প্ৰথম উপাৰ্জন আছিল ৫ টকা, পাছলৈ পাইছিল পদ্ম বিভূষণঃ জাকিৰ হুছেইনৰ বহু নজনা কথা
৭৩ বছৰ বয়সত আমেৰিকাৰ এখন হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট তবলাবাদক জাকিৰ হুছেইনে। জাকিৰৰ মাতৃয়ে বিচৰা নাছিল তেওঁ তবলা বজোৱা, আনকি ইয়াৰ বাবে তেওঁ কেইবাবাৰো ঘৰৰ পৰা পলায়নো কৰিছিল। বহুবাৰ তেওঁ অনুষ্ঠানত টকাৰ সলনি লাভ কৰিছিল খাদ্যৰ টোপোলা।
অনুৰাগী, আপোনজনক কন্দুৱাই ৭৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰখ্যাত তবলাবাদক জাকিৰ হুছেইনে। হৃদযন্ত্ৰৰ সমস্যাত ভুগি থকা জাকিৰ হুছেইনে ১৫ ডিচেম্বৰত আমেৰিকাৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। বিশ্বৰ বিশিষ্ঠ তবলাবাদকসকলৰ ভিতৰত তেওঁ আছিল অন্যতম। অভিনেতাৰ পৰা সংগীতজগত, সাধাৰণ জনতালৈ বহু আছিল তেওঁৰ অনুৰাগী। তবলাবাদক হোৱাৰ উপৰিও জাকিৰ হুছেইন আছিল সুৰকাৰ আৰু অভিনেতা। বিশ্বৰ আগত ভাৰতৰ নাম উজ্বলাই তোলা এইগৰাকী তবলাবাদকৰ বিষয়ে তলক কিছুমান আমোদজনক কাহিনী উল্লেখ কৰা হ’ল।
মাতৃয়ে ভাল পোৱা নাছিল তবলা
জাকিৰ হুছেইনৰ মাতৃয়ে বিচৰা নাছিল তেওঁৰ পুত্ৰই সংগীতৰ জগতত কেৰিয়াৰ গঢ়াতো। জাকিৰে কৈছিল, মই যেতিয়া তবলা বজোৱা আৰম্ভ কৰিছিলো তেতিয়া সংগীত নিৰ্মাতা বা ইয়াৰ লগত জড়িতসকলক সন্মান কৰা হোৱা নাছিল, ভাল দৰমহা দিয়া হোৱা নাছিল। মায়ে দেখিছিল যে মই অনুষ্ঠানলৈ গ’লে হাতত টকাৰ সলনি এটা খাদ্যৰ পেকেট লৈ অনা। টকাৰ সলনি খাদ্যৰ পেকেট পাইছিলো মই, যাৰ বাবে মায়ে বিচৰা নাছিল মই এই জগতত ভৰি থোৱা।
ঘৰৰ পৰা পলায়ন
জাকিৰ হুছেইনে কেইবাবাৰো ঘৰৰ পৰা পলায়ন কৰাৰ চেষ্টা কৰিছিল। তেওঁৰ মাতৃয়ে বিচৰা নাছিল তবলা বজোৱাতো। যাৰ বাবে অতিষ্ঠ হৈ ঘৰৰ পৰা পলায়নৰ চেষ্টা কৰিছিল। মাত্ৰ ৬ বছৰ বয়সত এজন পুৰোহিতক কৈছিল- বলা আমি পলাই যাওঁ, তুমি গান গাবা মই বজাম। বহু সময়ত সৰু জাকিৰে ঘৰৰ পৰা ওলাই যোৱাৰ সিদ্ধান্ত লৈ স্কুলৰ বেগটো পেক কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু দেউতাকৰ চিন্তাৰ বাবে তেওঁ এই কাম কৰা নাছিল।
সৰস্বতী আৰু গণেশৰ ভক্ত
মুছলমান পৰিয়ালত সন্তান জন্ম গ্ৰহণ কৰাৰ সময়ত কাণত কোৰাণৰ কিছু প্ৰাৰ্থনা কোৱা হয়। কিন্তু যেতিয়া জাকিৰ হুছেইন জন্ম লাভ কৰিছিল তেতিয়া তেওঁৰ পিতৃ ওস্তাদ আল্লাহ ৰক্খাই তেওঁৰ কাণত তবলাৰ তাল বজাইছিল। এই কাৰ্য দেখি জাকিৰৰ মাতৃ স্তম্ভিত হৈ পৰিছিল। তেতিয়া মাতৃয়ে এয়া কি কৰি আছে বুলি প্ৰশ্ন কৰিছিল। ইয়াৰ উত্তৰত পিতৃয়ে কৈছিল যে মই মা সৰস্বতী আৰু গণেশ বাবাৰ ভক্ত আৰু এয়া মোৰ প্ৰাৰ্থনা।
প্ৰথম অনুষ্ঠান
১২ বছৰ বয়সত জাকিৰ হুছেইনে প্ৰথমবাৰৰ বাবে আমেৰিকাত এক অনুষ্ঠান কৰিছিল। ১৯৭৩ চনত জাকিৰৰ প্ৰথম এলবাম লিভিং ইন দ্যা মেটেৰিল ৱাৰ্ল্ড মুক্তি লাভ কৰিছিল। ১৯৯৭ চনত জাকিৰে ছাবানা আজমী নামৰ ছবিত অভিনয় কৰিছিল। প্ৰায় ১২ খন ছবিত অভিনয় কৰিছিল তেওঁ। জাকিৰ হুচেইনক প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ হিউমেনিটিজ কাউন্সিলে ওল্ড ডমিনিয়ন ফেলো হিচাপে নামকৃত কৰিছিল। ইয়াৰোপৰি ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক আছিল তেওঁ।
প্ৰথম আয়
কম সময়ৰ ভিতৰতে জাকিৰ হুছেইন বিশ্বৰ এগৰাকী নামী দামী তবলাবাদক হৈ পৰিছিল। তেওঁ প্ৰায় ১০ লাখ ডলাৰ অৰ্থাৎ ৯ কোটি টকাৰ সম্পত্তিৰ মালিক। হুছেইনে তেওঁৰ অনুষ্ঠানৰ বাবে ৫ ৰ পৰা ১০ লাখ টকা লৈছিল। উল্লেখ কৰা প্ৰয়োজন যে প্ৰথমবাৰ তেওঁ অনুষ্ঠানৰ বাবদ মাত্ৰ ৫ টকা লাভ কৰিছিল। জাকিৰৰ পিতৃও আছিল বিশিষ্ট তবলাবাদক।
পুৰস্কাৰ
জাকিৰ হুছেইনে নিজৰ জীৱনকালত বহু বঁটা তথা সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। জাকিৰ হুছেইনে ৫ টা গ্ৰেমী এৱাৰ্ড, ১৯৮৮ চনত পদ্মশ্ৰী, ২০২২ চনত পদ্মভূষণ আৰু ২০২৩ চনত পদ্ম বিভূষণ লাভ কৰিছিল। ইয়াৰোপৰি আৰু বহু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ। কেৱল তবলাবাদকেই নহয়, ১২ খন ছবিত অভিনয়ো কৰিছিল জাকিৰে। জাকিৰ হুছেইনৰ মৃত্যু, সংগীত জগতৰ ক্ষেত্ৰখনলৈ এক অপূৰণীয় ক্ষতি।