২০ ছেপ্তেম্বৰত মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ 'চিকাৰ', ইতিমধ্যে প্ৰায় ছবিগৃহত টিকট শেষ | Zubin Garg assamese movie Sikar to release on 20 September Assam news - Assam Tv9

২০ ছেপ্তেম্বৰত মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ ‘চিকাৰ’, ইতিমধ্যে প্ৰায় ছবিগৃহত টিকট শেষ

Updated On: 

18 Sep 2024 22:34 PM

মাত্ৰ এটা দিন আৰু অন্ত পৰিব চিনেপ্ৰেমীৰ অপেক্ষাৰ। শুকুৰবাৰে মুকলি হ’ব বহু প্ৰতীক্ষিত ছবি 'চিকাৰ'। ইতিমধ্যে BookMyShowত ৰাজ্যৰ প্ৰায় সকলো ছবিগৃহৰ টিকট শেষ।

২০ ছেপ্তেম্বৰত মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ চিকাৰ, ইতিমধ্যে প্ৰায় ছবিগৃহত টিকট শেষ

২০ ছেপ্তেম্বৰত মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ 'চিকাৰ'

Follow Us On

National cinema day ৰ দিনাই মুক্তি পাব জুবিন গাৰ্গৰ ছবি ‘চিকাৰ’। মাত্ৰ ৯৯ টকাতে PVR, INOX, CINEPOLIS, Anuradha Cineplex, MATRIX আদিত লাভ কৰিব চিনেমাৰ টিকট। ইতিমধ্যে এই বিশেষ দিনটোৰ সুবিধা লৈ ছবিপ্ৰেমী লোকসকলে BookMyShowৰ জৰিয়তে আগতীয়াকৈ টিকট বুক কৰিছে।  গুৱাহাটীৰ প্ৰায় সকলো ছবিগৃহৰ টিকট আগতীয়াকৈ বুক হৈ গৈছে।

অসমীয়া ছবিৰ সুদিন

অসমীয়া ছবিজগতৰ সুদিন ঘূৰি আহিছে। শ্ৰীৰঘূপতি, বিদুৰভাই, পিশাচ আৰু লোকেল কম্ফু৩ ৰ জনপ্ৰিয়তাৰ পিছত এইবাৰ আহি আছে অসমীয়া ছবি ‘চিকাৰ’। মাজতে এনেকুৱা এটা পৰ্যায় আহি পৰিছিল য’ত মানুহে অসমীয়া ছবি চাবলৈ যাব টান পাইছিল। কিন্তু এতিয়া সময় সলনি হৈছে আৰু মানুহে অন্য চিনেমাৰ দৰে অসমীয়া চিনেমা চাবলৈ ঢাপলি মেলা আৰম্ভ কৰিছে।

‘চিকাৰ’ আৰু জুবিন গাৰ্গ

এতিয়া ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে জুবিন গাৰ্গ। য’ত মূখ্য চৰিত্ৰত অভিনয় কৰিছে হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গে। ‘মিছন চাইনা’ৰ সফলতাৰ পিছত থমকি ৰোৱা নাই জুবিন গাৰ্গ। বিগ ফিল্মছ মিডিয়া আৰু ডীক্ৰেটিভ ষ্টুডিঅ’ এল এল পি (ইণ্ডিয়া) ৰ বেনাৰত ছেম ভট্টাচাৰ্য আৰু মিত্ৰা ভট্টাচাৰ্যৰ প্ৰযোজনাত নিৰ্মিত ছবিখনিৰ কাহিনী আৰু পৰিচালনা কৰিছে বিগত ২৫ বছৰে অসমীয়া ছবিজগতত সম্পাদক হিচাপে পৰিচিত দেবাংকৰ বৰগোঁহায়ে । এই ছবিখনৰ দৃশ্যগ্ৰহণ মৰাণ আৰু খোৱাং চাহ বাগিচা অঞ্চলত প্ৰায় ১৩০ জনীয়া দলে কৰাৰ উপৰিও,বিশেষকৈ লণ্ডনতো হৈছে। য’ত দৰ্শকে বিচাৰি পাব কিছু নতুনত্ব।

২০ ছেপ্টেম্বৰত ছবিগৃহলৈ আহিবলগীয়া ছবিখনৰ নিশা মহানগৰীৰ ভিন্ন প্ৰান্তত পোষ্টাৰিং কৰে পত্নীসহ জুবিন গাৰ্গ আৰু তেওঁৰ টীমে৷ বি বৰুৱা কলেজ, সন্দিকৈ কলেজ, কটন বিশ্ববিদ্যালয়তো কৰিছে পোষ্টাৰিং৷ প্ৰায় ডেৰটা বছৰৰ কষ্টৰ মূৰত সাৰ্থক হ’বলৈ আগবাঢ়িছে ছবিখনৰ সকলোৰে কষ্ট।

‘চিকাৰ’ৰ মুখ্য চৰিত্ৰত চাহ বাগানীয়া যুৱক হিচাপে দেখিবলৈ পোৱা যাব জুবিন গাৰ্গক । ছবিখনত জুবিন গাৰ্গৰ লগত নায়িকাৰ ৰূপত দেখা যাব উদয়ীমান অভিনেত্ৰী তথা মন্ত্ৰী যোগেন মোহনৰ জীয়ৰী ধ্যানী মোহনক। ইয়াৰোপৰি ছবিখনত দেখা যাব কে কে খ্যাত জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা, দীপজ্যোতি কেওঁট (মোহন)কে ধৰি বহুকেইজন ন-পুৰণি জনপ্ৰিয় শিল্পীক।‘চিকাৰ’ ছবিখনৰ সংগীত পৰিচালকো জুবিন গাৰ্গ। ‘চিকাৰ’ৰ চিত্ৰনাট্য, সংলাপ বিষ্ণুজ্যোতি সন্দিকৈৰ। দৃশ্যগ্ৰহণকাৰী জন ৰেগ্ৰেট।

‘চিকাৰ’ৰ কাহিনী

এই ছবিখনত শংকৰ চিকাৰীৰ ৰূপত দেখিব জুবিন গাৰ্গক। ‘চিকাৰে’ চাহ উদ্যোগৰ অন্ধকাৰ দিশটো উন্মোচন কৰিব, চাহৰ জনপ্ৰিয়তা স্বত্বেও, উদ্যোগটো কম মজুৰি, মহিলাৰ প্ৰতি অত্যাচাৰ, আৰু শ্ৰমিকসকলৰ অসহায়তাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে। চলচ্চিত্ৰখনে এজন চাহ বাগিচাৰ কৰ্মীৰ আকৰ্ষণীয় বৰ্ণনাৰ জৰিয়তে এই বিষয়বোৰ উত্থাপন কৰিব। এই ছবিখনে পুনৰ অসমীয়া ছবিজগতত ৰেকৰ্ড গঢ়িব পাৰিব বুলি বিশ্বাসী জুবিন গাৰ্গৰ লগতে ছবিখনৰ কলা-কুশলী।

 

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version