‘আজি ডাঙৰীয়াসকল নাহিলে যে কিয়?’ সংগীতানুষ্ঠানৰ মাজতে মাজুলীত কাক উদ্দ্যেশি এই মন্তব্য কৰিলে জুবিন গাৰ্গে?

পুনৰ বিতৰ্কত সোমাই পৰিছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। মাজুলীত উপস্থিত হৈ জুবিনে কৰিলে আকৌ কৰিলে বিতৰ্কিত মন্তব্য।সংগীতানুষ্ঠানত ডাঙৰীয়াসকল নাহিলে বুলি ইতিকিং শিল্পীগৰাকীৰ। মেইন ডাঙৰীয়াজন আহিলে ভয় খাই বুলিও মঞ্চত মন্তব্য জুবিনৰ।

আজি ডাঙৰীয়াসকল নাহিলে যে কিয়? সংগীতানুষ্ঠানৰ মাজতে মাজুলীত কাক উদ্দ্যেশি এই মন্তব্য কৰিলে জুবিন গাৰ্গে?

মাজুলীত পুনৰ জুবিনৰ বিতৰ্কিত মন্তব্য

Updated On: 

25 Nov 2024 11:03 AM

পুনৰ এবাৰ চৰ্চাত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ৷ জুবিন আৰু বিতৰ্ক যেন এতিয়া এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। প্ৰায়ে কণ্ঠশিল্পীগৰাকীয়ে কৰা কিছুমান মন্তব্যই সকলোকে চিন্তাত পেলায়। মাজুলী মিউজিক ফেষ্টিভেল ২০২৪ৰ মঞ্চত কৰিলে এইবাৰ আচৰিত মন্তব্য। জুবিনৰ সংগীতৰ মায়াজালত মাজুলী জেংৰাইমুখৰ খেৰকটীয়া নদীৰ পাৰ মায়াময় হৈ পৰিছিল। তাৰ মাজতে জুবিনে সংগীতানুষ্ঠান চলি থকাৰ মাজতে ক’লে- ‘আজি ডাঙৰীয়াসকল নাহিলে যে কিয়? মেইন ডাঙৰীয়াজন আহিলে ভয় খাই মানে!’

ইয়াৰোপৰি সংগীতানুষ্ঠানৰ মাজতে হঠাৎ জুবিন গাৰ্গৰ খং উঠিল সংগীতানুষ্ঠানত সংগ দিয়া বাদ্যযান্ত্ৰ বজোৱা লোকসকলৰ ওপৰতো। জুবিনে ক’লে- কি বজাইছা এইবোৰ…?

পূৰ্বৰ বিতৰ্ক

পূৰ্বেও জুবিনে মাজুলীত সত্ৰাধিকাৰক ইতিকিং কৰি ৰোষত পৰিছে। এপ্ৰিল মাহত মাজুলীৰ এটা অনুষ্ঠানত ‘সংগীত সিন্ধু’ উপাধি গ্ৰহণৰ পাছতে মাজুলীৰ সত্ৰাধিকাৰক মুকলিকৈ অপদস্থ কৰিছিল জুবিন গাৰ্গে। মাজুলীৰ পূৱেৰুণ কলা পৰিষদৰ সৌজন্যত অনুষ্ঠিত কৰা হৈছিল ৬৬ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ৷ সেই সন্মিলনখন ৭ ব’হাগৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে গড়মূৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ৷ শেষৰ দিনাৰ মুখ্য অতিথি আছিল শিল্পী জুবিন গাৰ্গ ৷ শিল্পীগৰাকীক অনুষ্ঠানৰ আৰম্ভণিতে গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে প্ৰদান কৰে ‘সংগীত সিন্ধু বঁটা’ ৷ বঁটা গ্ৰহণৰ সময়ত জুবিনে কৈছিল-সাধাৰণ লোকে সত্ৰাধিকাৰসকলক যে প্ৰভূ ঈশ্বৰ বুলি সম্বোধন কৰে ৷ সেয়া কোনোপধ্য গ্ৰহণযোগ্য নহয় ৷ কৃষ্ণ কেতিয়াও ভগৱান নাছিল… তেওঁ কৃষ্ণ মানুহ আছিল বুলি কয়৷ পিছত এই বিষয়ত ক্ষমা খুজিছিল কণ্ঠশিল্পীগৰাকীয়ে।

নতুন বিতৰ্ক

এই বিতৰ্কৰ অৱসান ঘটিল যদিও এইবাৰ পুনৰ মাজুলীত গৈ বিতৰ্কিত মন্তব্য কৰিলে জুবিনে। এতিয়া বিতৰ্কই যেন লগ নেৰে জুবিন গাৰ্গক। জুবিনে মাজুলী জেংৰাইমুখৰ খেৰকটীয়া নদীৰ পাৰৰ সংগীতানুষ্ঠানৰ মাজতে ক’লে- ‘আজি ডাঙৰীয়াসকল নাহিলে যে কিয়? মেইন ডাঙৰীয়াজন আহিলে ভয় খাই মানে!’ কিন্তু ডাঙৰীয়া বুলি কাৰ কথা ক’লে জুবিনে? শিল্পী জুবিন গাৰ্গৰ উদ্ভত আচৰণক লৈ এতিয়া মাজুলীৰ লগতে সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

জীৱনৰ সংগীত যাত্ৰাৰ ভাললগা সময়

১৯৯২ চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকা মুক্তি পায়। ইয়াৰ লগে লগেই জুবিন পেছাদাৰী সংগীত জগতখনত জড়িত হৈ পৰে। জুবিনে ঢোল, দোতাৰা, মেণ্ডলিনৰ দৰে বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও এজন কৃতী কীবৰ্ড প্লেয়াৰ।

বঙালী চিনেমা শুধু তুমিৰ কাৰণে জুবিনে ২০০৫ চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। হিন্দীৰ য়া আলি গীতটোৰ বাবে জুবিনে ২০০৭ চনত গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড (GIFA) আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী (পুৰুষ) বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি Echoes of Silence (ইংৰাজী-খাচী) ছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰিছিল। আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাব ২০১৪ চনত জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হয়।

পুনৰ শচীনৰ ৰেকৰ্ড ভংগ কৰি অষ্ট্ৰেলিয়াৰ মাটিত নতুন অভিলেখ বিৰাট কোহলীৰ
আই পি এল ইতিহাসৰ দামী খেলুৱৈ হ’ল পণ্ট, এইকেইগৰাকী খেলুৱৈৰো উদয় হল ভাগ্য
অভিশাপ নে বৰদান? জানক কল গছ জন্মৰ আঁৰৰ কাহিনী...
কমি যায় মূল্য! ভাৰতৰ ১০০ টকা ব্ৰাজিলত কিমান হয় জানেনে ?