শ্বাহৰুখ-ছলমান নহয়! তেন্তে কোন হ’ব কৰণ-অৰ্জুন ২ ৰ মুখ্য অভিনেতা? ক’লে ছবি পৰিচালকে…

বলীউডৰ দুই জনপ্ৰিয় অভিনেতা ছলমান খান আৰু শ্বাহৰুখ খান। দুই অভিনেতাৰ অভিনীত ছবি কৰণ-অৰ্জুনে এটা সময়ত দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। পিছে কৰণ-অৰ্জুন-২ ত কাক দেখিবলৈ পোৱা যাব?

শ্বাহৰুখ-ছলমান নহয়! তেন্তে কোন হব কৰণ-অৰ্জুন ২ ৰ মুখ্য অভিনেতা? কলে ছবি পৰিচালকে...

কৰণ-অৰ্জুন ২

Published: 

06 Apr 2025 11:53 AM

বলীউডৰ চুপাৰষ্টাৰ ছলমান খান আৰু শ্বাহৰুখ খানে দৰ্শকক কেইবাখনো জনপ্ৰিয় ছবি উপহাৰ দিছে। ইয়াৰ ভিতৰত কৰণ অৰ্জুন অন্যতম। ১৯৯৫ চনত মুক্তি লাভ কৰা এই ছবিখনে বছৰ বছৰ ধৰি দৰ্শকৰ মনত স্থান দখল কৰি আহিছে। ২০২৪ চনত এই ছবিখনত পুনৰ এবাৰ মুক্তি দিয়া হৈছিল। কৰণ-অৰ্জুনৰ জনপ্ৰিয়তা দেখি একাংশৰ মনত সাধাৰণতে প্ৰশ্ন আহে যে- ৰাকেশ ৰোশনে নিৰ্মাণ কৰিব নেকি কৰণ অৰ্জুন-২ (Karan arjun 2)? যদি এই ছবি আহে তেন্তে অভিনেতা কোন হ’ব?

ৰাকেশ ৰোশনে সিদ্ধাৰ্থ কান্নানৰ প’ডকাষ্টত এই কথা উল্লেখ কৰিছিল। প’ডকাষ্টটোত তেওঁক সোধা হৈছিল যে,  যদি আপুনি  ‘কৰণ-অৰ্জুন ২’ নিৰ্মাণ কৰে তেন্তে আজিৰ সময়ত কোনজন অভিনেতাই শ্বাহৰুখ আৰু ছলমানৰ ঠাই ল’ব পাৰিব?

কৰণ-অৰ্জুন-২ ৰ মুখ্য অভিনেতা

কৰণ-অৰ্জুন পুনৰবাৰ মুক্তি লাভ কৰাৰ পাছত ৰাকেশ ৰোশনে এই কথা কৈছিল। প’ডকাষ্টটোত তেওঁ আগন্তুক পৰিকল্পনা আৰু পূৰ্বৰ ছবিসমূহৰ ওপৰত নিজৰ চিন্তা-ধাৰা মুকলিকৈ প্ৰকাশ কৰিছিল। সেই সময়তে কৰণ-অৰ্জুন ২ৰ ওপৰত আলোচনা হৈছিল আৰু তেতিয়া ৰাকেশ ৰোশনে কৈছিল যে, যদি মোক কোনোবাই সোধে যে কৰণ-অৰ্জুন ২ ত শ্বাহৰুখ খান আৰু ছলমান খানৰ ঠাই কোনে ল’ব পাৰে তেন্তে মই দুটা নাম ল’ব বিচাৰিম।

ছবি পৰিচালকগৰাকীয়ে কয় যে, মই কৰণ-অৰ্জুন ২ ত ৰণবীৰ কাপুৰ আৰু হৃতিকক চাব বিচাৰো। কাৰণ শ্বাহৰুখ-ছলমানৰ পিছত যদি কোনোবাই এই দুয়োটা ভূমিকা পালন কৰিব পাৰে তেন্তে সেয়া এই দুজন। ইয়াৰ পাছত তেওঁক সোধা হৈছিল যে, আপুনি কৰণ-অৰ্জুন ২ নিৰ্মাণ কৰিব নেকি? তেতিয়া তেওঁ উত্তৰ দিছিল যে, যদি ভাল চিত্ৰনাট্য পোৱা যায় আৰু সকলো মিলে তেন্তে এয়া নিৰ্মাণৰ কথা ভাবিব পাৰি।

কৰণ অৰ্জুন বক্স অফিচত আয়

১৯৯৫ চনৰ ১৩ জানুৱাৰীত মুক্তি লাভ কৰা কৰণ অৰ্জুন ছবিখনৰ পৰিচালনা আৰু প্ৰযোজক আছিল ৰাকেশ ৰোশন। ছবিখনত শ্বাহৰুখ খানে অৰ্জুন আৰু ছলমান খানে কৰণৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ বিপৰীতে এই ছবিখনত কাজল, মমতা কুলকাৰ্ণী, ৰাখী গুলজাৰ,জনী লিভাৰ, অমৃশ পুৰী, ৰঞ্জীত, অশোৰ সৰফ আৰু আছিফ শ্বেখৰ দৰে অভিনেতাক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছিল।

Sacknilk ৰ মতে কৰণ অৰ্জুন ছবিখনৰ বাজেট ৬ কোটি টকা হোৱাৰ বিপৰীতে ছবিখনে বিশ্বব্যাপী বক্স অফিচত ৪৩.১০ কোটি টকা সংগ্ৰহ কৰিছিল। ছবিখনে ভাৰতত ৪১.৫০ কোটি টকা আয় কৰিছিল। ছবিখনৰ গীতবোৰেও অধিক জনপ্ৰিয়তা লাভ কৰিছিল। আজিৰ সময়তো এই ছবিখন আৰু গীতবোৰৰ জনপ্ৰিয়তা আছে।

কণ্ডম ব্যৱহাৰৰ ফলত হ'ব পাৰে ডাঙৰ ক্ষতি! জানক সকলো
সপোনত ভগৱান হনুমানক দেখাটো কিহৰ সংকেত?
কেতিয়াৰ পৰা আৰম্ভ হ'ব বাবা অমৰনাথ যাত্ৰা ২০২৫?
এই ৫টা ফৰ্মূলাই ৰাহি কৰিব আপোনাৰ ধন! আজিয়ে গ্ৰহণ কৰক