5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

হিন্দু যুৱতীৰ লগত প্ৰেম! হাড় ভাঙি, গোপন অংগ নষ্ট কৰি মৃতদেহ খুৱালে কুকুৰক, ডাউদ পলাতক

যেতিয়া আৰক্ষীয়ে যশশ্ৰীৰ মৃতদেহ উদ্ধাৰ কৰিছিল তেতিয়া মৃতদেহটোৰ অৱস্থা ইমানেই বেয়া আছিল যে চিনাক্ত কৰিব পৰা অৱস্থাত নাছিল। যশশ্ৰীৰ কাপোৰ ফাটি যোৱা অৱস্থাত আছিল। গোপন অংগ নষ্ট কৰি পেলোৱাৰ লগতে দেহত কেইবাটাও অংগত আঘাতৰ চিন স্পষ্ট আছিল।  আনকি কুকুৰেও মৃতদেহটো খাইছিল।

হিন্দু যুৱতীৰ লগত প্ৰেম! হাড় ভাঙি, গোপন অংগ নষ্ট কৰি মৃতদেহ খুৱালে কুকুৰক, ডাউদ পলাতক
ডাউদ- যশশ্ৰী
barasha-sarma
Barasha Sarma | Published: 29 Jul 2024 14:08 PM

কিমান নৃশংস হ’লে মানুহে আপোনকজনক হত্যা কৰিব পাৰে?  কিমান পাষাণ হ’লে এজন প্ৰেমিকে মৰিয়াই মৰিয়াই, গোপন অংগত প্ৰহাৰ কৰি হত্যা কৰিব পাৰে প্ৰেমিকাক?  এনে এক ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ নবী মুম্বাইত। যশশ্ৰী নামৰ যুৱতীগৰাকীক তেওঁৰ প্ৰেমিক ডাউদ শেইখে অতি নৃশংসভাৱে হত্যা কৰে। যেতিয়া আৰক্ষীয়ে যশশ্ৰীৰ মৃতদেহ উদ্ধাৰ কৰিছিল তেতিয়া মৃতদেহটোৰ অৱস্থা ইমানেই বেয়া আছিল যে চিনাক্ত কৰিব পৰা অৱস্থাত নাছিল। যশশ্ৰীৰ কাপোৰ ফাটি যোৱা অৱস্থাত আছিল। গোপন অংগ নষ্ট কৰি পেলোৱাৰ লগতে দেহত কেইবাটাও অংগত আঘাতৰ চিন স্পষ্ট আছিল।  আনকি কুকুৰেও মৃতদেহটো খাইছিল।

২৭ জুলাই, ২০২৪ ত এটা ৰেল ষ্টেচনৰ সমীপৰ জোপোহাত উদ্ধাৰ হৈছিল অংগচ্ছেদ মৃতদেহ। কুকুৰে আধা খাই পেলাইছিল মৃতদেহটো।  উদ্ধাৰৰ পাছতেই মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতপোহৰলৈ আহে যে যুৱতীগৰাকীৰ লগত মাৰ পিট কৰা হৈছিল।দেহৰ বিভিন্ন অংশৰ হাড় ভাঙি দিয়া হৈছিল। শিলৰ দ্বাৰা গোপন অংগত আঘাত কৰিছিল অভিযুক্তই। ইয়াৰোপৰি চোকা অস্ত্ৰৰে কেইবাবাৰো প্ৰহাৰ কৰিছিল। যশশ্ৰীৰ চুলিও কটা অৱস্থাত আছিল। মৃতদেহটোৰ অৱস্থা দেখি আৰক্ষীয়ে বুজি পাইছিল যে অভিযুক্তই যশশ্ৰীক যথেষ্ঠ ঘৃণা কৰিছিল।

কিন্তু কি কাৰণে ডাউদে এনেদৰে হত্যা কৰিছিল যশশ্ৰীক?  এই প্ৰশ্নৰ উত্তৰৰ বাবে আমি যাব লাগিব ২০১৮ চনলৈ।  তেতিয়া ডাউদ এজন গাড়ী চালক আৰু যশশ্ৰী একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰী আছিল।

ডাউদে যশশ্ৰীক ভাল পাবলৈ আৰম্ভ কৰিছিল আৰু প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াব বিচাৰিছিল। এদিন ডাউদে কিশোৰীগৰাকীক বন্ধুত্বৰ প্ৰস্তাৱ দিছিল । সেই সময়ত যশশ্ৰীৰ বয়স আছিল ১৪ বছৰ। যশশ্ৰী আৰু ডাউদৰ মাজত ভাল বন্ধুত্ব গঢ়ি উঠিছিল। দুয়ো মাজে মাজে লগ কৰাৰ উপৰি  ফোনতো কথা পাতিছিল।

