শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইউটিউবাৰ ট্ৰাক চালকে ক্ৰয় কৰিলে ১.৫ কোটিটকীয়া গাড়ী, মাহৰ উপাৰ্জন শুনিলে আচৰিত হ’ব আপুনি…

কিছুদিন পূৰ্বে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এজন ট্ৰাক চালক। বিশেষকৈ খাদ্য বনোৱা ভিডিঅ'ৰ বাবে তেওঁ বিখ্যাত। সেই ট্ৰাকচালকজনে এতিয়া ক্ৰয় কৰিলে ১.৫ কোটিটকীয়া বিলাসী বাহন।

ইউটিউবাৰ ট্ৰাক চালকে ক্ৰয় কৰিলে ১.৫ কোটিটকীয়া গাড়ী, মাহৰ উপাৰ্জন শুনিলে আচৰিত হ’ব আপুনি…
ৰাজেশImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 18 Mar 2025 12:53 PM

ৰাজেশ ৰাৱানী, বৰ্তমান সামাজিক মাধ্যমৰ এটা জনপ্ৰিয় নাম। পেছাত তেওঁ এজন ট্ৰাক চালক। ট্ৰাক চলাই গোটেই দেশ ভ্ৰমণ কৰি তেওঁ টকা উপাৰ্জন কৰি ঘৰ চলাই আছিল। কিন্তু সেই ট্ৰাক চালকৰ ঘৰৰ সন্মুখতে এতিয়া আছে ১.৫ কোটি টকাৰ বিলাসী বাহন। বহুতে ভাবিছে এয়া কেনেকৈ সম্ভৱ? ট্ৰাক চলাই এজন ব্যক্তিয়ে ইমান টকা কেনেকৈ উপাৰ্জন কৰে?

এয়া সম্ভৱ হৈ উঠিছে, কিয়নো তেওঁ কেৱল এজন ট্ৰাক চালক নহয়। তেওঁ এজন ইউটিউবাৰো।  ৰাজেশে ইউটিউবত তেওঁৰ দৈনন্দিন জীৱনৰ ভিডিঅ’ বা vlog বনাই লাখ লাখ টকা উপাৰ্জন কৰে।  বিশেষকৈ খাদ্য বনোৱা ভিডিঅ’ৰ বাবে তেওঁ বিখ্যাত।  ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ব্যক্তিৰ ভিতৰত ৰাজেশ অন্যতম। তেওঁ ঝাৰখণ্ডৰ জামতাৰাত থাকে। কেইবছৰমান আগতে ইউটিউবৰ টকাৰে  এটা ডাঙৰ ঘৰো নিৰ্মাণ কৰিছিল। এইবাৰ তেওঁ ক্ৰয় কৰিছে ১.১৫  কোটি টকীয়া গাড়ী।

ৰাজেশে সেই বিলাসী গাড়ীখন কিনিবলৈ যোৱাৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে,। তেওঁৰ সফলতাক লৈ নেটিজেনসকলে বিভিন্ন মন্তব্য কৰিছে। একাংশই আচৰিত হৈ কৈছে যে , এজন ট্ৰাক চালকৰ পৰা আৰম্ভ কৰি এজন ডাঙৰ ইউটিউবাৰলৈকে লাভ কৰা সফলতা সঁচাকৈয়ে প্ৰশংসনীয়।

 

View this post on Instagram

 

A post shared by Rajesh Rawani (@r_rajesh_07)

উপাৰ্জন কিমান

ইউটিউব আৰু ইনষ্টাগ্ৰামত ৰাজেশৰ মুঠ ফলোৱাৰৰ সংখ্যা তিনি মিলিয়নতকৈও অধিক। শেহতীয়াকৈ এটা প’ডকাষ্টত তেওঁ কৈছিল যে তেওঁৰ জীৱনটো আগতে এনেকুৱা নাছিল। তেওঁ অতি মধ্যবিত্তীয় জীৱন যাপন কৰিছিল। মাহে ২৫ৰ পৰা ৩০ হাজাৰ টকাহে উপাৰ্জন কৰিছিল। সেই আয় এতিয়া আকাশলংঘী হৈছে। ইউটিউবত উপাৰ্জন বৃদ্ধি হোৱাৰ পিছৰে পৰা প্ৰতিমাহে ১০ লাখ টকা উপাৰ্জন কৰি আহিছে । আৰু সেই টকাৰে তেওঁ  BMW গাড়ী কিনিবলৈ সক্ষম হৈছে।