চুৰি নে অন্য কিবা…কিয় ঘৰৰ কাম কৰা মানুহৰ সৈতে কাজিয়া কৰিছিল আক্ৰমণ কৰা লোকজনে?

ছেইফ আলী খানৰ আক্ৰমণৰ তদন্ত আৰম্ভ কৰিছে মুম্বাই আৰক্ষীয়ে। ক্ৰাইম ব্ৰাঞ্চৰ দলটোৱে ছৈইফৰ ঘৰত কৰ্মৰত ৩ জন কৰ্মচাৰীক আটক কৰিছে। নিৰাপত্তাৰক্ষীৰ জেৰা অব্যাহত আছে। ইতিমধ্যে বহু কৰ্মচাৰীৰ মোবাইল ফোন জব্দ কৰা হৈছে।

চুৰি নে অন্য কিবা…কিয় ঘৰৰ কাম কৰা মানুহৰ সৈতে কাজিয়া কৰিছিল আক্ৰমণ কৰা লোকজনে?

কিয় ঘৰৰ কাম কৰা মানুহৰ সৈতে কাজিয়া কৰিছিল আক্ৰমণ কৰা লোকজনে?

Published: 

16 Jan 2025 13:06 PM

বৃহস্পতিবাৰে পুৱা প্ৰায় ৩ বজাত বলীউডৰ অভিনেতা ছৈইফ আলী খানক আক্ৰমণৰ কৰে অচিনাক্ত লোকে। অভিনেতাজনক ছয়বাৰকৈ ছুৰীৰে আঘাত কৰিছে, ইয়াৰে দুটা স্থানত বেছিকৈ গৈছে। বৰ্তমান লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে অভিনেতাজনক। ইফালে আৰক্ষীয়ে এই সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। ক্ৰাইম ব্ৰাঞ্চৰ দলটোৱে ছেইফৰ ঘৰত কৰ্মৰত ৩ জন কৰ্মচাৰীক আটক কৰিছে আৰু নিৰাপত্তাৰক্ষীৰো জেৰা অব্যাহত ৰাখিছে। ইতিমধ্যে বহু কৰ্মচাৰীৰ মোবাইল ফোন জব্দ কৰা হৈছে।

মুম্বাই আৰক্ষীয়ে জনোৱা মতে, এজন অচিনাক্ত লোকে অভিনেতা ছেইফ আলী খানৰ বাসগৃহত প্ৰৱেশ কৰি কাম কৰা মানুহৰ সৈতে কাজিয়া কৰিছিল। যেতিয়া অভিনেতাজনে হস্তক্ষেপ কৰি মানুহজনক শান্ত কৰিবলৈ চেষ্টা কৰে যদিও ছেইফ আলী খানক ছুৰিৰে আক্ৰমণ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

কাম কৰা মানুহগৰাকীৰ লগত কিয় হৈছিল তৰ্ক?

এই ঘটনাৰ পিছতে প্ৰশ্ন উত্থাপন হৈছে যে ব্যক্তিজন কি উদ্দেশ্যেৰে ছেইফৰ ঘৰত প্ৰৱেশ কৰিছিল। কাম কৰা মানুহগৰাকীৰ লগত কিয় তৰ্ক কৰিছিল? প্ৰাৰম্ভিক তথ্য অনুসৰি, তেওঁক চোৰ বুলি অভিহিত কৰা হৈছে। একে সময়তে মুম্বাই আৰক্ষীৰ বিবৃতিত চোৰ বা চুৰিৰ কোনো কথা উল্লেখ কৰা নাই। আৰক্ষীয়ে জনাইছে যে, অচিনাক্ত ব্যক্তিজনৰ কাম কৰা মানুহগৰাকীৰ সৈতে কাজিয়া হৈছিল। এই ঘটনাৰ পিছতে পলাতক হৈ আছে ব্যক্তিজন। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ চিচিটিভিৰ সহায় লৈছে।

ঘটনা সন্দৰ্ভত ছেইফ আলী খানৰ ব্যক্তিগত দলটোৱে কয় যে, অভিনেতাজনৰ বাসগৃহত চুৰিৰ চেষ্টা চলোৱা হৈছিল। সম্প্ৰতি চিকিৎসালয়ত অস্ত্ৰোপচাৰ চলি আছে।

আক্ৰমণকাৰী কোন, ক’ৰ পৰা আহিছিল আৰু কি উদ্দেশ্য আছিল সেই সন্দৰ্ভত আৰক্ষীয়ে এতিয়াও তথ্য লাভ কৰা নাই। তেওঁ চোৰ আছিল নে আন কোনোবা সেয়াও প্ৰমান হোৱা নাই। কোনোবাই ছেইফক টাৰ্গেট কৰিছিল নেকি? এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি ক্ৰাইম ব্ৰাঞ্চৰ দলটো ব্যস্ত হৈ পৰিছে।

ছেইফ আলী খানৰ মুম্বাইৰ ঘৰৰ দাম কিমান? য'ত কৰা হৈছিল আক্ৰমণ
বেগত হালধি টুকুৰা ৰাখিলে কি হয় জানেনে?
মহাকুম্ভ মেলাৰ আঁৰৰ আধ্যাত্মিক তাৎপৰ্যৰ বিষয়ে জানেনে?
ঠাণ্ডাত শৰীৰ গৰম কৰি ৰাখিবলৈ নাগা সন্ন্যাসীসকলে কি খায়?