Zubeen Garg : অনুৰাগীৰ বাবে ভাল খবৰ, জুবিন গাৰ্গক প্ৰদান কৰা হ’ব ২০২৫ বৰ্ষৰ ড৹ ভূপেন হাজৰিকা বঁটা…

জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিনটোতে অনুৰাগীৰ বাবে এটা ভাল খবৰ আহিছে । ২০২৫ বৰ্ষৰ ড৹ ভূপেন হাজৰিকা বঁটাৰে সন্মানিত কৰা হ’ব সংগীতশিল্পী গৰাকীক । এই বঁটা প্ৰদান কৰিব বেলতলা ব’হাগী উৎসৱ সমিতিয়ে ।

Zubeen Garg : অনুৰাগীৰ বাবে ভাল খবৰ, জুবিন গাৰ্গক প্ৰদান কৰা হব ২০২৫ বৰ্ষৰ ড৹ ভূপেন হাজৰিকা বঁটা...

জুবিন গাৰ্গৰ জন্মদিন

Published: 

18 Nov 2024 19:32 PM

আজি ৫৩ বছৰত ভৰি দিলে অসমৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে । ৫২ টা বৰ্ষ সুকলমে অতিক্ৰম কৰা পাছত আজি ৫৩ সংখ্যক জন্মদিন উদযাপন কৰিছে সংগীতশিল্পী গৰাকীৰ লগতে তেওঁ অনুৰাগীয়ে । ৫৩ সংখ্যক জন্মদিনটোতে জুবিন গাৰ্গৰ অনুৰাগীৰ বাবে এটা ভাল খবৰ আহিছে । ২০২৫ বৰ্ষৰ ড৹ ভূপেন হাজৰিকা বঁটাৰে সন্মানিত কৰা হ’ব সংগীতশিল্পী গৰাকীক । এই বঁটা প্ৰদান কৰিব বেলতলা ব’হাগী উৎসৱ সমিতিয়ে ।

ইতিমধ্যে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে বেলতলা ব’হাগী উৎসৱ সমিতিয়ে । বেলতলা ব’হাগী উৎসৱ সমিতিয়ে সদৰী কৰা মতে, হাৰ্টথ্ৰ’ব জুবিন গাৰ্গক ২০২৫ চনৰ ব’হাগী উৎসৱৰ অনুষ্ঠানত আনুষ্ঠানিকভাৱে ড৹ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰা হ’ব । সমিতিয়ে জানিবলৈ দিয়া অনুসৰি, এই বঁটাত থাকিব মানপত্ৰ, এটি স্মাৰক, শৰাই, জাপি, আলোৱান লগতে প্ৰদান কৰা হ’ব নগদ ২ লাখ টকা ৷

উল্লেখ্য যে ২০১২ চনৰ বেলতলা ব’হাগী উৎসৱ সমিতিয়ে প্ৰতিবছৰৰ বহাগী উৎসৱত ড৹ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰি আহিছে । এই সন্মানীয় বঁটা ইতিমধ্যে কেইবাগৰাকী বিশিষ্ট শিল্পীক প্ৰদান কৰা হৈছে ।

মনকৰিবলগীয়া যে, আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত জুবিন ফেনক্লাবসমূহে জুবিন গাৰ্গৰ জন্মদিনৰ উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে । এই উপলক্ষে বহু অনুৰাগীয়ে জুবিন গাৰ্গৰ ছবি আঁকি শিল্পীগৰাকীক উপহাৰ দিয়াৰ লগতে ৰক্তদান, সংগীতৰ অনুষ্ঠান আয়োজন কৰি মৰমৰ শিল্পীগৰাকীৰ ৫৩ সংখ্যক জন্মদিন উদযাপন কৰিছে ।

ইফালে,প্ৰিয় কণ্ঠশিল্পীগৰাকীৰ জন্মদিন উপলক্ষে যোৱা নিশাৰ পৰা মহানগৰীৰ জোনালিত থকা জুবিন গাৰ্গৰ ষ্টুডিঅ’ত বহু অনুৰাগীয়ে ভিৰ কৰে। অনুৰাগীৰ মৰম আৰু শ্ৰদ্ধাৰ মাজত কেক কাটি জন্মদিন উদযাপন কৰিলে কণ্ঠশিল্পীগৰাকীয়ে। এই বিশেষ দিনটোত লাভ কৰা অনুৰাগীৰ মৰম আৰু আদৰৰ বাবে অনুৰাগীসকলকো ধন্যবাদ জনাই কৃতজ্ঞতা প্ৰকাশ কৰে জুবিন গাৰ্গে।

উল্লেখ্য যে, জন্মদিনৰ কেক কাটি জুবিন গাৰ্গে তেওঁৰ নতুন কাম সন্দৰ্ভতো ঘোষণা কৰে। অনুৰাগীৰ সৈতে জন্মদিন উদযাপন কৰিয়েই জুবিনে ‘ৰৈ ৰৈ বিনালে’ শীৰ্ষক নতুন অসমীয়া চলচ্চিত্ৰখনৰ বিষয়ে আনুষ্ঠানিক ঘোষণা কৰে।

পৃথিৱীৰ এনে এখন দেশ, য’ত নাই এখনো কাৰাগাৰ! ক’ত ৰখা হৈছে বন্দীসকলক?
ঘৰত থকা তুলসী গছ শুকাই গৈছে নেকি! তেন্তে লগে লগে কৰক এই কাম, অন্যথা হ’ব পাৰে আৰ্থিক সংকট
ছাল, চুলিৰ বাবে ভাল! আমলখিৰ উপকাৰিতাৰ বিষয়ে জানক...
ঘৰৰ মূল দুৱাৰত আইনা লগাব লাগে নে নাই? জানক ইয়াৰ আঁৰৰ কথা