World Television Day: আজিৰ দিনটোত কিয় উদযাপন কৰা বিশ্ব দূৰদৰ্শন দিৱস? ইয়াৰ ইতিহাস, গুৰুত্ব, বিষয়বস্তু, তাৎপৰ্য সকলো জানক…

World Television Day: বৰ্তমান ইণ্টাৰনেট আৰু ম'বাইল বিপ্লৱৰ যুগতো,  সেয়া ক্ৰিকেট হওঁক বা নিৰ্বাচনী কভাৰেজ হওক, আমাৰ বেছিভাগে ইয়াক মোবাইলৰ সলনি টিভিত চাবলৈ পছন্দ কৰে। বিশ্ব দূৰদৰ্শন দিৱস প্ৰতি বছৰে ২১ নৱেম্বৰত পালন কৰা হয় যাৰ উদ্দেশ্য হৈছে বিশ্বজুৰি দূৰদৰ্শনৰ গুৰুত্ব প্ৰদৰ্শন কৰা।

World Television Day: আজিৰ দিনটোত কিয় উদযাপন কৰা বিশ্ব দূৰদৰ্শন দিৱস? ইয়াৰ ইতিহাস, গুৰুত্ব, বিষয়বস্তু, তাৎপৰ্য সকলো জানক...

আজি বিশ্ব দূৰদৰ্শন দিৱস

Updated On: 

21 Nov 2024 10:54 AM

World Television Day 2024: আজি ২১ নৱেম্বৰ ২০২৪ তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব দূৰদৰ্শন দিৱস উদযাপন কৰা হৈছে। দূৰদৰ্শন হৈছে গণ যোগাযোগৰ এক মাধ্যম যাৰ জৰিয়তে আপুনি শিক্ষা, বাতৰি আৰু মনোৰঞ্জন কাৰ্যকলাপৰ সৈতে সম্পৰ্কিত হৈ থাকে। দূৰদৰ্শন হৈছে আপুনি বিভিন্ন তথ্য লাভ কৰাৰ এক উপযুক্ত মাধ্যম। টিভি কেৱল আমাৰ বাবে মনোৰঞ্জনৰ এক মাধ্যম নহয়, ই দেশ আৰু বিশ্বত ঘটি থকা ঘটনাবোৰো দেখুৱায়। দূৰদৰ্শন ১৯২৭ চনত জন লগী বেয়াৰ্ডে উদ্ভাৱন কৰিছিল।

যোগাযোগৰ এক মুখ্য মাধ্যম হিচাপে দূৰদৰ্শনৰ ভূমিকা আৰু বিশ্বব্যাপী সজাগতা, সিদ্ধান্ত লোৱা আৰু শিক্ষাৰ ওপৰত ইয়াৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰিবলৈ প্ৰতি বছৰে ২১ নৱেম্বৰত বিশ্ব দূৰদৰ্শন দিৱস পালন কৰা হয়। ই দূৰদৰ্শনৰ সংঘাত, শান্তি আৰু সামাজিক বিকাশৰ দৰে গুৰুত্বপূৰ্ণ বিষয়বোৰ সমাধান কৰাৰ সামৰ্থ্যৰ স্মাৰক।

বৰ্তমান ইণ্টাৰনেট আৰু ম’বাইল বিপ্লৱৰ যুগতো,  সেয়া ক্ৰিকেট হওঁক বা নিৰ্বাচনী কভাৰেজ হওক, আমাৰ বেছিভাগে ইয়াক মোবাইলৰ সলনি টিভিত চাবলৈ পছন্দ কৰে। বিশ্ব দূৰদৰ্শন দিৱস প্ৰতি বছৰে ২১ নৱেম্বৰত পালন কৰা হয় যাৰ উদ্দেশ্য হৈছে বিশ্বজুৰি দূৰদৰ্শনৰ গুৰুত্ব প্ৰদৰ্শন কৰা।

যোগাযোগ আৰু বিশ্বায়নত দূৰদৰ্শনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ গুৰুত্ব বহন কৰিবলৈ প্ৰতি বছৰে সমগ্ৰ বিশ্বতে ইয়াক উদযাপন কৰা হয়। কিয়নো, দূৰদৰ্শন হৈছে গণ যোগাযোগৰ এক মাধ্যম, যি মনোৰঞ্জন, শিক্ষা, বাতৰি আৰু ৰাজনীতি সম্পৰ্কীয় সকলো কাৰ্যকলাপৰ বিষয়ে তথ্য প্ৰদান কৰে।

কেতিয়া আৰু কিয় আৰম্ভ কৰা হৈছিল?

