Rongali Bihu: বিহুৰ মঞ্চ কঁপাবলৈ সাজু জুবিনৰ পৰা মৰ্মিতালৈ… এইবাৰ বিহু মঞ্চত কোন কণ্ঠশিল্পীয়ে ল’ব কিমান মাননি?

ৰঙালীৰ মঞ্চৰ বাবে সাজু হৈছে ৰাজ্যৰ সংগীত শিল্পীসকল ৷ আপুনি জানেনে এইবাৰ মঞ্চত সংগীত পৰিবেশনৰ বাবে কোনগৰাকী শিল্পীয়ে কিমান মাননি লৈছে ? প্ৰতিবছৰৰ দৰে এইক্ষেত্ৰত এইবাৰো শীৰ্ষত আছে জুবিন গাৰ্গ আৰু পাপন ৷

Rongali Bihu: বিহুৰ মঞ্চ কঁপাবলৈ সাজু জুবিনৰ পৰা মৰ্মিতালৈ... এইবাৰ বিহু মঞ্চত কোন কণ্ঠশিল্পীয়ে লব কিমান মাননি?

বিহু মঞ্চত গান গালে কোন কণ্ঠশিল্পীয়ে কিমান ল'ব মাননি?

Published: 

19 Mar 2025 16:21 PM

সমাগত হেঁপাহৰ ৰঙালী বিহু। চ’তে আনিছে ব’হাগৰ বতৰা। ঢোল আৰু পেঁপাৰ মাতত এতিয়া এক উখল মাখল সমগ্র ৰাজ্যৰ পৰিৱেশ। এতিয়া ৰাজ্যজুৰি ৰঙালী বিহুক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি। প্ৰান্তে প্ৰান্তে চলিছে বিহুনাচ আৰু ঢোল বাদনৰ কৰ্মশালা।

ইফালে ৰঙালীৰ মঞ্চৰ বাবে সাজু হৈছে ৰাজ্যৰ সংগীত শিল্পীসকল ৷ আপুনি জানেনে এইবাৰ মঞ্চত সংগীত পৰিবেশনৰ বাবে কোনগৰাকী শিল্পীয়ে কিমান মাননি লৈছে ? প্ৰতিবছৰৰ দৰে এইক্ষেত্ৰত এইবাৰো শীৰ্ষত আছে জুবিন গাৰ্গ আৰু পাপন ৷ ৰাইজক মনোৰঞ্জন দিবলৈ ৰাজ্যৰ শিল্পীসকলৰ ঠায়ে ঠায়ে চলিছে সংগীতৰ আখৰা ।

কোন কণ্ঠশিল্পীৰ কিমান মাননি

জুবিন গাৰ্গৰ মাননি এইবাৰ প্ৰতিখন বিহুমঞ্চত ৭ পৰা ১৫ লাখ টকা বুলি জানিব পৰা গৈছে । একেদৰে জুবিনৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ মাননিৰ পৰিমাণো ১০ৰ পৰা ১৫ লাখ টকা ৷ আন কণ্ঠশিল্পীসকলৰ ভিতৰত ফাগুন ভালপোৱা আচুৰ্য বৰপাত্ৰ গোহাঁইয়ে মাননিৰ পৰিমাণ নিৰ্ধাৰণ কৰিছে ২.৫ লাখ ৫ লাখ টকা । নীল আকাশৰ মাননিৰ পৰিমাণ হৈছে ৩-৫ লাখ টকা । একেদৰে ডিস্ক’ ভণ্টীখ্যাত কুসুম কৈলাশৰ মাননিৰ পৰিমাণ হৈছে ১.৫ৰ পৰা ২.৫ লাখ টকা । দীক্ষুই মাননিৰ পৰিমাণ নিৰ্ধাৰণ কৰিছে ২-৩ লাখ টকা । গুৱাহাটীৰ লগতে মধ্য অসমত ভৃগু কাশ্যপৰ মাননিৰ পৰিমাণ হৈছে ১.৫ লাখ টকাৰ পৰা ৩ লাখ টকা ।

অলকানন্দা গানেৰে জনপ্ৰিয়তা অৰ্জন কৰা শংকুৰাজ কোঁৱৰৰ মাননি হৈছে ১.৫ লাখৰ পৰা ২.৫ লাখ টকা। কণ্ঠশিল্পী পদ্মনাভ বৰদলৈ ৰঙালীৰ মঞ্চত ল’ব ১.৫ লাখৰ পৰা ৩ লাখ টকা। যুৱপ্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰৱীণ বৰাৰ এইবাৰ মাননি হ’ব ১ ৰ পৰা ২ লাখ টকা। গুৱাহাটীৰ ভিতৰত বা গুৱাহাটীৰ বাহিৰত অসমৰ যিকোনো জিলাত শিল্পীসকলৰ মাননি সালসলনি হ’ব পাৰে ।

ইপিনে দীপলিনা ডেকাই মঞ্চত এইবাৰ মাননিৰ পৰিমাণ নিৰ্ধাৰণ কৰিছে ২ ৰ পৰা ৩ লাখ টকা । একেদৰেই প্ৰিয়ংকা ভৰালীৰ মাননি হৈছে ১.৫ ৰ পৰা ৩ লাখ টকা আৰু দীপান্বিতাৰ মাননী ৩ লাখ টকাৰ পৰা ১.৫ ৰ পৰা ৩ লাখ টকা । বাৰিতে মাৰিম পাক গীতটিৰ পৰা জনপ্ৰিয়তা লাভ কৰা ৰিচা ভৰদ্বাজে এইবছৰ মাননি ধাৰ্য কৰিছে ১ লাখৰ পৰা ২.৫ লাখ টকা । জুবলিৰ এইবছৰৰ মাননি হৈছে ২ লাখৰ পৰা ৩ লাখ টকালৈ। জনপ্ৰিয় বিহুৰে দৰ্শকৰ মন জয় কৰা কণ্ঠশিল্পী নিলাক্ষী নেওগৰ মাননি ১ ৰ পৰা ২ লাখ টকা। বৰ্তমানৰ জনপ্ৰিয় কণ্ঠশিল্পী অভিশ্ৰুতি বেজবৰুৱা, পাপৰি গগৈ আৰু নীলাভ নীতাৰ মাননিৰ পৰিমান ১ লাখৰ পৰা ১.৫ লাখ টকা।

আনহাতে প্ৰথমবাৰৰ বাবে বিহু মঞ্চত অভিষেক ঘটাবলৈ সাজু হৈছে বংগকন্যা মৰ্মিতা মিত্ৰ। জুবিন গাৰ্গৰ গীতেৰে অসমত জনপ্ৰিয়তা অৰ্জন কৰা মৰ্মিতাই এইবাৰ ৰঙালীৰ মঞ্চত মাননি ল’ব ১ ৰ পৰা ২ লাখ টকা।

অৱশ্যে বিহু মঞ্চত সংগীত পৰিৱেশন বাবে প্ৰকাশিত শিল্পীৰ মাননিৰ তালিকা সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই শিল্পীসকলে।

 

গৰমৰ দিনত দৈনিক কেঁচা পিয়াঁজ খালে কি হয় জানেনে?
কোনখন ধৰ্মগ্ৰন্থ আৰু কোনজন ভগৱানৰ মূৰ্তি লৈ সুনীতা মহাকাশত গৈছিল
৬৫০ গৰাকী যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা এইজন খেলুৱৈৰ সৈতে যুৱৰাজৰ কাজিয়া...
অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা