিয়েই নকৰক কিয়, সকলো ষ্টাণ্ট। সম্ভৱ বিক্ৰান্তৰ ইনষ্টাগ্ৰাম পোষ্টটো মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ কৰা হৈছিল। তেওঁ বিচাৰে মানুহে তেওঁৰ বিষয়ে অধিক আলোচনা কৰক। তেওঁৰ পোষ্টটো যদি ভালদৰে পঢ়ে তেন্তে অভিনয়ৰ পৰা অৱসৰ লোৱাৰ কথা তেওঁৰ ক’তো উল্লেখ কৰা নাই। অৱসৰৰ কথাটো সকলোতে অপ্ৰয়োজনীয়ভাৱে কোৱা হৈছে। তেওঁ মাত্ৰ কৈছিল যে তেওঁক ২০২৫ চনত শেষবাৰৰ বাবে ছবিত দেখা যাব, যেতিয়ালৈকে সঠিক সময় নাহে। এতিয়া সঠিক সময় নোপোৱালৈকে এইটো এটা কথা মনত ৰখাৰ কথা। এতিয়া এই সঠিক সময় দুবছৰৰ পিছত আহিব পাৰে, এবছৰৰ পিছতো আহিব পাৰে। সেয়া বিক্ৰান্তৰ ওপৰত নিৰ্ভৰ কৰিব। মুঠতে তেওঁ এতিয়া মাত্ৰ বিৰতি লৈছে অৱসৰ লোৱা নাই।
এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে তেওঁ কিয় বিৰতি লৈছে? সম্ভৱ যে তেওঁ নিজৰ পৰিয়ালক কিছু সময় দিব বিচাৰিছে। নিজকে আকৌ বুজিব বিচাৰে। নিজৰ মাজতে অধিক সম্ভাৱনা অন্বেষণ কৰিব বিচাৰে। অতীতত পোৱা সমালোচনাৰ বাবে হয়তো তেওঁ আকৌ এবাৰ নিজকে মজবুট কৰিবলৈ চেষ্টা কৰিছে। দ্য সাবৰমতী ৰিপ’ৰ্টৰ প্ৰচাৰৰ সময়ত তেওঁ এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল যে ছবিখনক লৈ সৃষ্টি হোৱা বিতৰ্কৰ বাবেই তেওঁক বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে ভাবুকি দিয়া হৈছিল। এই সকলোবোৰ ভাবুকিত তেওঁৰ সন্তানক টাৰ্গেট কৰা হৈছে বুলি জনায়।
বিক্ৰান্তৰ পূৰ্বে এই তাৰকাসকলে লৈছিল বিৰতি
অৱশ্যে ইয়াৰ পূৰ্বেও বহু অভিনেতাই বিৰতি লৈছে। যেনে ‘লাল সিং চদ্ধা’ ফ্লপ হোৱাৰ পিছত আমিৰ খানে নিজেই বিৰতি লৈছিল। এটা সময়ত তেওঁ অভিনয় চিৰদিনৰ বাবে এৰিব বিচাৰিছিল। কিন্তু পৰিয়ালৰ লোকে বুজোৱাৰ পিছত তেওঁ নিজৰ সিদ্ধান্ত সলনি কৰিলে। শ্বাহৰুখেও ছবিৰ পৰা দীঘলীয়া বিৰতি লৈছিল। তাৰ পিছত ২০২৩ চনত পুনৰ উভতি আহিছিল। অমিতাভ বচ্চনেও কেইবছৰমানৰ বাবে বিৰতি লৈছিল। অৱশ্যে পিছত তেওঁ নিজৰ সিদ্ধান্তৰ বাবে অনুশোচনা কৰে।
কিন্তু বিক্ৰান্তৰ দুখন ছবিৰ পিছত অভিনয়ৰ পৰা বিৰতি ল’ব বিচৰা সিন্ধান্তই আচৰিত কৰিছে। ২০২৫ চনত তেওঁৰ দুখন ডাঙৰ ছবি আহিব। ইয়াৰ ভিতৰত ‘জিগৰী’ আৰু ‘আখো আখো কী গুষ্টাখিয়া’ অন্তৰ্ভুক্ত। ‘ডন ৩’ত তেওঁ খলনায়ক হোৱাৰ খবৰ আহিছিল, যিটো হয়তো এতিয়া নহ’বও পাৰে।