5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

IED blast in Chhattisgarh : ছত্তীশগড়ত পুনৰ নক্সালবাদীৰ লেণ্ডমাইন বিস্ফোৰণত শ্বহীদ দুজন জোৱান…

নক্সালবাদীৰ লেণ্ডমাইন বিস্ফোৰণত শ্বহীদ হ’ল ভাৰত-তিব্বতী সীমান্ত আৰক্ষীৰ দুজন জোৱান। ইয়াৰ লগতে এই ঘটনাত আন দুজন আৰক্ষীৰ জোৱান আহত হোৱাৰ খবৰ লাভ কৰা গৈছে ।

IED blast in Chhattisgarh : ছত্তীশগড়ত পুনৰ নক্সালবাদীৰ লেণ্ডমাইন বিস্ফোৰণত শ্বহীদ দুজন জোৱান…
নক্সালবাদীৰ লেণ্ডমাইন বিস্ফোৰণত শ্বহীদ দুজন জোৱান
manas-borah
Manas Borah | Updated On: 20 Oct 2024 07:08 AM

শনিবাৰে ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাত নক্সালবাদীৰ দ্বাৰা এক ডাঙৰ ঘটনা সংঘটিত হয় । নক্সালবাদীৰ লেণ্ডমাইন বিস্ফোৰণত শ্বহীদ হ’ল ভাৰত-তিব্বতী সীমান্ত আৰক্ষীৰ দুজন জোৱান। ইয়াৰ লগতে এই ঘটনাত আন দুজন আৰক্ষীৰ জোৱান আহত হোৱাৰ খবৰ লাভ কৰা গৈছে । বাস্তৰ অঞ্চলৰ আৰক্ষী মহাপৰিদৰ্শক সুন্দৰৰাজ পিয়ে জনোৱা মতে, আইটিবিপিৰ ৫৩ নং বেটেলিয়নৰ দুজন জোৱান নক্সালবাদীৰ লেণ্ডমাইন বিস্ফোৰণত শ্বহীদ হৈছে ।

জানিব পৰা মতে,মহাৰাষ্ট্ৰৰ সতৰাৰ বাসিন্দা অমৰ পাৱাৰ  (৩৬) আৰু অন্ধ্ৰ প্ৰদেশৰ কদপ্পাৰ বাসিন্দা কে ৰাজেশ (৩৬) এই লেণ্ডমাইন বিস্ফোৰণত শ্বহীদ হয় । নাৰায়ণপুৰ জিলাৰ কোদালিয়াৰ গাঁৱৰ সমীপৰ এখন জংঘলত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । উল্লেখ্য যে,নিৰাপত্তাৰক্ষীৰ এটা যৌথ দলে নক্সাল বিৰোধী অভিযান আৰম্ভ কৰাৰ সময়তে এই ঘটনা সংঘটিত হৈছে ।

এই ঘটনাত আহত আৰক্ষী জোৱান কেইজনক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হয় আৰু ৰায়পুৰৰ নাৰায়ণ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চলিত বৰ্ষত বস্তৰ সংমণ্ডলৰ ৭ খন জিলাৰ বিভিন্ন স্থানত নক্সালবাদীৰ দ্বাৰা সংঘটিত হোৱা ঘটনাত এই পৰ্যন্ত ১৭ জন আৰক্ষী জোৱান নিহত হৈছে। ইয়াৰ উপৰিও এই সময়ছোৱাত সংমণ্ডলটোত সংঘৰ্ষৰ পিছত নিৰাপত্তা বাহিনীয়ে ১৮৯ জন নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ কৰিছে।

লেণ্ডমাইন বিস্ফোৰণৰ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে। তেওঁ কয় যে, ছত্তীশগড়ৰ নাৰায়ণপুৰত নক্সালবাদী আক্ৰমণত আমাৰ বীৰ আই টি বি পি জোৱানৰ শ্বহীদ হোৱাৰ খবৰটো অত্যন্ত দুখজনক। শ্বহীদ জোৱান সকলৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। তেওঁলোকৰ ত্যাগক দেশে সদায় মনত ৰাখিব।

Latest News