একে সময়তে, টিভিৰ ইতিহাস আৰু গুৰুত্বৰ বিষয়ে লোকসকলক সজাগ কৰিবলৈ, ৰাষ্ট্ৰসংঘই ১৯৯৬ চনৰ ১৭ ডিচেম্বৰত তাৰিখে দূৰদৰ্শন দিৱস উদযাপন কৰাৰ এক প্ৰস্তাৱ গৃহীত কৰে। ইয়াৰ পিছৰে পৰা প্ৰতি বছৰে ২১ নৱেম্বৰত দূৰদৰ্শন দিৱস উদযাপন কৰি অহা হৈছে। ইয়ে সমাজৰ ওপৰত দূৰদৰ্শনৰ বৰ্ধিত প্ৰভাৱক স্বীকৃতি দিছিল। ৰাষ্ট্ৰসংঘই যোগাযোগ আৰু গোলকীয় সংযোগৰ এক সঁজুলি হিচাপে ইয়াৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ এই বিশেষ দিনটো ঘোষণা কৰিছিল।

বিশ্ব দূৰদৰ্শন দিৱসৰ তাৎপৰ্য

এই দিনটোৱে দূৰদৰ্শনক বিশ্বায়নৰ প্ৰতীক আৰু জনমত গঢ়াৰ এক শক্তিশালী মাধ্যম হিচাপে স্বীকৃতি দিয়ে। ইয়ে সংবাদ মাধ্যমক দূৰদৰ্শনৰ যোগিদে শান্তি, শিক্ষা আৰু ইতিবাচক সামাজিক পৰিৱৰ্তন কৰিবলৈ সুযোগ প্ৰদান কৰে। এইটোৱে সামাজিক মাধ্যমত সন্দেহজনক তথ্যই আধিপত্য বিস্তাৰ কৰা সময়ত গুণগত সমলৰ প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰে।বিশ্ব দূৰদৰ্শন দিৱসৰ ২০২৪ৰ বিষয়বস্তু হৈছে “অভিগম্যতা”।

ভাৰতত দূৰদৰ্শনৰ যাত্ৰা

১৯৫৯ চনত ভাৰতত আৰম্ভ হৈছিল টেলিভিছন যাত্ৰা। প্ৰথমতে ইয়াৰ শৈক্ষিক কাৰ্যসূচী সম্প্ৰচাৰ কৰিছিল। ১৯৮২ চনলৈ ৰঙীন অনুষ্ঠান সম্প্ৰচাৰ আৰু উপগ্ৰহ নেটৱৰ্কৰ প্ৰৱৰ্তনে টিভিক জনসাধাৰণৰ আধিক ওচৰলৈ লৈ আহে।যাৰ ফলত আজিৰ বিবিধ মিডিয়া লেণ্ডস্কেপৰ আধাৰশিলা স্থাপন হয়।

 

Latest Stories
আহি আছে অসমৰ প্ৰথমখন মিউজিকেল ছবি ‘ৰৈ ৰৈ বিনালে’, অভিনয় কৰিব আচুৰ্য, নীল আকাশে…
IFFI 2024: গোৱাত আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, এই অনুষ্ঠানৰ শোভা বঢ়াইছে বহু নামী-দামী তাৰকাই
দুটাকৈ অস্কাৰ, প্ৰতিটো গীতৰ বাবদ লয় বৃহৎ পৰিমাণৰ ধন, এ আৰ ৰহমানৰ সম্পত্তিৰ মুঠ মূল্য কিমান?
Raas Mahotsav 2024: ৰাস মহোৎসৱৰ উপলক্ষে কৃষ্ণ বন্দনাৰে মুখৰ ৰাজ্য! জীৱন্ত ৰাসত ৰাধাৰ ৰূপত দীপলীনা, ৰিচা
Maharashtra Elections 2024: ভাৰতীয় নাগৰিকত্ব লাভৰ পাছত বিধানসভাৰ নিৰ্বাচনত প্ৰথমটো ভোট দিলে অক্ষয় কুমাৰে, সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ’ …
২৯ বছৰ পাছত সম্পৰ্কত ফাঁট! কিয় বিবাহ বিচ্ছেদ হ’ল এ আৰ ৰহমান আৰু চাইৰাৰ, কাৰণ পোহৰলৈ…
সঁচা প্ৰমাণিত হোৱা বাবা ভাংগাৰ ১০টা ভৱিষ্যতবাণী
আচৰিত! এইবিধ সৰু বস্তু বেগত ৰাখিলে হয় ধন বৃদ্ধি...
শীতকালত এলোভেৰা জেলে ছালৰ কি কি সমস্যা দূৰ কৰে ? জানক ইয়াৰ উপকাৰিতা...
কিডনীত পাথৰ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে ? জানক