হিন্দু নহয়! কেৱল মাত্ৰ সুৰাৰ বাবে ধৰ্ম পৰিবৰ্তন কৰিছিল গোবিন্দাৰ পত্নী সুনীতাই, গ্ৰহণ কৰিছিল…
বলীউড ছুপাৰষ্টাৰ গোবিন্দাৰ পত্নী সুনীতা প্ৰায়ে চৰ্চাত থাকে। পিছে সুনীতাই কি ধৰ্ম পালন কৰে জানেনে? সুনীতাই কয় যে, তেওঁ কেৱল মদ খাবলৈ হিন্দু ধৰ্ম ত্যাগ কৰি অন্য ধৰ্ম গ্ৰহণ কৰিছিল।

সুনীতা আহুজা
বলীউডৰ ছুপাৰষ্টাৰ গোবিন্দাৰ পত্নী সুনীতা আহুজা বিভিন্ন কাৰণত প্ৰায়ে চৰ্চাত থাকে। যোৱা কেইমাহমানৰ পৰা দুয়োৰে বিবাহ বিচ্ছেদ সন্দৰ্ভত বিভিন্ন খবৰ প্ৰকাশ পাইছিল। যাৰ বাবে দুয়োৱে বেছিভাগ সময়ত বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। এই সন্দৰ্ভত গোবিন্দাই এতিয়ালৈকে কোনো মত প্ৰকাশ কৰা নাই যদিও পত্নীয়ে উৰা বাতৰিক বিশ্বাস নকৰিবলৈ ৰাইজক আহ্বান জনাইছিল।
গোবিন্দাৰ পত্নী তেওঁৰ কিছুমান স্বভাৱ বা আচৰণৰ বাবেও পৰিচিত। সুনীতাই শিৰোনাত থাকিবলৈ কোনো সুযোগ হেৰুৱাব নিবিচাৰে। কিন্তু কিমান লোকে সুনীতাৰ ধৰ্মৰ বিষয়ে জানে? গোবিন্গা হিন্দু, গতিকে অনুৰাগীসকলে ভাৱে যে তেওঁৰ পত্নীও হিন্দু। কিন্তু এই কথা সঁচা নহয়। তেনে ক্ষেত্ৰত প্ৰশ্ন হয়, গোবিন্দাৰ পত্নীয়ে কি ধৰ্ম পালন কৰে?
গোবিন্দাৰ পত্নী আধা পঞ্জাৱী আধা নেপালী। ২০২৪ চনত তেওঁ ‘টাইমআউট উইথ অংকিত’ প’ডকাষ্টত বহু বিষয়ত মন্তব্য প্ৰদান কৰিছিল। প’ডকাষ্টটোত সুনীতাই তেওঁৰ শৈশৱকালৰ পৰা আৰম্ভ কৰি ধৰ্ম পৰিবৰ্তনৰ কথাও কৈছিল। তেওঁ কৈছিল- পিতৃ-মাতৃয়ে গ’ম নোপোৱাকে সৰুতে সুনীতাই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁ খ্ৰীষ্টান স্কুলত অধ্যয়ন কৰিছিল। অৱশ্যে এয়াই নহয়, সুনীতাই ধৰ্ম পৰিবৰ্তনৰ কাৰণো উল্লেখ কৰে।
সুৰাৰ বাবে সলনি কৰিছিল ধৰ্ম
সুনীতাই প’ডকাষ্টত কৈছিল যে, “মই বান্দ্ৰাত জন্ম গ্ৰহণ কৰিছিল। মই খ্ৰীষ্টান স্কুলত অধ্যয়ন কৰিছিলো আৰু মোৰ সকলো বন্ধু খ্ৰীষ্টান আছিল। সৰুতে মই শুনিছিলো যে যীচুৰ তেজত ৱাইন আছে আৰু মই মনতে ভাবিছিলো, ‘ৱাইন মানে মদ’। মই সৰুৰে পৰা অতি চতুৰ আছিলো। মদ খোৱা কোনো দোষৰ কথা নহয়। মই মাত্ৰ কেৱল মদ খাবলৈ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিলো।” অৱশ্যে সুনীতাই কয় যে তেওঁ হিন্দু ধৰ্মতো বিশ্বাস কৰে।
উল্লেখ্য যে, গোবিন্দা আৰু সুনীতাৰ প্ৰেম বিবাহ হৈছিল। গোবিন্দাৰ সম্পৰ্কীয় লোকৰ যোগেদি সুনীতাক লগ পাইছিল। প্ৰথম অৱস্থাত বন্ধুত্ব আৰু পাছত দুয়োৰ প্ৰেম হৈছিল। কেইবাবছৰ প্ৰেমৰ সম্পৰ্কত থকাৰ পাছত দুয়ো ১৯৮৭ চনত বিবাহ পাশত আৱদ্ধ হৈছিল। কিন্তু বিয়াৰ ৩৮ পাছত একাংশই দাবী কৰিছিল যে দুয়োৰ বিবাহ বিচ্ছেদ হ’ব। অৱশ্যে এই কথা নাকচ কৰিছিল সুনীতাই।