কৰুণ! ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে শিশু, মহিলাসহ ১০ জনে... | 10 dead 5 injured in a road accident uttar pradesh Assam news - Assam Tv9

কৰুণ! ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে শিশু, মহিলাসহ ১০ জনে…

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ১০ জনকৈ লোকে। বাইক আৰোহীক বচাবলৈ যোৱাই হ'ল কাল। ট্ৰাকৰ লগত খুন্দা খোৱাৰ ফলত ১০ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়।

কৰুণ! ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে শিশু, মহিলাসহ ১০ জনে...

ট্ৰাকখন

Updated On: 

06 Nov 2024 16:08 PM

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ১০ জনকৈ লোকে। অটো আৰু মিনি ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। নিহতসকলৰ ভিতৰত শিশু আৰু মহিলাও আছে। জানিব পৰা মতে বাইক আৰোহীক বচাবলৈ চেষ্টা কৰাৰ সময়তে এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বুধবাৰে উত্তৰ প্ৰদেশৰ হৰদয়ত সংঘটিত হৈছে এই ঘটনা। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আনহাতে অটো আৰু মিনি ট্ৰাক চালকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ঘটনাটো হৰদয়ৰ মাধৱগঞ্জ চহৰৰ বুলি জানিব পৰা গৈছে। আৰক্ষীৰ তথ্য অনুসৰি অটোখন বিলগ্ৰাম কটৰা বিলহৌৰাৰ পৰা আহি আছিল। তেনে সময়তে ৰাস্তাত বাইক এখনো আহি আছিল।  বাইক আৰোহীক বচাবলৈ গৈ অটো চালকজনে হঠাতে গাড়ীখনৰ গতি পথ সলনি কৰে আৰু তেতিয়াই বিপৰীত দিশৰ পৰা আহি টকা মিনি ট্ৰাক এখনত প্ৰচণ্ড খুন্দা মাৰে। এই খুন্দা ইমানেই ভয়ংকৰ আছিল যে অটোখন ওলোটা হৈ পৰি যায়। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত অটোখনত ১৫ জনলোক আছিল ।

ইয়াৰে ১০ জনলোক নিহত হোৱাৰ বিপৰীতে ৫ জন গুৰুতৰভাৱে আহত হয়। লগে লগে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আহতসকলক হাস্পাতালত ভৰ্তি কৰে। মৃত্যু হোৱাৰ লোকসকলৰ ভিতৰত ৬ গৰাকী মহিলা ২ টাকৈ শিশু আছে। মৃতসকল কোন কোন ঠাইৰ সেই সন্দৰ্ভত তথ্য এতিয়ালৈকে আহি পৰা নাই।

চিকিৎসকৰ মতে এই আহতসকলৰ অৱস্থাও সংকটজনক। আৰক্ষীৰ তথ্য অনুসৰি নিহতসকলৰ ভিতৰত মাত্ৰ দুগৰাকী মহিলাক চিনাক্ত কৰা হৈছে। বাকীসকলক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। হৰদয় আৰক্ষীৰ মতে, দুপৰীয়া প্ৰায় ১২.৩০ বজাত হীৰা ৰোশনপুৰ গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। আৰক্ষীয়ে দুজন লোকক আটক কৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। কেনেকৈ এই পথ দুৰ্ঘটনা সংঘটিত হ’ল এয়া পৰৱৰ্তী সময়ত স্পষ্ট হৈ পৰিব। আৰক্ষীয়ে ইতিমধ্যে মৃতসকলৰ পৰিয়ালক খবৰ দিছে।

Latest Stories
১৩ নৱেম্বৰত বন্ধ ঘোষণা! অসমৰ ক'ত ক'ত থাকিব বন্ধ...
ভাৰতৰ ৫খন গাঁও, য'ত গছ কাটিলে হয় মৃত্যু, খৰি কাটিবলৈও ভয় কৰে গাঁওবাসীয়ে!
কমলাৰ বাকলিয়ে অধিক উজ্বল কৰি তুলিব আপোনাৰ ছাল, এনেদৰে কৰক ব্যৱহাৰ...
সপোনত এই ফুল দেখাটো শুভ লক্ষণ, ঘৰলৈ আহিব ধন!