শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মাত্ৰ ৭ দিনত ২৩ পুৰুষৰ জিঘাংসাৰ বলি! ১৯ বৰ্ষীয় কিশোৰীৰ চাঞ্চল্যকৰ অভিযোগত কঁপিছে দেশ

১৯ বৰ্ষীয় এগৰাকী যুৱতীয়ে তোলা চাঞ্চল্যকৰ অভিযোগে জোকাৰি তুলিছে সমগ্ৰ দেশ। এসপ্তাহ পূৰ্বে নিৰুদ্দেশ হোৱা এই যুৱতীগৰাকী সাতদিন পিছত যেতিয়া ঘৰলৈ উভতি আহে, তেওঁ প্ৰকাশ কৰা শিহৰণকাৰী ঘটনাই স্তম্ভিত কৰি তোলে সকলোকে। যুৱতীগৰাকীৰ অভিযোগ, নিৰুদ্দিষ্ট হৈ থকা এই ৭টা দিনত তেওঁ ২৩জন লোকৰ ধৰ্ষণৰ বলি হৈছিল।

মাত্ৰ ৭ দিনত ২৩ পুৰুষৰ জিঘাংসাৰ বলি! ১৯ বৰ্ষীয় কিশোৰীৰ চাঞ্চল্যকৰ অভিযোগত কঁপিছে দেশ
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Updated On: 08 Apr 2025 18:00 PM

দেশত শেহতীয়া সময়ছোৱাত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ধৰ্ষণৰ দৰে ঘটনা। প্ৰায় প্ৰতিদিনেই ধৰ্ষণৰ অভিযোগৰ খবৰ পোহৰলৈ আহিছে। ইয়াৰ মাজতে ১৯ বৰ্ষীয় এগৰাকী যুৱতীয়ে তোলা চাঞ্চল্যকৰ অভিযোগে জোকাৰি তুলিছে সমগ্ৰ দেশ। এসপ্তাহ পূৰ্বে নিৰুদ্দেশ হোৱা এই যুৱতীগৰাকী সাতদিন পিছত যেতিয়া ঘৰলৈ উভতি আহে, তেওঁ প্ৰকাশ কৰা শিহৰণকাৰী ঘটনাই স্তম্ভিত কৰি তোলে সকলোকে। যুৱতীগৰাকীৰ অভিযোগ, নিৰুদ্দিষ্ট হৈ থকা এই ৭টা দিনত তেওঁ ২৩জন লোকৰ ধৰ্ষণৰ বলি হৈছিল। ইতিমধ্যে আৰক্ষীয়ে ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ৬জন লোকক গ্ৰেপ্তাৰ কৰিছে।

এই ঘটনা উত্তৰ প্ৰদেশৰ বাৰানসীৰ। প্ৰকাশিত খবৰ অনুসৰি, যোৱা ২৯ মাৰ্চত নিৰুদ্দেশ হৈছিল যুৱতীগৰাকী। ইয়াৰ পিছত যোৱা ৪ এপ্ৰিলত যুৱতীগৰাকী ঘৰলৈ উভতি আহে আৰু পৰিয়ালৰ আগত এই চাঞ্চল্যকৰ ঘটনাৰ বিষয়ে অৱগত কৰে। ইয়াৰ পিছতে পৰিয়ালে স্থানিয় আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। বিগত ৭ দিন বন্দী কৰি ৰখাৰ লগতে ২৩ জন পুৰুষে একাধিকবাৰ যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগত উল্লেখ কৰিছে যুৱতীগৰাকীয়ে।

এই সন্দৰ্ভত এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই সদৰী কৰা মতে, পৰিয়ালটোৰ অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৭০(১), ৭৪, ১২৩, ১২৬(২), ১২৭(২), ৩৫১(২) ধাৰাত ২৩জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। প্ৰাৰম্ভিক তদন্তৰ অন্তত ছয়জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও আৰক্ষী বিষয়াগৰাকীয়ে সদৰী কৰে আৰু আন অভিযুক্তৰ সন্ধান অব্যাহত আছে বুলি জানিবলৈ দিয়ে।

