ভয়ংকৰ দুৰ্ঘটনা! কুঁৱাত বাগৰি পৰিল দ্ৰুতবেগী বাহনঃ প্ৰাণ হেৰুৱালে ১০ জনে

তীব্ৰবেগী এখন ইকো ভেন নিয়ন্ত্ৰণ হেৰুৱাই এটা কুঁৱাত বাগৰি পৰাৰ ফলত সংঘটিত হৈছে এনে মৰ্মান্তিক ঘটনা। দুৰ্ঘটনাগ্ৰস্ত বাহনখনে প্ৰথমে এখন বাইকত খুন্দা মৰাৰ পিছতে এটা কুঁৱাত বাগৰি পৰে আৰু ইয়াৰ ফলস্বৰূপে মৃত্যুমুখত পৰে বাহনখনত থকা ১০ জন লোক।

ভয়ংকৰ দুৰ্ঘটনা! কুঁৱাত বাগৰি পৰিল দ্ৰুতবেগী বাহনঃ প্ৰাণ হেৰুৱালে ১০ জনে

ঘটনাস্থলীত লগে লগে চলোৱা হয় উদ্ধাৰ অভিযান

Updated On: 

27 Apr 2025 22:23 PM

মধ্যপ্ৰদেশৰ মন্দসৌৰ জিলাত আজি বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে ১০ জন লোকে। আনহাতে গুৰুতৰভাৱে আহত হৈছে চাৰিজন লোক। তীব্ৰবেগী এখন ইকো ভেন নিয়ন্ত্ৰণ হেৰুৱাই এটা কুঁৱাত বাগৰি পৰাৰ ফলত সংঘটিত হৈছে এনে মৰ্মান্তিক ঘটনা। দুৰ্ঘটনাগ্ৰস্ত বাহনখনে প্ৰথমে এখন বাইকত খুন্দা মৰাৰ পিছতে এটা কুঁৱাত বাগৰি পৰে আৰু ইয়াৰ ফলস্বৰূপে মৃত্যুমুখত পৰে বাহনখনত থকা ১০ জন লোক।

এই ঘটনাৰ পিছতে সৃষ্টি হোৱা হুলস্থুলীয়া পৰিস্থিতি শুনি স্থানীয় একাংশ লোক ঘটনাস্থলীত উপস্থিত হয় আৰু লগে লগে দুৰ্ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰে। তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হয় আৰু স্থানীয় ৰাইজৰ সহযোগত ১৪ জন লোকক কুঁৱাৰ পৰা উলিয়াই আনি চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসালয়খনৰ চিকিৎসকে ১০ জন লোকক মৃত ঘোষণা কৰে।

আনহাতে আহত আন চাৰিজন লোক সম্প্ৰতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। প্ৰকাশিত খবৰ অনুসৰি তীব্ৰ বেগেৰে আহি থকা ইকো ভেনখনে প্ৰথমে বাইক আৰোহীজনক খুন্দা মাৰে, তাৰ পিছতে পথৰ সমীপৰ এটা কুঁৱাত বাগৰি পৰে। ভেনখনত মুঠ ১৪ জন লোক আছিল বুলি জানিব পৰা গৈছে। আহত চাৰিজনক নিৰাপদে উদ্ধাৰ কৰি জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়।

ইতিমধ্যে স্থানীয় প্ৰশাসনেও এই দুৰ্ঘটনাত ১০ জন লোকৰ মৃত্যু হৈছে বুলি নিশ্চিত কৰিছে যে। সূত্ৰ অনুসৰি দুৰ্ঘটনাত পতিত হোৱা ইকো ভেনখন কুঁৱাটোত পৰাৰ পিছতে গেছ নিৰ্গত হ’বলৈ আৰম্ভ কৰিছিল। তেনে পৰিস্থিতি উদ্ধাৰ অভিযান চলোৱাতো অসুবিধাৰ সন্মুখীন হৈছিল উদ্ধাৰকাৰী দল। পিছত এছ ডি আৰ এফৰ এজন জোৱান অক্সিজেন চিলিণ্ডাৰ লৈ কুঁৱাটোৰ ভিতৰলৈ নামে যদিও পৰিস্থিতিৰ ভয়াৱহতাৰ বাবে ওলাই আহিবলৈ বাধ্য হয়।

ইয়াৰ পিছত অৱশ্যে উদ্ধাৰকাৰী দলৰ প্ৰচেষ্টাত ভেনখনৰ লগতে আটাইকেইজন লোককে কুঁৱাৰ পৰা উলিয়াই অনা হয়। দুৰ্ঘটনাত আহত লোকসকল সম্প্ৰতি জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে নিহত লোকসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইফালে এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ উপ-মুখ্যমন্ত্ৰী জগদীশ দেৱদাই পৰিস্থিতিৰ বুজ লয়। এই দুৰ্ঘটনাটোক অত্যন্ত দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে

দাঁতৰ ৰং হালধীয়া হৈ পৰিছে নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক বগা আৰু উজ্বল,...
এইসমূহ লক্ষণে দেখা দিছে নেকি? তেন্তে কমিব পাৰে শৰীৰত তেজৰ পৰিমাণ...
ব্ৰেইন টিউমাৰ হোৱাৰ পিছত শৰীৰত কি কি লক্ষণ দেখা যায়?
মুখৰ সংক্ৰমণৰ লক্ষণসমূহ কি কি? সবিশেষ জানক