শোকাৱহ! নলা নিৰ্মাণ কৰি থকাৰ সময়তে খহি পৰিল মাটি, দুই শ্ৰমিকৰ মৃত্যু | 2 laborers died 1 injured in Uttar Pradesh Unnao accident Assam news - Assam Tv9

শোকাৱহ! নলা নিৰ্মাণ কৰি থকাৰ সময়তে খহি পৰিল মাটি, দুই শ্ৰমিকৰ মৃত্যু

উত্তৰ প্ৰদেশৰ উন্নাওত নিৰ্মীয়মান ফ’ৰ লাইনৰ কাষত নলা নিৰ্মাণৰ কাম কৰি থকাৰ সময়তে দমাই থোৱা মাটি খহি পৰাৰ ফলত কৰুণ মৃত্যুক সাবটি লৈছে দুগৰাকী শ্ৰমিকে। দুৰ্ঘটনাত লগতে আন এগৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে। আহত শ্ৰমিকজন সম্প্ৰতি জিলা চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে বুলি জানিবলৈ দিয়ে স্থানীয় প্ৰশাসনিক বিষয়াই।

শোকাৱহ! নলা নিৰ্মাণ কৰি থকাৰ সময়তে খহি পৰিল মাটি, দুই শ্ৰমিকৰ মৃত্যু

ঘটনাস্থলীত লগে লগে চলোৱা হয় উদ্ধাৰ অভিযান

Published: 

21 Oct 2024 11:13 AM

উত্তৰ প্ৰদেশৰ উন্নাও জিলাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। ফ’ৰ লাইনৰ কাষত নলা নিৰ্মাণৰ কাম কৰি থকাৰ সময়তে সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাবটি লৈছে দুগৰাকী শ্ৰমিকে। দুৰ্ঘটনাত লগতে আন এগৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে। আহত শ্ৰমিকজনক উদ্ধাৰ কৰি লগে লগে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু সম্প্ৰতি শ্ৰমিকজন চিকিৎসাধীন অৱস্থাত আছে বুলি জানিবলৈ দিয়ে স্থানীয় প্ৰশাসনিক বিষয়াই। নিৰ্মাণস্থলীত দমাই থোৱা মাটি খহি পৰাৰ ফলত এই ভয়ানক দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি উন্নাও-লালগঞ্জ ঘাইপথৰ চিকন্দৰপুৰ কৰ্ণাৰ সমীপত দেওবাৰে চলি আছিল নলা নিৰ্মাণৰ কাম। শ্ৰমিকসকলে কাম কৰি থকাৰ সময়তে দমাই থোৱা মাটিৰ এটা বিশাল অংশ তললৈ খহি পৰে। ইয়াৰ ফলত তিনিজন লোক এই খহি পৰা মাটিৰ তলত সোমাই পৰে। এই দুৰ্ঘটনাৰ পিছত তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলোৱা হয় আৰু মাটিৰ তলৰ পৰা শ্ৰমিককেইজনক উদ্ধাৰ কৰা হয়।

তিনিওজনকে লগে লগে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছতে ইয়াৰে দুগৰাকী শ্ৰমিকক চিকিৎসকে মৃত ঘোষণা কৰে। আনহাতে গুৰুতৰভাৱে আহত আনজন শ্ৰমিক সম্প্ৰতি চিকিৎসাধীন হৈ আছে। জানিব পৰা মতে উন্নাও-লালগঞ্জ ঘাইপথত চলি থকা এই ফ’ৰ লেন নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে। দেওবাৰে ঘাইপথৰ কাষৰ নলাত পাইপলাইন বহুওৱাৰ কাম চলি আছিল।

সেই সময়তে নলাটোত কাম কৰি থকা শ্ৰমিককেইজনৰ ওপৰত মাটিখিনি খহি পৰে। শ্ৰমিক তিনিজন মাটিৰ তলত আৱদ্ধ হৈ পৰাৰ পিছতে ঘটনাস্থলীতে থকা জেচিবিৰ সহায়ত লগে লগে উদ্ধাৰ অভিযান চলোৱা হয়। তেওঁলোকৰ ওপৰত পৰি থকা মাটিখিনি জেচিবিৰ সহায়ত আঁতৰাই তলৰ পৰা শ্ৰমিক তিনিজনক টানি উলিয়াই আনে আৰু লগে লগে তেওঁলোকক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

জিলা চিকিৎসালয়ত চিকিৎসাৰ সময়তে দুগৰাকী শ্ৰমিকৰ মৃত্যু হয়। নিহত শ্ৰমিক দুজনক বাৰাবংকীৰ শিৱকুমাৰ আৰু অবধৰাম বুলি চিনাক্ত কৰা হৈছে। আনহাতে আহত জোৱানজন ৰায়ে বৰেলী জিলাৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে। স্থানীয় এগৰাকী আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত ঘটনা সন্দৰ্ভত তথ্য প্ৰকাশ কৰি কয় যে দেওবাৰে সন্ধিয়া এই দুৰ্ঘটনা সংঘটিত হয়।

ইতিমধ্যে নিহত শ্ৰমিক দুজনৰ পৰিয়ালক এই ঘটনাৰ বিষয়ে অৱগত কৰা হৈছে আৰু দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষী বিষয়াজনে লগতে সদৰী কৰে। ইফালে এই দুৰ্ঘটনা নিহত লোক দুজনৰ পৰিয়ালত শকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। সমান্তৰালকৈ নিৰ্মাণ খণ্ডত শ্ৰমিকৰ নিৰাপত্তা ব্যৱস্থাক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে।

শৰীৰত কেনেকৈ হয় কৰ্কট ৰোগৰ আৰম্ভণি...
নিউজিলেণ্ড শৃংখলাৰ পৰা বাহিৰ হ’ব নেকি ঋষভ পণ্ট! ৰোহিত শৰ্মাই দিলে এনে ইংগিত
ঘৰৰ এই দিশত নাৰাখিব ঝাড়ু, জুৰুলা কৰিব আৰ্থিক সমস্যাই
এই ৪ ৰাশিৰ যুৱকে কেতিয়াও নকৰে বিশ্বাসঘাটকতা, সদায় পত্নীক ৰাখে সুখত...