যুৱতীগৰাকীৰ মাতৃয়ে জানিবলৈ দিয়া মতে, যোৱা ২৯ মাৰ্চত যুৱতীগৰাকী বন্ধুৰ ঘৰলৈ গৈছিল। উভতি অহাৰ পথতে এগৰাকী অভিযুক্তই তেওঁৰ কন্যাই অভিযুক্তক গাড়ীত বহুৱাই নিজৰ এখন কেফেলৈ লৈ যায় আৰু গোটেই ৰাতি ধৰ্ষণ কৰে বুলি মহিলাগৰাকীয়ে উল্লেখ কৰে। ইয়াৰ পিছত ৩০ মাৰ্চত যুৱতীগৰাকীক আন দুই অভিযুক্তই বাইকত উঠাই বলপূৰ্বকভাৱে লৈ যায় আৰু ধৰ্ষণ কৰে বুলি তেওঁ লগতে কয়।

ইমানতে অন্ত নপৰিল এই আতিশয্য। ৩১ মাৰ্চত পুনৰ আন পাঁচ অভিযুক্তই যুৱতীগৰাকীক মালদহিয়াৰ এখন কেফেলৈ লৈ যায় আৰু দলবদ্ধ ধৰ্ষণ কৰে বুলি মহিলাগৰাকীয়ে লগতে কয়। আনহাতে ১ এপ্ৰিলত পাঁচ অভিযুক্তৰ ভিতৰত দুজনে যুৱতীগৰাকীক এখন হোটেললৈ লৈ যায়। ইতিমধ্যে তাত আৰু ৩ জন লোক উপস্থিত আছিল। সেই স্থানতো এগৰাকী অচিনাকি ব্যক্তিয়ে মহিলাগৰাকীক ধৰ্ষণ কৰে।

অভিযোগ অনুসৰি হোটেলৰ পৰা ওলাই অহাৰ পিছত আন এজন অভিযুক্তই বলপূৰ্বকভাৱে আন এখন হোটেললৈ লৈ যায় যুৱতীগৰাকীক। এই অভিযুক্তয়ো ধৰ্ষণ কৰাৰ পিছত যুৱতীগৰাকীক বাহিৰত এৰি গুচি যায়। পিছত পাঁচ অভিযুক্তৰ ভিতৰত তিনিজনে যুৱতীগৰাকীক ঔৰংগাবাদৰ এটা গুদামলৈ লৈ যায় আৰু তাতেই বন্দী কৰি ৰাখে। সেই স্থানতে আন এজন অভিযুক্তই যুৱতীগৰাকীক ধৰ্ষণ কৰে।

তাৰ পাছত আৰু দুজন লোকে যুৱতীগৰাকীক এটা কোঠালৈ লৈ গৈ ধৰ্ষণ কৰে বুলি অভিযোগত প্ৰকাশ। যুৱতীগৰাকীয়ে সেই স্থানৰ পৰা কোনোমতে পলায়ন কৰে যদিও আন দুজন অভিযুক্তই তেওঁৰ অজ্ঞাতে ড্ৰাগছ মিহলি নুডলছ খুৱায় আৰু তাৰ পিছত ধৰ্ষণ কৰি আছি ঘাটত পেলাই থৈ যায়। এই ঘটনাৰ পিছত ৩ এপ্ৰিলত যুৱতীগৰাকী বন্ধুৰ ঘৰলৈ যায়। কিন্তু ড্ৰাগছৰ নিচাত থকা অৱস্থাতে সন্ধিয়া তিনি অভিযুক্তই পুনৰ সাক্ষাৎ কৰে ভুক্তভোগীক।

ইয়াৰ পিছতে পুনৰ হোটেললৈ লৈ গৈ ড্ৰাগছ সেৱন কৰাই ধৰ্ষণ কৰে। সাত দিনৰ পিছত যোৱা ৪ তাৰিখে ঘৰলৈ উভতি আহে যুৱতীগৰাকী। প্ৰথমে ভুক্তভোগীৰ পৰিয়ালে আৰক্ষীৰ ওচৰলৈ গৈ নিৰুদ্দেশৰ অভিযোগ দাখিল কৰিছিল যদিও পিছত মাতৃৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰি অভিযুক্তৰ ৬ জনক গ্ৰেপ্তাৰ কৰা হয়। আন অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে।