শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

স্বদেশত উপস্থিত আমেৰিকাৰ পৰা বিতাড়িত ভাৰতীয়ৰ আন এটা গোটঃ পানামাৰ পৰা স্বদেশলৈ ১২ ভাৰতীয়

অনুপ্ৰৱেশকাৰীৰ বিপক্ষে ড’নাল্ড ট্ৰাম্প চৰকাৰৰ কঠোৰ স্থিতিৰ পিছত স্বদেশত উপস্থিত হৈছে বিতাড়িত ভাৰতীয়ৰ চতুৰ্থটো গোট। আমেৰিকাই পানামালৈ বিতাড়িত কৰা ১২ জন ভাৰতীয় নাগৰিক দেওবাৰে নিশা লেটিন আমেৰিকান দেশখনৰ পৰা ভাৰতলৈ উভতি আহে।

স্বদেশত উপস্থিত আমেৰিকাৰ পৰা বিতাড়িত ভাৰতীয়ৰ আন এটা গোটঃ পানামাৰ পৰা স্বদেশলৈ ১২ ভাৰতীয়
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Updated On: 24 Feb 2025 07:17 AM

দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে প্ৰতিশ্ৰুতি অনুসৰিয়েই অনুপ্ৰৱেশকাৰীৰ বিপক্ষে কঠোৰ হৈ পৰিছে ড’নাল্ড ট্ৰাম্প। ট্ৰাম্প চৰকাৰৰ কঠোৰ স্থিতিৰ পিছত স্বদেশত উপস্থিত হৈছে বিতাড়িত ভাৰতীয়ৰ চতুৰ্থটো গোট। আমেৰিকাই পানামালৈ বিতাড়িত কৰা ১২ জন ভাৰতীয় নাগৰিক দেওবাৰে নিশা লেটিন আমেৰিকান দেশখনৰ পৰা ভাৰতলৈ উভতি আহে। দেওবাৰ নিশা বিতাড়িত এই লোকসকল বিশেষ বিমানেৰে নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে। আমেৰিকাৰ পৰা বিতাড়নৰ পিছত পানামাৰ পৰা উভতি অহা ভাৰতীয়ৰ এয়া প্ৰথমটো গোট।

কিছুদিন পূৰ্বে আমেৰিকাই ২৯৯ জন অনুপ্ৰৱেশকাৰীক লেটিন আমেৰিকান দেশ পানামালৈ বিতাড়িত কৰা হৈছিল। পানামালৈ বিতাড়িত অনুপ্ৰৱেশকাৰীসকলৰ ভিতৰত এই ১২ জন ভাৰতীয়ও আছিল বুলি অনুমান কৰা হৈছে। ইয়াৰ পূৰ্বে যোৱা ৫, ১৫ আৰু ১৬ ফেব্ৰুৱাৰীত ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ তিনিটা গোটক আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছিল। স্বদেশত উপস্থিত হৈছিল বিতাড়িত প্ৰায় ৩৩২ জন ভাৰতীয় নাগৰিক।

কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, আমেৰিকাৰ পৰা পানামালৈ বিতাড়ন কৰা ১২ জন ভাৰতীয় নাগৰিকক লৈ এখন বিমান দেওবাৰে নিশা নতুন দিল্লীৰ ইন্দিৰা গান্ধী বিমানবন্দৰত উপস্থিত হয়। আমেৰিকাৰ পৰা প্ৰায় ২৯৯ জন অপ্ৰব্ৰজনকাৰীক পানামালৈ বিতাড়িত কৰাৰ পিছত লেটিন আমেৰিকান দেশখনৰ পৰা উভতি পঠোৱা এইটোৱেই হৈছে প্ৰথমটো ভাৰতীয় গোট। পানামা আৰু কোষ্টা ৰিকাই আমেৰিকাৰ সৈতে মিলি বিতাড়িত প্ৰব্ৰজনকাৰীসকলক ঘূৰাই পঠোৱাৰ ব্যৱস্থা কৰিছে।

এই প্ৰচেষ্টাৰ অংশ হিচাপে আমেৰিকাই এছিয়াৰ বিভিন্ন দেশৰ নথি-পত্ৰবিহীন অনুপ্ৰৱেশকাৰীক স্থানান্তৰিত কৰিছে। দেওবাৰে নিশা এই ১২ জন ভাৰতীয় নাগৰিকে টাৰ্কিছ এয়াৰলাইন্সৰ বিমানেৰে ইস্তানবুল হৈ দিল্লীত উপস্থিত হৈছে। ইয়াৰে ৪ জন পঞ্জাৱৰ, ৫ জন হাৰিয়ানাৰ আৰু ৩ জন উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে। পানামালৈ বিতাড়ন কৰা ২৯৯ জন লোকৰ ভিতৰত কিমানজন ভাৰতীয় আছিল সেই বিষয়ে এতিয়াও নিশ্চিত তথ্য প্ৰকাশ পোৱা নাই।

পানামাৰ ৰাষ্ট্ৰপতি জোচে ৰাউল মুলিনোৱে পানামা নিৰ্বাসিত লোকসকলৰ বাবে ‘সেতু দেশ’ হিচাপে পৰিগণিত হ’ব বুলি সন্মতি দিয়াৰ পিছত যোৱা সপ্তাহত তিনিখন বিমানেৰে পানামাত উপস্থিত হৈছিল আমেৰিকাৰ পৰা বিতাড়িত লোকসকল। ইয়াৰ পিছতে শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পানামালৈ বিতাড়িত লোকসকল ভাৰতীয় নাগৰিক হয় নে নহয় সেই বিষয়ে তদন্ত কৰি আছে বুলি প্ৰকাশ কৰিছিল।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে এই সন্দৰ্ভত এক বিবৃতি যোগে পানামালৈ বিতাড়িত লোকসকলৰ প্ৰমাণীকৰণ সম্পূৰ্ণ হ’লে ভাৰতীয় নাগৰিকসকলক স্বদেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰিছিল। মন্ত্ৰালয়ৰ এই নিশ্চিতি অনুসাৰেই দেওবাৰে সন্ধিয়া ১২ জন ভাৰতীয় লোকক স্বদেশলৈ ঘূৰাই অনা হৈছে।