মণিপুৰত নিৰাপত্তা বাহিনীৰ ব্যাপক অভিযানঃ ১০ কুকি উগ্ৰপন্থী নিহত, CRPFৰ এজন জোৱান আহত

মণিপুৰৰ জিৰিবাম জিলাত আজি কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে বৃহৎ সফলতা লাভ কৰিছে নিৰাপত্তা বাহিনীয়ে। জিলাখনৰ জাকুৰাধোৰ কাৰোঙত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত হৈছে ১০জন কুকি উগ্ৰপন্থী সদস্য। এই অভিযানত অৱশ্যে চি আৰ পি এফৰ এগৰাকী জোৱানো আহত হৈছে বুলি জানিব পৰা গৈছে।

মণিপুৰত নিৰাপত্তা বাহিনীৰ ব্যাপক অভিযানঃ ১০ কুকি উগ্ৰপন্থী নিহত, CRPFৰ এজন জোৱান আহত

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

11 Nov 2024 19:25 PM

হিংসাজৰ্জৰ মণিপুৰত অব্যাহত আছে উত্তপ্ত পৰিস্থিতি। গোষ্ঠী সংঘৰ্ষই যোৱা প্ৰায় ডেৰ বছৰ ধৰি জুৰুলা কৰি ৰখা মণিপুৰত কিছুদিন পৰিস্থিতি সামান্য শান্ত হৈছিল যদিও শেহতীয়াকৈ ইটোৰ পিছত সিটোকৈ হিংসাত্মক কাণ্ডই ৰাজ্যখনক পুনৰ অশান্ত কৰি তুলিছে। তাৰ মাজতে আজি মণিপুৰত কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে বৃহৎ সফলতা লাভ কৰিছে নিৰাপত্তা বাহিনীয়ে। ৰাজ্যখনৰ জিৰিবাম জিলাৰ জাকুৰাধোৰ কাৰোঙত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত হৈছে ১০জন কুকি উগ্ৰপন্থী সদস্য। এই অভিযানত অৱশ্যে চি আৰ পি এফৰ এগৰাকী জোৱানো আহত হৈছে।

জনগোষ্ঠীয় সংঘাতৰ পৰিপ্ৰেক্ষিতত মণিপুৰৰ ইম্ফল উপত্যকা অত্যন্ত উদ্বেগজনকভাৱে ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ লগতে উগ্ৰপন্থীয়ে অঞ্চলটোত ধাৰাবাহিকভাৱে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। বিগত কিছুদিন ধৰি উগ্ৰপন্থীয়ে পথাৰত কৰ্মৰত কৃষকক লক্ষ্য কৰি নিৰন্তৰ আক্ৰমণ চলাই আছে। উগ্ৰপন্থীৰ এনে আক্ৰমণৰ ফলত আতংকিত হৈ পৰিছে কৃষকসকল। এনে আতংকৰ বাবে কৃষকসকলে পথাৰত কাম কৰিবলৈ যাবলৈও বাদ দিছে।

আজি ইম্ফলত কৃষকক লক্ষ্য কৰি পাহাৰৰ পৰা পুনৰ গুলীচালনা কৰে উগ্ৰপন্থীয়ে। ইয়াৰ ফলত পথাৰত কৰ্মৰত এজন কৃষক গুৰুতৰভাৱে আহত হয়। লক্ষণীয়ভাৱে অঞ্চলটোত একেৰাহে তৃতীয় দিন কৃষকৰ ওপৰত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। ঘটনা সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, পুৱা প্ৰায় ৯:২০ বজাত কৃষকজনৰ ওপৰত গুলীচালনাৰ ঘটনা সংঘটিত হয়।

কাংপোকপি জিলাৰ পাহাৰীয়া অঞ্চলৰ পৰা অহা উগ্ৰপন্থীয়ে য়াইংগাংপকপি শান্তিখংবান অঞ্চলত কৃষকৰ ওপৰত গুলীচালনা কৰে। উগ্ৰপন্থীৰ এই আক্ৰমণত এগৰাকী কৃষকৰ গুলী লাগে। এই সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে নিৰাপত্তা বাহিনীয়ে সেই স্থানত উপস্থিত হয় আৰু উগ্ৰপন্থী দলটোৰ ওপৰত প্ৰত্যাক্ৰমণ চলায়। উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত বহু সময় ধৰি গুলীচালনা অব্যাহত থাকে বুলি আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰে।

এই ঘটনাত আহত কৃষকজনক য়াইংগাংপকপি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদান কৰা হৈছে। বৰ্তমান তেওঁৰ অৱস্থা বিপদৰ বাহিৰত বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বে শনিবাৰে চুৰাচান্দপুৰ জিলাৰ পাহাৰীয়া অঞ্চলৰ পৰা গুলীচালনা কৰিছিল উগ্ৰপন্থীয়ে। উগ্ৰপন্থীৰ এনে আক্ৰমণতে বিষ্ণুপুৰ জিলাৰ চেটনত পথাৰত কৰ্মৰত অৱস্থাতে এগৰাকী ৩৪ বছৰীয়া মহিলা কৃষকৰ মৃত্যু হৈছিল।

দেওবাৰে ইম্ফল পূৱ জিলাৰ সংসাবি, থামনাপোকপি আৰু ছাবুংখোক খুনাউতো সংঘটিত হয় একেধৰণৰ আক্ৰমণ। যোৱা বছৰৰ মে’ মাহৰ পৰা ইম্ফল উপত্যকাৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত আৰম্ভ হোৱা জাতিগত সংঘাতত এতিয়ালৈকে ২০০ৰো অধিক লোকৰ মৃত্যু হৈছে। এই সংঘৰ্ষৰ পৰিণতিত গৃ্হহীন হৈ পৰিছে হাজাৰ-হাজাৰ লোক। কিন্তু ইয়াৰ পিছতো এই সংঘৰ্ষ শাম কটাৰ কোনো লক্ষণ এইপৰ্যন্ত ফুটি উঠা নাই।

NASAৰ মহাকাশচাৰীসকলে কিমান দৰমহা লাভ কৰে?
ফ্ৰিজৰ ওপৰত ভুলতেও নাৰাখিব এইসমূহ বস্তু, আৰম্ভ হ'ব বেয়া দিন!
ছালৰ উজ্বলতা বঢ়াবলৈ ঘৰতে তৈয়াৰ কৰক এই সামগ্ৰী...
বিশ্বৰ সবাতোকৈ দৰিদ্ৰ দেশ কেইখন, য'ত এজন ব্যক্তিৰ বছৰি আয় মাত্ৰ ৬০ হাজাৰ টকা...