কিছুদিন পাছত ডাউদে প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু সেই প্ৰস্তাৱ গ্ৰহণ কৰিছিল যশশ্ৰীয়ে। ২০১৯ চনৰ কথা। ডাউদে এদিন যশশ্ৰীক নিজৰ ৰুমলৈ নিছিল আৰু তাতেই তেওঁলোকৰ মাজত শাৰীৰিক সম্পৰ্ক স্থাপন হৈছিল। যশশ্ৰী সলনি হ’বলৈ ধৰিছিল আৰু এই কথা লক্ষ্য কৰিছিল পৰিয়ালৰলোকে।

যশশ্ৰীৰ পৰিয়ালৰলোকে সন্তানৰ প্ৰেমৰ সম্পৰ্কৰ কথা জানিব পাৰিছিল। তেওঁলোকে নিজ কন্যাক ডাউদৰ পৰা আঁতৰত থাকিবলৈ কৈছিল যদিও যশশ্ৰীয়ে এয়া শুনা নাছিল। সেই সময়ত যশশ্ৰী দ্বাদশ শ্ৰেণীত পঢ়ি আছিল। যেতিয়া পিতৃ- মাতৃৰ কথা শুনা নাছিল তেতিয়া যশশ্ৰীৰ পৰিয়ালৰলোকে ডাউদৰ বিৰুদ্ধে কিশোৰীক যৌন নিৰ্যাতন কৰাৰ গোচৰ ৰুজু কৰিছিল।

সেই  গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ডাউদক। ইয়াকে লৈ ক্ষোভিত হৈ পৰিছিল ডাউদ। মনতে ঠিক কৰিছিল যে তেওঁ যশশ্ৰী আৰু পৰিয়ালৰ বিৰুদ্ধে প্ৰতিশোধ ল’ব। কিছুদিন পাছতে ডাউদ ওলাই আহিছিল জেলৰ পৰা।

ডাউদ আছিল মূলতঃ কৰ্ণাটকৰ। জেলৰ পৰা মুকলি হৈ প্ৰথমে তেওঁ কৰ্ণাটকৰ নিজৰ ঘৰলৈ যায়। তেতিয়া যশশ্ৰীয়ে বি.কম  সমাপ্ত কৰি এটা ব্যক্তিগত কোম্পানীত ডাটা এণ্ট্ৰি অপাৰেটৰ হিচাপে যোগদান কৰিছিল। ডাউডে যশশ্ৰীৰ সৈতে ফোনত যোগাযোগ কৰিছিল। যশশ্ৰীয়ে ডাউদক এৰাই চলিব পৰা নাছিল। যাৰ বাবে দুয়োৰে মাজত পুনৰ কথা- বতৰা আৰম্ভ হৈছিল।

দুয়োজনে যেন আকৌ এবাৰ প্ৰেমত পৰিছিল। ইয়াৰ মাজতে ডাউদে এদিন যশশ্ৰীক লগ কৰাৰ কথা কয়। ইয়াৰ বাবে তেওঁ কৰ্ণাটকৰ পৰা মুম্বাইলৈ আহে। ৫ বছৰৰ পিছত প্ৰেমিকক ল’ব পাব বুলি যথেষ্ঠ সুখী আছিল। কিন্তু এই কথা যুৱতীগৰাকীয়ে নিজৰ ঘৰত কোৱা নাছিল ।

২৫ জুলাই, ২০২৪ ৰ কথা। বন্ধু এজনক লগ কৰিবলৈ যাম বুলি কৈ পুৱা প্ৰায় ১০.৩০ বজাত যশশ্ৰীয়ে ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু তাৰ পাছত আৰু ঘৰলৈ ঘূৰি নাহিল যশশ্ৰী।  পৰিয়ালৰলোকে বিচাৰ- খোচৰ কৰিও যশশ্ৰীক বিচাৰি উলিয়াব পৰা নাছিল আৰু অৱশেষত আৰক্ষীৰ কাষ চাপিছিল। আৰক্ষীয়ে লগে লগে যশশ্ৰীক বিচাৰি অভিযান আৰম্ভ কৰিছিল।  ইয়াৰ পাছতেই উদ্ধাৰ হৈছিল যশশ্ৰীৰ মৃতদেহ। বৰ্তমান আৰক্ষীয়ে ডাউদৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ডাউদৰ ফোন অফ আছে। বৰ্তমানলৈ গ্ৰেপ্তাৰ হোৱা নাই ডাউদ। আৰক্ষীয়ে লাভ জিহাদৰ দিশটোও তদন্তৰ আওতাত আনিব পাৰে।

Latest News