5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Manipur : মণিপুৰৰ জিৰিবামত সন্দেহযুক্ত তিনিটা মৃতদেহ উদ্ধাৰ ! মৰণোত্তৰ পৰীক্ষাৰ বাবে কিয় অনা হ’ল শিলচৰ মেডিকেল কলেজলৈ…?

জিৰি নদী আৰু বৰাক নদীৰ সংগমস্থলীৰ সমীপত তিনিটা মৃতদেহ উদ্ধাৰ কৰা হৈছে । খবৰ লাভ কৰা সময়লৈকে এই মৃতদেহ কেইটা মণিপুৰৰ জিৰিবাম জিলাৰ পৰা নিৰুদ্দেশ হোৱা ছয়জন লোকৰ মাজৰে তিনিজন বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।

Manipur : মণিপুৰৰ জিৰিবামত সন্দেহযুক্ত তিনিটা মৃতদেহ উদ্ধাৰ ! মৰণোত্তৰ পৰীক্ষাৰ বাবে কিয় অনা হ’ল শিলচৰ মেডিকেল কলেজলৈ…?
প্ৰতিনিধিত্বমূলক ফটো
manas-borah
Manas Borah | Updated On: 16 Nov 2024 12:49 PM

মণিপুৰ-অসম সীমান্তৰ জিৰি নদী আৰু বৰাক নদীৰ সংগমস্থলীৰ সমীপত তিনিটা মৃতদেহ উদ্ধাৰ কৰা হৈছে । খবৰ লাভ কৰা সময়লৈকে এই মৃতদেহ কেইটা মণিপুৰৰ জিৰিবাম জিলাৰ পৰা নিৰুদ্দেশ হোৱা ছয়জন লোকৰ মাজৰে তিনিজন বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । সূত্ৰই সদৰী কৰা মতে, শুকুৰবাৰে নিশা জিৰিবাম জিলাৰ বড়োবেক্ৰাৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ দূৰত্বত এগৰাকী মহিলা আৰু দুটি শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ।

উল্লেখ্য যে, যোৱা সোমবাৰে জিৰিবাম জিলাত সংঘটিত সন্দেহযুক্ত উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ গুলীচালনাৰ ঘটনাৰ পাছতে ছয়জন লোক নিৰুদ্দেশ হোৱাৰ খবৰ লাভ কৰা গৈছিল । শেহতীয়াকৈ উদ্ধাৰ হোৱা এই মৃতদেহ কেইটা নিৰুদ্দেশ হোৱা লোক কেইজনৰ মাজৰে বুলি সন্দেহ কৰা হৈছে । শুকুবাৰে নিশা উদ্ধাৰ হোৱাৰ অচিনাক্ত মৃতদেহকেইটা অসমৰ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় । বৰ্তমান শিলচৰ মেডিকেল কলেজৰ মৰ্গত মৃতদেহ কেইটা ৰখা হৈছে বুলি জানিব পৰা গৈছে ।

বৰ্তমানলৈকে মৃতদেহ কেইটা চিনাক্ত কৰা হোৱা নাই যদিও চিনাক্তকৰণৰ বাবে প্ৰচেষ্টা অব্যাহত আছে বুলি জানিবলৈ পৰা গৈছে । ইফালে ইম্ফল উপত্যকাত এই তিনিটা মৃতদেহ উদ্ধাৰৰ খবৰ বিয়পি পৰাৰ লগে লগে পাঁচখন জিলাতে উত্তেজনা বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে । লগতে শনিবাৰে ৰাজ্যিক কৰ্তৃপক্ষই বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা কৰে বুলিও খবৰ লাভ কৰা গৈছে।

জানিব পৰা মতে, মণিপুৰৰ জিৰিবাম জিলাৰ জিৰি নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা তিনিটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে অসমৰ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয়। শুকুৰবাৰে নিশা এগৰাকী মহিলা আৰু দুটা শিশুৰ অচিনাক্ত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়খনৰ মৰ্গত ৰখা হয়।

বিষয়াসকলে উল্লেখ কৰিছে যে, মৃতদেহ কেইটা নিৰুদ্দেশ হোৱা ৬ জন লোকৰ মাজৰে বুলি এতিয়াও নিশ্চিত হোৱা নাই। ইম্ফলৰ জিৰিবামত উদ্ধাৰ হোৱা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে আন্তঃগাঁথনিগত সা-সুবিধাৰ বাবে এছ এম চি এইচলৈ অনা হয় বুলি সূত্ৰটোৱে জানিবলৈ দিছে । উল্লেখ্য যে, শেহতীয়াকৈ অসমৰ কাছাৰ জিলাৰ সীমান্তৱৰ্তী মণিপুৰৰ জিৰিবাম জিলাত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ পিছতে কাছাৰ জিলাত সতৰ্কতা জাৰি কৰা হৈছে আৰু দুৰ্গম সীমান্ত অঞ্চলত ২৪ ঘণ্টাই নিৰাপত্তাৰক্ষীয়ে তহল দি আছে বুলি জানিব পৰা গৈছে ।

Latest News