5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

৩০ ডিচেম্বৰ, ভাৰতৰ মাটিত প্ৰথমবাৰৰ বাবে নেতাজীয়ে উত্তোলন কৰিছিল ত্ৰিৰংগা, জানক ইতিহাস

আজি প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এটা বিশেষ দিন। আজিৰ দিনটোতেই প্ৰথমবাৰৰ বাবে নেতাজী সুভাষ চন্দ্ৰ বসুয়ে ভাৰতৰ মাটিত উত্তোলন কৰিছিল ত্ৰিৰংগা।

৩০ ডিচেম্বৰ, ভাৰতৰ মাটিত প্ৰথমবাৰৰ বাবে নেতাজীয়ে উত্তোলন কৰিছিল ত্ৰিৰংগা, জানক ইতিহাস
1st Tri Colour Hosting In India NetajiImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 30 Dec 2024 10:31 AM

প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে বিশেষ আজিৰ দিনটো। কিয়নো এই দিনটোতেই প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত উৰিছিল ৰাষ্ট্ৰীয় পতাকা। ১৯৪৩ চনৰ ২৯ ডিচেম্বৰত নেতাজী সুভাষ চন্দ্ৰ বসুয়ে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পোৰ্ট ব্লেয়াৰত উপস্থিত হৈছিল। ৩ দিনিয়ী যাত্ৰাৰ বাবে আন্দমানত উপস্থিতি হোৱা নেতাজীয়ে ৩০ ডিচেম্বৰত জিমখানা গ্ৰাউণ্ডত ৰাষ্ট্ৰীয় পতাকা উৰুৱাইছিল। এই ঘটনাৰ আজি ৮১ বছৰ হ’ল। উল্লেখ কৰা প্ৰয়োজন যে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৪২ চনৰ পৰা ১৯৪৫ চনলৈ জাপানে এই দ্বীপ দখল কৰি ৰাখিছিল। ২৯ ডিচেম্বৰত তেওঁলোকে সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ চৰকাৰক এই দ্বীপ গতাই দিছিল যদিও প্ৰকৃত  নিয়ন্ত্ৰণ জাপানৰ ওচৰত আছিল।

প্ৰথমে ডাচ, পাছত ব্ৰিটিছ, আৰু পাছ জাপানৰ দখল

এই দ্বীপটো প্ৰথমে হোলেণ্ডে দখল কৰিছিল। পাছত ইয়াৰ ওপৰত ব্ৰিটিছ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানীসকলে ইয়াক দখল কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপান যেতিয়া পৰাস্ত হৈছিল তেতিয়া পুনৰ ব্ৰিটেইনৰ হাতলৈ গৈছিল।

শ্বহীদ দ্বীপ

১৯৪৩ চনৰ ৩০ ডিচেম্বৰত নেতাজী সুভাষ চন্দ্ৰ বসুয়ে এই দ্বীপত ত্ৰিৰংগা উৰুৱাইছিল লগতে আন্দমানৰ নাম শ্বহীদ আৰু নিকোবৰৰ নাম স্বৰাজ ৰাখিছিল। সেই সময়ত কংগ্ৰেছে গ্ৰহণ কৰা ত্ৰিৰংগা সুভাষ চন্দ্ৰ বসুয়ে উত্তোলন কৰিছিল। ইয়াৰ পিছত আজাদ হিন্দ চৰকাৰে ইয়াত জেনেৰেল লোকনাথনক ৰাজ্যপাল হিচাপে নিযুক্তি দিছিল। এই সমগ্ৰ ঘটনাক্ৰমৰ পাছত ১৯৪৭ চনত যেতিয়া ব্ৰিটিছ চৰকাৰৰ পৰা ভাৰত চৰকাৰ স্বাধীন হয় তেতিয়া ইয়াক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হয়।

নেতাজীয়ে ইয়াৰ পূৰ্বে নেতাজীয়ে জাপান আৰু ছিংগাপুৰত ভাষণ দি কৈছিল যে, বছৰৰ শেষৰ ফালে আজাহ হিন্দ ফৌজে ভাৰতৰ মাটিত ভৰি দিব। যেতিয়া তেওঁ প’ৰ্ট ব্লেয়াৰত উপস্থিত হৈছিল তেতিয়া সেই সময়ত চেলুলাৰ জেলত এসময়ত বন্দী হৈ থকা ভাৰতীয় বিপ্লৱী তথা শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনায়।

কি কৈছিল

আন্দামানত ভাৰতীয় ত্ৰিৰংগা উত্তোলন কৰাৰ সময়ত সুভাষ চন্দ্ৰ বসু ৩ দিন এই ঠাইত আছিল। তাৰ পাছত ১ জানুৱাৰীত ছিংগাপুৰলৈ যায় আৰু তাত ভাষণ দি কয় যে, আজাদ হিন্দ ফৌজে ভাৰতত বিপ্লৱৰ সৈতে শিখা জ্বলাব য’ত ব্ৰিটছ সাম্ৰাজ্য জ্বলি ছাই হৈ যাব। অন্তৱৰ্তীকালীন আজাদ হিন্দ চৰকাৰ, যাৰ অধীনত আন্দামান নিকোবৰ দ্বীপপুঞ্জ আছে আৰু ইয়াত জাৰ্মানী, জাপান আদিকে ধৰি ৯ খন দেখে স্বীকৃতি প্ৰদান কৰিছে। সেই সকলোৱে আমাৰ সেনাবাহিনীক পূৰ্ণ সমৰ্থন আগবঢ়াইছে।

সুভাষ চন্দ্ৰ বসুৰ নামত দ্বীপ

আন্দামান নিকোবৰ দ্বীপপুঞ্জত সুভাষ চন্দ্ৰ বসুৰ নামত এটা দ্বীপ আছে। ৰাস নামৰ এটা দ্বীপক সুভাষ চন্দ্ৰ বসু দ্বীপ বুলিও জনা যায়। এই দ্বীপটো প্ৰায় ২০০ একৰ মাটিত বিস্তৃত হৈ আছে। বহু পক্ষীৰ আৱাসস্থলী এই দ্বীপ।

Latest News