২০২৪ চনৰ আটাইতকৈ ভয়লগা ছবি কোনখন? যিয়ে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল…
Highest Grossing Horror Movies: ২০২৪ চনত বলীউডৰ ভয়ালগা ছবিবোৰে দৰ্শকৰ মন জয় কৰিছিল। কেৱল এখন বা দুখন নহয়, পাঁচখন হিন্দী ভয়ানক ছবিয়ে এইবাৰ যথেষ্ঠ উপাৰ্জন কৰিলে। পাঁচখন ছবিৰ তালিকাত আটাইতকৈ ডাঙৰ নাম হৈছে শ্ৰদ্ধা কাপুৰৰ ছবি ‘স্ত্ৰী ২’।
যোৱা কেইবছৰমানৰ পৰা ৰাইজৰ মাজত দক্ষিণ চিনেমাৰ প্ৰতি থকা আগ্ৰহ বহু বাঢ়িছে। এই ক্ৰমবৰ্ধমান উন্মাদনাৰ লগে লগে এইটোও কোৱা হৈছিল যে, দক্ষিণৰ ছবিয়ে এতিয়া বলীউডক ডুবাই পালাব। ২০২৪ চনত ‘কল্কী ২৮৯৮ এডি’, ‘পুষ্পা ২’কে ধৰি বহু দক্ষিণৰ ছবিয়ে যথেষ্ঠ উপাৰ্জন কৰিছে। একে সময়তে বলীউডতো এনে কিছুমান ভয়লগা ছবি আহিছিল, যিয়ে ভাল প্ৰদৰ্শন কৰি বলীউডৰ ডুব যোৱা জাহাজখনক ৰক্ষা কৰিছিল।
এইবাৰ বলীউডৰ এখন দুখন নহয় পাঁচখন ভয়ানক ছবিয়ে দৰ্শকৰ ভাল সঁহাৰি লাভ কৰিছে। বিশেষ কথাটো হ’ল পাঁচখন ছবিৰ ভিতৰত এখন ছবি ২০১৮ চনৰ। অৱশ্যে এইবাৰ পুনৰ মুক্তি পোৱাৰ লগে লগে ছবিখনে নিজৰ যোগ্যতা প্ৰমাণ কৰিলে। জানক সেই পাঁচখন ছবিৰ তালিকা…
স্ত্ৰী ২
তালিকাৰ প্ৰথম নামটো হৈছে শ্ৰদ্ধা কাপুৰৰ ‘স্ত্ৰী ২’ৰ। এইখন কেৱল সৰ্ববৃহৎ ভয়ানক ছবি নহয়, ২০২৪ চনৰ তৃতীয় সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় ছবিও। এই ছবিখনে বিশ্বজুৰি উপাৰ্জন কৰিছিল ৮৫৭ কোটি টকা।
ভূল ভুলীয়া ৩
দ্বিতীয় নামটো ‘ভূল ভুলীয়া ৩’ৰ। এই হৰৰ-কমেডী ছবিখনো মানুহে বহুত ভাল পাইছিল। কাৰ্তিক আৰিয়ানে পুনৰবাৰ এই ছবিখনৰ জৰিয়তে দৰ্শকৰ ওপৰত নিজৰ যাদু নিক্ষেপ কৰিলে। এই ছবিখনে বিশ্বজুৰি উপাৰ্জন কৰিছে ৩৮৯.২৮ কোটি টকা।
চৈতান
অজয় দেৱগনৰ ছবি ‘চৈতান’ৰ নামো এই তালিকাত আছে। এই ক্ষেত্ৰত তেওঁৰ সৈতে দক্ষিণৰ অভিনেত্ৰী জ্যোতিকাক দেখা গৈছিল। আনহাতে এই ছবিখনত আৰ মাধৱনে খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। নেগেটিভ চৰিত্ৰত তেওঁক ভাল পোৱাৰ লগতে ছবিখনে বক্স অফিচত ছুপাৰহিট হিচাপে প্ৰমাণিত হয়। এই ছবিখনে বিশ্বজুৰি ২১৩.৫৫ কোটি টকা উপাৰ্জন কৰে।
মুঞ্জ্যা
আন এখন চৰ্চা লাভ কৰা ছবি হৈছে ‘মুঞ্জা’, য’ত শ্বাৰৱৰী ৱাগ আৰু অভয় ভাৰ্মাক মুখ্য চৰিত্ৰত দেখা গৈছিল। এইখন এখন সৰু বাজেটৰ ছবি, যিয়ে বিশ্বজুৰি ১২৫ কোটি টকা উপাৰ্জন কৰে।
টুম্বাড
শেষ নামটো সোহাম শ্বাহৰ ছবি ‘টুম্বাড’ৰ। এই ছবিখন ২০১৮ চনত মুক্তি পাইছিল যদিও সেই সময়ত এই ছবিখনৰ যাদু কাম কৰিব পৰা নাছিল। ২০২৪ চনত পুনৰ মুক্তিৰ সিদ্ধান্ত লোৱাত নিৰ্মাতাই ৰাইজৰ ভাল সঁহাৰি লাভ কৰে। এই ছবিখনে ৩৬ কোটি টকাৰো অধিক উপাৰ্জন কৰে। ইয়াৰ লগে লগে পুনৰ মুক্তিৰ ক্ষেত্ৰত ইমান উপাৰ্জন কৰা আটাইতকৈ ডাঙৰ ছবি হৈ পৰিল।