5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বিদ্যালয়ৰ পৰা উভতাৰ পথতেই ছাত্ৰীৰ লগত জঘন্য কাণ্ড ২ পাষাণৰ…

২ অভিযুক্তৰ নাম দানিশ আৰু আমিন। এই সমগ্ৰ ধৰ্ষণ কাণ্ডৰ ফটো, ভিডিঅ' ২ যুৱকে মোবাইলত আৱদ্ধ কৰি লয় আৰু কাৰোবাক এই বিষয়ে ক'লে ভাইৰেল কৰাৰ ভাবুকি দিয়ে।  কিশোৰীগৰাকীক দুই যুৱকে মাৰপিটো কৰে। পৰৱৰ্তী সময়ত দানিশ আৰু আমিনে কিশোৰীগৰাকীৰ চলন্ত গাড়ীৰ পৰা পেলাই থৈ পলায়ন কৰে। 

বিদ্যালয়ৰ পৰা উভতাৰ পথতেই ছাত্ৰীৰ লগত জঘন্য কাণ্ড ২ পাষাণৰ…
প্ৰতীকি ফটো
Follow Us
barasha-sarma
Barasha Sarma | Published: 24 Sep 2024 16:13 PM

দেশত প্ৰতিদিনেই বৃদ্ধি পাই আহিছে নাৰীজনিত ঘটনা। ঘৰ , বিদ্যালয়, ৰাস্তা- পথ আদি কোনো ঠাইতে যেন সুৰক্ষিত নহয় নাৰী। প্ৰশ্ন হয়, আৰু কিমান আধুনিক হ’লে একাংশ মানুহে নাৰীক সন্মান কৰিব? কেতিয়া নিজক কু- চিন্তা ধাৰাৰ পৰা আঁতৰত ৰাখিব? শিশুৰ পৰা বৃদ্ধালৈকে কোনো যে এই পৃথিৱীত সুৰক্ষিত নহয়। এনে এক জঘন্য ঘটনাই পুনৰ পোহৰলৈ আহিছে য’ত পঞ্চম  শ্ৰেণীৰ এগৰাকী ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰে ২ পাষাণে। ইমানেই নহয়, ধৰ্ষণ কাণ্ড সংঘটিত কৰি কিশোৰীগৰাকীক ৰাজপথত পেলাই থৈ যায় দুয়ো।

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ পথতেই এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ লগত দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হয়। অভিযোগ অনুসৰি ২ যুৱকে প্ৰথমে কিশোৰীগৰাকীৰ বেগটো টানি নিয়ে আৰু পাছত বলপূৰ্বকভাৱে গাড়ীত বহাই হোটেললৈ লৈ যায়। সেই হোটেলখনতেই দুই যুৱকে কিশোৰীগৰাকীৰ লগত দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত কৰে। এই জঘন্য ঘটনা সংঘটিত কৰি দুই যুৱকে কিশোৰীগৰাকীক ঘৰৰ ওচৰলৈ নি চলন্ত গাড়ীৰ পৰা পেলাই থৈ পলায়ন কৰে। পৰৱৰ্তী সময়ত কিশোৰীগৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত পৰিয়ালক অৱগত কৰে।

ছাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিতেই তেওঁৰ পিতৃয়ে আৰক্ষী থানাত গৈ এজাহাৰ দাখিল কৰে। বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। দুই অভিযুক্তৰ এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও আন এজন পলাতক অৱস্থাত আছে। এই ঘটনা সৰজোনী নগৰৰ। অভিযোগ অনুসৰি যুৱক দুজনে কিশোৰীগৰাকীৰ অশ্লীল ফটো তোলাৰ লগতে ভিডিঅ’ও প্ৰস্তুত কৰিছে।

সেই ফটো, ভিডিঅ’ দেখুৱাই দুই যুৱকে কিশোৰীগৰাকীক ভয় খুৱাইছিল যে কাৰোবাৰ আগত ঘটনাৰ বিষয়ে অৱগত কৰিলে সেয়া ভাইৰেল কৰি দিব। ভুক্তভোগীৰ পিতৃয়ে কয় যে, তেওঁৰ কন্যাৰ বয়স ১৪ বছৰ আৰু পঞ্চম শ্ৰেণীত অধ্যয়ন কৰে। কিন্তু সোমবাৰে কিশোৰীগৰাকী বিদ্যালয়ৰ পৰা উভতাৰ পথত সংঘটিত হয় এক জঘন্য ঘটনা। চাৰিচকীয়া বাহনত আহি থকা দুই যুৱকে কিশোৰীগৰাকীক ৰখাই গাড়ীত বলপূৰ্বকভাৱে বহাই হোটেললৈ লৈ যায়। পেৰাডাইজ শান্তি নামৰ হোটেলখনলৈ নি তাতেই দুই যুৱকে দলবদ্ধ ধৰ্ষণ কৰে।

এই ২ অভিযুক্তৰ নাম দানিশ আৰু আমিন। এই সমগ্ৰ ধৰ্ষণ কাণ্ডৰ ফটো, ভিডিঅ’ ২ যুৱকে মোবাইলত আৱদ্ধ কৰি লয় আৰু কাৰোবাক এই বিষয়ে ক’লে ভাইৰেল কৰাৰ ভাবুকি দিয়ে।  কিশোৰীগৰাকীক দুই যুৱকে মাৰপিটো কৰে। পৰৱৰ্তী সময়ত দানিশ আৰু আমিনে কিশোৰীগৰাকীৰ চলন্ত গাড়ীৰ পৰা পেলাই থৈ পলায়ন কৰে।

আৰক্ষীয়ে জনাই যে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। এজন অভিযুক্ত বৰ্তমান পলাতক অৱস্থাত আছে। ঘটনা সংঘটিত হোৱা হোটেলখনৰ চিচিটিভি ফুটেজো পৰীক্ষা কৰিছে আৰক্ষীয়ে। তদন্তৰ অন্তত এই ঘটনাৰ আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱণা আছে।

Latest News