২৫০ বছৰ পুৰণি মন্দিৰ বেদখল মুছলমান পৰিয়ালৰ, শীঘ্ৰেই ঠাই খালী কৰাৰ নিৰ্দেশ

২৫০ বছৰ পুৰণি মন্দিৰ দখল এটা মুছলমান পৰিয়ালৰ। স্থানীয়লোকৰ অভিযোগৰ পাছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু তেওঁলোকক ঠাই খালী কৰাৰ নিৰ্দেশ দিয়ে। ইয়াৰ বাবে প্ৰশাসনে তেওঁলোকক ১ সপ্তাহৰ সময় বান্ধি দিয়ে।

২৫০ বছৰ পুৰণি মন্দিৰ বেদখল মুছলমান পৰিয়ালৰ, শীঘ্ৰেই ঠাই খালী কৰাৰ নিৰ্দেশ

২৫০ বছৰ পুৰণি

Published: 

19 Dec 2024 15:59 PM

বছৰ বছৰ ধৰি ২৫০ বছৰীয়া পুৰণি মন্দিৰ বেদখল এটা মুছলমান পৰিয়ালৰ। এই মন্দিৰটো গংগা মহাৰাণীৰ বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পাছতেই আৰক্ষী ঘটনাৰ স্থানত উপস্থিত হৈ মুছলমান পৰিয়ালটোক ঠাইখিনি খালী কৰি দিবলৈ নিৰ্দেশ দিয়ে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বৰেলীত। জানিব পৰা মতে বৰেলীৰ কিলা থানাৰ অন্তৰ্গত বাকৰগঞ্জত থকা এটা পুৰমি মন্দিৰ এটা মন্দিৰ মুছলমান পৰিয়ালে অধিগ্ৰহণ কৰি আহিছিল।

উল্লেখ কৰা প্ৰয়োজন যে, হিন্দু পক্ষৰ অভিযোগৰ পাছতেই আৰক্ষী উক্ত স্থানত উপস্থিত হৈ নথি পত্ৰ পৰীক্ষা কৰে। সেই ঠাইখিনিত ৱাহিদ আলী আৰু তেওঁৰ পৰিয়ালে বাস কৰি আছিল। কিন্তু সেই মাটিখিনি তেওঁলোকৰ বুলি কোনো প্ৰমাণ দাখিল কৰিব নোৱাৰিলে। যাৰ বাবে প্ৰশাসনে তেওঁলোকক এসপ্তাহৰ ভিতৰত ঠাই খালী কৰাৰ নিৰ্দেশ জাৰি কৰে।

আনহাতে ৱাহিদ আলীয়ে কয় যে এই ঠাইখিনি ডলী ৰঘুবৰ দয়াল কমিটীৰ চকীদাৰৰ আৰু এই কমিটীৰ চকিদাৰ তেওঁ। যাৰ বাবে   তেওঁ আৰু তেওঁৰ পৰিয়াল ইয়াত বাস কৰি আছে। কিন্তু সমবায় সচিব বিকাশ কুমাৰে ৱাহিদৰ দাবী খণ্ডন কৰি কয় যে ইয়াত কোনো কাৰ্যালয়ে নাছিল তেন্তে চকীদাৰ ক’ৰ পৰা আহিব। তেওঁ স্পষ্টকৈ কৈ দিয়ে যে যদি ৱাহিদ আৰু তেওঁৰ পৰিয়ালে গংগা মহাৰাণীৰ স্থান খালী নকৰে তেন্তে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

প্ৰশাসনে কৰা তদন্তৰ সময়তো সেই স্থানত মন্দিৰ আছিল বুলি জানিব পৰা গৈছে। ইয়াৰ পাছতে জিলা প্ৰশাসনৰ দলটোৱে মন্দিৰৰ ঠাইত বাস কৰি থকাসকলক শীঘ্ৰেই আঁতৰ কৰা হ’ব বুলি জানিবলৈ দিয়ে। সমবায়ৰ সচিব বিকাশে কয় যে,এই ঠাইত এখন সমিতিয়ে দুটা কোঠা ভাড়ালৈ লৈছিল। ২০২২ চনত চৰকাৰী বিল্ডিং নিৰ্মাণৰ অৰ্থে এই ঠাই খালী কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছিল। সেই সময়ত ৱাহিদ আলীকো ঘৰ খালী কৰিবলৈ নিৰ্দেশ জাৰি কৰি হৈছিল কিন্তু তেওঁ ঠাই এৰা নাছিল। গতিকে এই ঠাই খালী নকৰিলে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ’ব। স্থানীয়লোকে জনোৱা মতে এই ঠাইত গংগা মহাৰাণীৰ মন্দিৰ আছিল। ১৯৫০ চনতে ২৫০ বছৰীয়া এই মন্দিৰটোত পূজা কৰা বন্ধ কৰা হৈছিল।

শীতকালত চুলি ধোৱাৰ সময়ত মনত ৰাখিব এইবোৰ কথা...
শীতকালত ছালত ঘিউ লগালে কি হয়? জানক উপকাৰিতা...
ঘৰত কিয় বগা ঘোঁৰাৰ ফটো লগাব লাগে জানেনে?
শীতকালত আপোনাৰো আঙুলি ফুলে নেকি? ইয়াৰ কাৰণ আৰু ঘৰুৱা প্ৰতিকাৰ সম্পৰ্কে জানক...